--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ ‘বড়ে মিয়া ছোটে মিয়া’ শ্বুটিং ফ্ল’ৰত নাহৰফুটুকীৰ আক্ৰমণ। সূত্ৰ অনুসৰি শ্বুটিং শেষ হোৱাৰ পাছতে বন্ধুক হোটেললৈ লৈ যোৱাৰ সময়ত মেকআপ আৰ্টিষ্টজনক আক্ৰমণ কৰে নাহৰফুটুকীয়ে। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়ৰ বিচনাত পৰি থকা আহত মেক-আপ আৰ্টিষ্ট শ্ৰৱণ বিশ্বকৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে মই মোৰ এজন বন্ধুক হোটেলত বাইকেৰে থৈ আহিছিলো। হঠাতে নাহৰফুটুকী এটাই তেওঁৰ ওপৰত আক্ৰমণ কৰিলে। বাইকৰ পৰা পৰি অজ্ঞান হৈ পৰিলোঁ। পাছত যেতিয়া তেওঁ চেতনা ঘূৰাই পাইছিল, তেতিয়া তেওঁ চিকিৎসালয়ৰ বিচনাত আছিল। খবৰ অনুসৰি তেওঁক কেইবাদিনো চিকিৎসালয়ত ৰখা হ’ব।

১৯৯৮ চনত বড়ে মিয়া ছোটে মিয়া মুক্তি লাভ কৰে। ডেভিদ ধাৱানৰ পৰিচালিত ছবিখনত অমিতাভ বচ্চন আৰু গোবিন্দই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰবিনা টণ্ডন আৰু ৰম্য কৃষ্ণন আছিল নায়িকা। নব্বৈৰ দশকৰ সেই ছবিখন আছিল এখন আউট এণ্ড আউট কমেডী।

তথ্য অনুসৰি এই নতুন ছবিখন পুৰণি ছবিখনৰ পুনৰ্নিৰ্মাণ একেবাৰেই নহয়। কেৱল ডেভিদ ধাৱানৰ এখন পুৰণি ছবিৰ পৰা নামটোহে লোৱা হৈছে। কাহিনীটো সম্পূৰ্ণ নতুন হ’ব। শুনা যায় যে যিহেতু ছবিখনত টাইগাৰ আৰু অক্ষয় যুটি দেখা যাব, গতিকে পৰিচালক আব্বাছে ছবিখনত একচনক অধিক গুৰুত্ব দিব। অহা বছৰৰ আৰম্ভণিতে এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব পাৰে। অৱশ্যে অক্ষয় আৰু টাইগাৰৰ বাহিৰে আন কোনে অভিনয় কৰিব সেই কথা সদৰি কৰিব বিচৰা নাই পৰিচালকে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক