--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটা ছাগলীয়ে লগাইছে খেলিমেলি৷ ছাগলী দুটা অপৰাধী! থানাত হাহাকাৰ আৰক্ষীৰ৷ তদন্ত কৰিব লাগিব ছাগলীৰ বিৰুদ্ধে৷ কি যে অদ্ভুত ঘটনা ঘটে এই দেশত! ছাগলীৰ অপৰাধক লৈ বিমোৰত আৰক্ষী৷ ঘটনাটো উত্তৰ প্ৰদেশৰ৷

কানপুৰত ঘটিছে এটা আমোদজনক অথচ এজন কৃষকৰ বাবে অত্যন্ত চিন্তনীয় এটা ঘটনা৷ এজন কৃষকে দুটা ছাগলীৰ বিৰুদ্ধে অভিযোগ লৈ গৈছিল আৰক্ষী চকীলৈ। ছাগলীবোৰ দেখি আৰক্ষী জোৱানসকলো পৰিল বিপাঙত৷ কৃষকজনে কৈছিল যে ছাৰ, এই ছাগলী দুটাই মোৰ সূৰ্যমুখী ফুলৰ শস্য খাইছে। যাৰ ফলত মই বিশ হাজাৰ টকাৰ লোকচানৰ সন্মুখীন হৈছোঁ। মোক ন্যায় দিয়ক। 

এই ঘটনাটো কানপুৰৰ গৌৰীকাৰা গাঁৱৰ, য’ত ছাগলীৰ এটা জাকে তাত বাস কৰা এজন কৃষকৰ বেলিফুলৰ খেতিত প্ৰৱেশ কৰিছিল। আৰু তেওঁৰ শস্যডৰাৰ যথেষ্ট ক্ষতি কৰিছিল। খেতিয়কজনৰ ছাগলীবোৰ দেখি খং উঠিছিল আৰু ছাগলীবোৰ ধৰিছিল আৰু এখন অটোত উঠাই পাঁচ কিলোমিটাৰ দূৰৈত থকা সাধ আৰক্ষী চকীলৈ লৈ গৈছিল।

আৰক্ষী চকীত বান্ধি থোৱা হ’ল ছাগলী-

কৃষকজনে ২০,০০০ টকাতকৈ অধিক লোকচানৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি ছাগলী দুটাক আৰক্ষী থানাতে বান্ধি দিছিল আৰু আৰক্ষীক ন্যায় দিবলৈ অনুৰোধ জনাইছিল৷ কৃষকজনৰ কথা শুনি পুলিচো বিভ্ৰান্ত হৈ পৰিছিল৷ 

উপায়ন্তৰ আৰক্ষীয়ে ছাগলীবোৰৰ গৰাকীক ফোন কৰি নিৰ্দেশনা দিছিল আৰু তাৰ পাছত বিষয়টোক সমাধানৰ চেষ্টা চলাইছিল৷ ইয়াৰ পাছত ছাগলীকেইটা গৰাকীক হস্তান্তৰ কৰা হৈছিল।  

কৃষকজনে অভিযোগ কৰিছিল - দৰাচলতে, কৃষকসকলে ৰিন্দ নদীৰ পাৰত অৱস্থিত গৌৰীকাকাৰা গাঁৱত বৃহৎ পৰিসৰত বেলিফুলৰ খেতি কৰি আহিছে। গাঁওখনৰ বাসিন্দা শৈলেন্দ্ৰ নিশাদে কৈছিল যে তেৱোঁ তেওঁৰ পথাৰত এই বীজ ৰোপণ কৰিছিল। যেতিয়া শস্য সাজু হৈছিল আৰু ফুল ওলাবলৈ আৰম্ভ কৰিছিল ছাগলীবোৰে তেওঁৰ শস্য নষ্ট কৰিছিল। শৈলেন্দ্ৰই কৈছিল যে গাঁওখনৰ বহুলোকে সেই পথাৰখনত তেওঁলোকৰ ছাগলীবোৰ এৰি যায় আৰু পাছত ছাগলীয়ে শস্য ধ্বংস কৰে। মই ছাগলীবোৰৰ মালিকৰ ওচৰত বহুবাৰ অভিযোগ কৰিছোঁ৷ কিন্তু এই লোকসকলে কথাটো বিশ্বাস নকৰে। 

একেসময়তে, আৰক্ষী থানাৰ এছএছআই প্ৰমোদ কুমাৰে কয় যে ঘটনাটোৰ পাছত ছাগলীবোৰৰ গৰাকীক নিৰ্দেশ দিয়া হৈছে আৰু ছাগলীবোৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত