--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰায়ে নিজৰ ছ’চিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে। অনুৰাগীৰ সৈতে এইবোৰ শ্বেয়াৰ কৰি সুখ অনুভৱ কৰে অমিতাভ বচ্চনে। 

অমিতাভে কেৱল নিজৰ জীৱনৰ কথাই নহয়, দেশ আৰু পৃথিৱীৰ লগত জড়িত বহু কথাও কয়। শেহতীয়াকৈ অমিতাভে এনেকুৱা কিবা এটা শ্বেয়াৰ কৰিছে যিয়ে ছ’চিয়েল মিডিয়াত মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। এগৰাকী সাধু বাবাৰ এক অভিনৱ আৱিষ্কাৰে অমিতাভজীৰ চকু চমকাই তুলিছে। 

অমিতাভ বচ্চনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য'ত এজন বৃদ্ধ সাধু বাবাই নিজকে শীতল কৰি ৰাখিবলৈ মূৰত সৌৰশক্তি চালিত ফেন পিন্ধি থকা দেখা গৈছে। এই কথা দেখি অমিতাভ বচ্চনে আপ্লুত হৈ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। অমিতাভে টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত বৃদ্ধ ব্যক্তিজনে হেলমেট পিন্ধি আছে, তাৰ সন্মুখত আছে এখন ফেন আৰু পিছফালে আছে ছ’লাৰ পেনেল।

চাওঁক ভিডিঅ’




অমিতাভ বচ্চনে ইয়াৰ কেপচনত লিখিছে – “India the Mother of invention ..भारत माता की जय”। এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।  

আনহাতে কামৰ কথা ক’বলৈ গ’লে চিনে আইকনগৰাকীয়ে ঘোষণা কৰে তেওঁ পৰৱৰ্তী ছবি ‘ছেকচন ৮৪’ত ব্যস্ত হৈ আছে য’ত ডায়েনা পেণ্টীয়েও অভিনয় কৰিছে। প্ৰভাস আৰু দীপিকা পাডুকনৰ সৈতে অমিতাভ বচ্চনৰ ‘প্ৰজেক্ট কে’ৰ কামো চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী