--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খান আৰু ঐশ্বৰ্য ৰায় – এতিয়াও তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা চলে। ২০০২ চনতে তেওঁলোকৰ বিচ্ছেদ ঘটে। তাৰপাছৰে দুয়োকে একেলগে ক’তো দেখা পোৱা হোৱা নাছিল. কিন্তু এইবাৰ এক অভাৱনীয় ঘটনা ঘটিল। এটা ফ্ৰেমতে ছলমান খান আৰু ঐশ্বৰ্য ৰায় বচ্চনক দেখা গ’ল। ছবিখন নিমিষতে বিয়পি পৰিল।

এই মুহূৰ্তত মায়ানগৰী জিলিকি উঠিছে। নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন হৈছে। তাতেই আবিৰ্ভাৱ হ’ল সমগ্ৰ বলীউডৰ তাৰকা। শ্বাহৰুখ, ছলমানৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা, আলিয়া, ৰজনীকান্ত, হেমা মালিনী... নতুন প্ৰজন্মৰ পৰা পুৰণিলৈকে তাত সকলো আছিল।

কন্যা আৰাধ্যাৰ সৈতে উপস্থিত হয় ঐশ্বৰ্যও। গাঢ় সেউজীয়া চুৰিদাৰত মেচিং ড্ৰেছ পিন্ধি ঐশ্বৰ্যই ৰূপত জেউতি চৰালে। চিৰকুমাৰ ছলমানে সেউজীয়া চুট পিন্ধি তাত উপস্থিত হয়৷



অনুষ্ঠানটোৰ এখন ছবি ছ’চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈছে। তাত দেখা যায় যে শ্বাহৰুখ-ছলমানে নীতা আম্বানীৰ সৈতে ফটো তুলিছে। তেওঁৰ লগত আছে অভিনেতা টম হলাণ্ড আৰু তেওঁৰ প্ৰেমিকা।

সেই ছবিখনত নেটিজেনে ঐশ্বৰ্যক বিচাৰি পাইছে। ছলমানে ফটো তুলি থকা ঠাইৰ পৰা অলপ দূৰৈত এখন টেবুলৰ ওচৰত জীয়েক আৰাধ্যাৰ সৈতে থিয় হৈ আছে ঐশ্বৰ্য। এই ছবিখন দেখাৰ পিছত কোনোবাই মন্তব্য কৰিলে, "মই বিশ্বাস কৰিব পৰা নাই, এটা ফ্ৰেমতে ছলমান-ঐশ্বৰ্য!"

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ