--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটা ছাগলীয়ে লগাইছে খেলিমেলি৷ ছাগলী দুটা অপৰাধী! থানাত হাহাকাৰ আৰক্ষীৰ৷ তদন্ত কৰিব লাগিব ছাগলীৰ বিৰুদ্ধে৷ কি যে অদ্ভুত ঘটনা ঘটে এই দেশত! ছাগলীৰ অপৰাধক লৈ বিমোৰত আৰক্ষী৷ ঘটনাটো উত্তৰ প্ৰদেশৰ৷

কানপুৰত ঘটিছে এটা আমোদজনক অথচ এজন কৃষকৰ বাবে অত্যন্ত চিন্তনীয় এটা ঘটনা৷ এজন কৃষকে দুটা ছাগলীৰ বিৰুদ্ধে অভিযোগ লৈ গৈছিল আৰক্ষী চকীলৈ। ছাগলীবোৰ দেখি আৰক্ষী জোৱানসকলো পৰিল বিপাঙত৷ কৃষকজনে কৈছিল যে ছাৰ, এই ছাগলী দুটাই মোৰ সূৰ্যমুখী ফুলৰ শস্য খাইছে। যাৰ ফলত মই বিশ হাজাৰ টকাৰ লোকচানৰ সন্মুখীন হৈছোঁ। মোক ন্যায় দিয়ক। 

এই ঘটনাটো কানপুৰৰ গৌৰীকাৰা গাঁৱৰ, য’ত ছাগলীৰ এটা জাকে তাত বাস কৰা এজন কৃষকৰ বেলিফুলৰ খেতিত প্ৰৱেশ কৰিছিল। আৰু তেওঁৰ শস্যডৰাৰ যথেষ্ট ক্ষতি কৰিছিল। খেতিয়কজনৰ ছাগলীবোৰ দেখি খং উঠিছিল আৰু ছাগলীবোৰ ধৰিছিল আৰু এখন অটোত উঠাই পাঁচ কিলোমিটাৰ দূৰৈত থকা সাধ আৰক্ষী চকীলৈ লৈ গৈছিল।

আৰক্ষী চকীত বান্ধি থোৱা হ’ল ছাগলী-

কৃষকজনে ২০,০০০ টকাতকৈ অধিক লোকচানৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি ছাগলী দুটাক আৰক্ষী থানাতে বান্ধি দিছিল আৰু আৰক্ষীক ন্যায় দিবলৈ অনুৰোধ জনাইছিল৷ কৃষকজনৰ কথা শুনি পুলিচো বিভ্ৰান্ত হৈ পৰিছিল৷ 

উপায়ন্তৰ আৰক্ষীয়ে ছাগলীবোৰৰ গৰাকীক ফোন কৰি নিৰ্দেশনা দিছিল আৰু তাৰ পাছত বিষয়টোক সমাধানৰ চেষ্টা চলাইছিল৷ ইয়াৰ পাছত ছাগলীকেইটা গৰাকীক হস্তান্তৰ কৰা হৈছিল।  

কৃষকজনে অভিযোগ কৰিছিল - দৰাচলতে, কৃষকসকলে ৰিন্দ নদীৰ পাৰত অৱস্থিত গৌৰীকাকাৰা গাঁৱত বৃহৎ পৰিসৰত বেলিফুলৰ খেতি কৰি আহিছে। গাঁওখনৰ বাসিন্দা শৈলেন্দ্ৰ নিশাদে কৈছিল যে তেৱোঁ তেওঁৰ পথাৰত এই বীজ ৰোপণ কৰিছিল। যেতিয়া শস্য সাজু হৈছিল আৰু ফুল ওলাবলৈ আৰম্ভ কৰিছিল ছাগলীবোৰে তেওঁৰ শস্য নষ্ট কৰিছিল। শৈলেন্দ্ৰই কৈছিল যে গাঁওখনৰ বহুলোকে সেই পথাৰখনত তেওঁলোকৰ ছাগলীবোৰ এৰি যায় আৰু পাছত ছাগলীয়ে শস্য ধ্বংস কৰে। মই ছাগলীবোৰৰ মালিকৰ ওচৰত বহুবাৰ অভিযোগ কৰিছোঁ৷ কিন্তু এই লোকসকলে কথাটো বিশ্বাস নকৰে। 

একেসময়তে, আৰক্ষী থানাৰ এছএছআই প্ৰমোদ কুমাৰে কয় যে ঘটনাটোৰ পাছত ছাগলীবোৰৰ গৰাকীক নিৰ্দেশ দিয়া হৈছে আৰু ছাগলীবোৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ