--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ ছাত্ৰীৰ প্ৰেমত শিক্ষক পৰা আপুনি শুনিছে, কিন্তু ছাত্ৰীৰ প্ৰেমত শিক্ষয়িত্ৰী পৰা আপুনি শুনিছেনে? এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰত।

এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মীৰাই তেওঁৰ কল্পনা নামৰ ছাত্ৰীগৰাকীৰ প্ৰেমত পৰি বিবাহৰ প্ৰস্তাৱ দিয়ে। প্ৰেম ইমানেই গভীৰ হৈ যায় যে ছাত্ৰীক বিয়া কৰোৱাৰো প্ৰস্তাৱ দিয়ে শিক্ষয়িত্ৰীগৰাকীয়ে।

শিক্ষয়িত্ৰীগৰাকীৰ প্ৰস্তাৱত ছাত্ৰীগৰাকীৰো কোনো আপত্তি নাছিল। শেষত অনেক বাধা বিঘিনী কাটি কৰি এতিয়া তেওঁলোকে বিবাহৰ সম্পৰ্কত বান্ধোন খাইছে।

ইয়াৰ বাবে শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ লিংগও পৰিবৰ্তন কৰি লৈছে। নাৰীৰ পৰা পুৰুষ হোৱা শিক্ষয়িত্ৰীগৰাকীৰ এতিয়া নতুন নাম হৈছে- আৰভ। এটা সাক্ষাৎকাৰত ছাত্ৰীগৰাকীয়ে কয়- “আমি তেওঁক প্ৰথমৰে পৰা ভালপাইছিলো। এই লিংগ পৰিৱৰ্তন নকৰিলেও মই তেওঁক বিয়া কৰালোহেঁতেন!”

শিক্ষয়িত্ৰীগৰাকীয়ে লিংগ পৰিবৰ্তন কৰাৰ সিদ্ধান্ত ২০১৯ চনতে লৈছিল। অৱশেষত যোৱা ৪ নৱেম্বৰত তেওঁলোকৰ বিবাহ হৈ যায়।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...