--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খান আৰু ঐশ্বৰ্য ৰায় – এতিয়াও তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা চলে। ২০০২ চনতে তেওঁলোকৰ বিচ্ছেদ ঘটে। তাৰপাছৰে দুয়োকে একেলগে ক’তো দেখা পোৱা হোৱা নাছিল. কিন্তু এইবাৰ এক অভাৱনীয় ঘটনা ঘটিল। এটা ফ্ৰেমতে ছলমান খান আৰু ঐশ্বৰ্য ৰায় বচ্চনক দেখা গ’ল। ছবিখন নিমিষতে বিয়পি পৰিল।

এই মুহূৰ্তত মায়ানগৰী জিলিকি উঠিছে। নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন হৈছে। তাতেই আবিৰ্ভাৱ হ’ল সমগ্ৰ বলীউডৰ তাৰকা। শ্বাহৰুখ, ছলমানৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা, আলিয়া, ৰজনীকান্ত, হেমা মালিনী... নতুন প্ৰজন্মৰ পৰা পুৰণিলৈকে তাত সকলো আছিল।

কন্যা আৰাধ্যাৰ সৈতে উপস্থিত হয় ঐশ্বৰ্যও। গাঢ় সেউজীয়া চুৰিদাৰত মেচিং ড্ৰেছ পিন্ধি ঐশ্বৰ্যই ৰূপত জেউতি চৰালে। চিৰকুমাৰ ছলমানে সেউজীয়া চুট পিন্ধি তাত উপস্থিত হয়৷



অনুষ্ঠানটোৰ এখন ছবি ছ’চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈছে। তাত দেখা যায় যে শ্বাহৰুখ-ছলমানে নীতা আম্বানীৰ সৈতে ফটো তুলিছে। তেওঁৰ লগত আছে অভিনেতা টম হলাণ্ড আৰু তেওঁৰ প্ৰেমিকা।

সেই ছবিখনত নেটিজেনে ঐশ্বৰ্যক বিচাৰি পাইছে। ছলমানে ফটো তুলি থকা ঠাইৰ পৰা অলপ দূৰৈত এখন টেবুলৰ ওচৰত জীয়েক আৰাধ্যাৰ সৈতে থিয় হৈ আছে ঐশ্বৰ্য। এই ছবিখন দেখাৰ পিছত কোনোবাই মন্তব্য কৰিলে, "মই বিশ্বাস কৰিব পৰা নাই, এটা ফ্ৰেমতে ছলমান-ঐশ্বৰ্য!"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী