--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী স্বাৰা ভাস্কৰে কাকো নোকোৱাকৈয়ে গোপনে বিয়া পাতিলে। ৬ জানুৱাৰীত স্বৰাই এই বিশেষ আইনৰ অধীনত আদালতত বিবাহ পঞ্জীয়ন কৰে, আৰু ১৬ ফেব্ৰুৱাৰীত স্বৰাই আইনী বিবাহ সম্পূৰ্ণ কৰে। পাত্ৰ সমাজবাদী পাৰ্টিৰ যুৱ নেতা ফাহাদ আহমেদ। এই বিবাহৰ খবৰ ছচিয়েল মিডিয়াত চৰ্চালৈ আহিল। নেটিজেনৰ এটা অংশ হিচাপে স্বাৰাক অভিনন্দন জনায়। একেদৰে স্বাৰাক উপহাস কৰিবলৈও কিছুমানে এৰি নিদিলে। ফহাদৰ সৈতে বিয়াৰ ছবি দেখি স্বাৰাকো ট্ৰ’ল কৰা হৈছে। বহুতে কয়, ভাইটিৰ পৰা স্বামীলৈ মাত্ৰ দুসপ্তাহ! এয়া কেনেকৈ সম্ভৱ?

আচল কথাটো হ'ল অলপ দিনৰ আগতে স্বাৰাৰ স্বামী ফাহাদৰ জন্মদিন আছিল। আৰু সেইদিনা টুইটাৰত ফাহাদক অভিনন্দন জনোৱাৰ সময়তে স্বাৰাই তেওঁক ভাতৃ বুলি সম্বোধন কৰিছিল। স্বাৰাই লিখিছে, ‘জন্মদিনৰ শুভেচ্ছা থাকিল ফাহাদ। ভাইৰ আত্মবিশ্বাস অক্ষুণ্ণ হৈ থকাটো কামনা কৰিলোঁ। সুখী হওক, থিতাপি লওক, বয়স বাঢ়িছে, এইবাৰ বিয়া কৰাওক। Have a great year’।

এতিয়া স্বৰাৰ পুৰণি টুইটটোক লৈ নেটিজেনে ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছে।বহুতে কয়, ভাইটিৰ পৰা স্বামীলৈ মাত্ৰ দুসপ্তাহ! এয়া কেনেকৈ সম্ভৱ?


কালি স্বাৰাই নিজৰ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘বহু সময়ত আমি দূৰৈৰ কিবা এটা পোৱাৰ আশাত থাকো বা বিচাৰি উলিয়াব বিচাৰো। কিন্তু বহু সময়ত জীৱনৰ বিচৰাখিনি কাষতে থাকে।আমি প্ৰেম বিচাৰি আছিলো, কিন্তু প্ৰথমে বন্ধুত্ব বিচাৰি পালোঁ আৰু তাৰ পিছত ইজনে সিজনক বিচাৰি পালোঁ। মোৰ হৃদয়লৈ স্বাগতম ফাহাদ আহমেদ।'







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক