--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গুটখা খাওক, মদ খাওক অথবা গাঞ্জাসেৱন কৰক, প্ৰয়োজন হ’লে আঠাও শুঙক, কিন্তু পানী বচোৱা! এগৰাকী বিজেপি সাংসদে পানী সংৰক্ষণৰ আজৱ উপায় দিলে এইদৰে।

মধ্যপ্ৰদেশৰ ৰেৱাত অনুষ্ঠিত পানী সংৰক্ষণ সংক্ৰান্তীয় এটা কৰ্মশালাত উপস্থিতি আছিল বিজেপি সাংসদ জনাৰ্দন মিশ্র। নিজৰ ভাষণত তেওঁ কয় যে মাটিৰ পৰা পানী শুকাই গৈছে আৰু এইবিষয়ে সকলোৱে সচেতন হোৱা প্ৰয়োজন।

নিজৰ ভাষণত পানী সংৰক্ষণৰ বিষয়ে ক’বলৈ গৈ তেওঁ কয় যে প্ৰয়োজন হ’লে গুটখা, মদ, গাঞ্জা সেৱন কৰক, কিন্তু দয়া কৰি সকলোৱে যাতে পানীৰ গুৰুত্ব বুজিবলৈ চেষ্টা কৰে!

সাংসদগৰাকীৰ এই আজৱ উপায় শেহতীয়াকৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যিখন মঞ্চত তেওঁ ভাষণ প্ৰদান কৰিছিল, তাৰ পাছফালেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো  এখন পোষ্টাৰ আঁৰি থোৱা আছিল।

 

উল্লেখ্য যে মধ্যপ্ৰদেশত পানী সংৰক্ষণক লৈ বিজেপি চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। এতিয়া সাংসদগৰাকীৰ পানী সংৰক্ষণক লৈ কৰা এই বক্তব্যই অশেষ আমোদ যোগান ধৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু