--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ ‘বড়ে মিয়া ছোটে মিয়া’ শ্বুটিং ফ্ল’ৰত নাহৰফুটুকীৰ আক্ৰমণ। সূত্ৰ অনুসৰি শ্বুটিং শেষ হোৱাৰ পাছতে বন্ধুক হোটেললৈ লৈ যোৱাৰ সময়ত মেকআপ আৰ্টিষ্টজনক আক্ৰমণ কৰে নাহৰফুটুকীয়ে। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়ৰ বিচনাত পৰি থকা আহত মেক-আপ আৰ্টিষ্ট শ্ৰৱণ বিশ্বকৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে মই মোৰ এজন বন্ধুক হোটেলত বাইকেৰে থৈ আহিছিলো। হঠাতে নাহৰফুটুকী এটাই তেওঁৰ ওপৰত আক্ৰমণ কৰিলে। বাইকৰ পৰা পৰি অজ্ঞান হৈ পৰিলোঁ। পাছত যেতিয়া তেওঁ চেতনা ঘূৰাই পাইছিল, তেতিয়া তেওঁ চিকিৎসালয়ৰ বিচনাত আছিল। খবৰ অনুসৰি তেওঁক কেইবাদিনো চিকিৎসালয়ত ৰখা হ’ব।

১৯৯৮ চনত বড়ে মিয়া ছোটে মিয়া মুক্তি লাভ কৰে। ডেভিদ ধাৱানৰ পৰিচালিত ছবিখনত অমিতাভ বচ্চন আৰু গোবিন্দই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰবিনা টণ্ডন আৰু ৰম্য কৃষ্ণন আছিল নায়িকা। নব্বৈৰ দশকৰ সেই ছবিখন আছিল এখন আউট এণ্ড আউট কমেডী।

তথ্য অনুসৰি এই নতুন ছবিখন পুৰণি ছবিখনৰ পুনৰ্নিৰ্মাণ একেবাৰেই নহয়। কেৱল ডেভিদ ধাৱানৰ এখন পুৰণি ছবিৰ পৰা নামটোহে লোৱা হৈছে। কাহিনীটো সম্পূৰ্ণ নতুন হ’ব। শুনা যায় যে যিহেতু ছবিখনত টাইগাৰ আৰু অক্ষয় যুটি দেখা যাব, গতিকে পৰিচালক আব্বাছে ছবিখনত একচনক অধিক গুৰুত্ব দিব। অহা বছৰৰ আৰম্ভণিতে এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব পাৰে। অৱশ্যে অক্ষয় আৰু টাইগাৰৰ বাহিৰে আন কোনে অভিনয় কৰিব সেই কথা সদৰি কৰিব বিচৰা নাই পৰিচালকে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু