--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গুটখা খাওক, মদ খাওক অথবা গাঞ্জাসেৱন কৰক, প্ৰয়োজন হ’লে আঠাও শুঙক, কিন্তু পানী বচোৱা! এগৰাকী বিজেপি সাংসদে পানী সংৰক্ষণৰ আজৱ উপায় দিলে এইদৰে।

মধ্যপ্ৰদেশৰ ৰেৱাত অনুষ্ঠিত পানী সংৰক্ষণ সংক্ৰান্তীয় এটা কৰ্মশালাত উপস্থিতি আছিল বিজেপি সাংসদ জনাৰ্দন মিশ্র। নিজৰ ভাষণত তেওঁ কয় যে মাটিৰ পৰা পানী শুকাই গৈছে আৰু এইবিষয়ে সকলোৱে সচেতন হোৱা প্ৰয়োজন।

নিজৰ ভাষণত পানী সংৰক্ষণৰ বিষয়ে ক’বলৈ গৈ তেওঁ কয় যে প্ৰয়োজন হ’লে গুটখা, মদ, গাঞ্জা সেৱন কৰক, কিন্তু দয়া কৰি সকলোৱে যাতে পানীৰ গুৰুত্ব বুজিবলৈ চেষ্টা কৰে!

সাংসদগৰাকীৰ এই আজৱ উপায় শেহতীয়াকৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যিখন মঞ্চত তেওঁ ভাষণ প্ৰদান কৰিছিল, তাৰ পাছফালেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো  এখন পোষ্টাৰ আঁৰি থোৱা আছিল।

 

উল্লেখ্য যে মধ্যপ্ৰদেশত পানী সংৰক্ষণক লৈ বিজেপি চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। এতিয়া সাংসদগৰাকীৰ পানী সংৰক্ষণক লৈ কৰা এই বক্তব্যই অশেষ আমোদ যোগান ধৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক