--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৬ সংখ্যক ছিজন এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। লীগ পৰ্যায়ৰ আটাইকেইখন ৭০খন মেচেই খেলা হৈছে আৰু এতিয়া ২৩ মে’ৰ পৰা প্লে অফৰ মেচ আৰম্ভ হ’ব।

মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আই পি এল ২০২৩ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে। শীৰ্ষ ৪ স্থানত প্ৰৱেশৰ পৰা বঞ্চিত হয় আৰচিবি। যোৱা নিশা ২১ মে’ত গুজৰাটৰ বিৰুদ্ধে পৰাস্ত হৈ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে আৰ চি বিয়ে।জানো আহক লওক আৰ চি বিয়ে প্লে অফত কোৱালিফাইংৰ পৰা বঞ্চিত হোৱাৰ কাৰণসমূহ কি!

প্ৰথমেই ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে আই পি এল ২০২২ৰ পৰা শিক্ষা লোৱা নাছিল আৰু আই পি এল ২০২৩ৰ নিলামত ছয়-সাত নম্বৰৰ বাবে কোনো মেচ ফিনিছাৰ ক্ৰয় কৰা নাছিল। গুজৰাটৰ বিৰুদ্ধে পৰাজয়ৰ পিছত অধিনায়ক ফাফ ডু প্লেছিছে স্বীকাৰ কৰে যে দলটোৰ ছয়-সাত নম্বৰত বিস্ফোৰক খেলুৱৈৰ অনুপস্থিতিৰ বাবেই দলটোৰ এই অৱস্থা ঘটিছিল। যোৱা ছিজনত দীনেশ কাৰ্তিকে বহু মেচত এক সুন্দৰ ফিনিছিং কৰিছিল। এইবাৰো দলটো তেওঁৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও এইবাৰ কাৰ্তিকে যোৱা ছিজনৰ দৰে বেটিং কৰিব নোৱাৰিলে।

দ্বিতীয়তে আৰ চি বিৰ নিৰ্ভৰযোগ্য তিনি নম্বৰ বেটছমেন ৰজত পাটিদাৰ আৰম্ভণিতে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ বাবেই আৰম্ভণিতে ফাফ আৰু বিৰাটে বহু ৰান সংগ্ৰহ কৰাৰ পিছতো কোনো খেলুৱৈয়ে তিনি নম্বৰত বেটিং কৰিব নোৱাৰিলে। এই সময়ছোৱাত মহিপাল লমৰৰ, অনুজ ৰাৱট আৰু শ্বাহবাজ আহমেদৰ এই ছিকুৱেন্সত ট্ৰাই কৰা হৈছিল যদিও আটাইকেইজনেই ফ্লপ বুলি প্ৰমাণিত হয়। তাৰ পিছত আৰ চি বিৰ পৰিচালনা সমিতিয়ে গ্লেন মেক্সৱেলক তিনি নম্বৰত খুৱাই দিয়াৰ সিদ্ধান্ত লয়, যিটো শুদ্ধ বুলি প্ৰমাণিত হ’ল। কিন্তু ইয়াৰ ফলত মধ্যম শৃংখলাটো অতি দুৰ্বল হৈ পৰিল। অৰ্থাৎ দলটোৱে ৰজত পাটিদাৰৰ সঠিক প্ৰতিস্থাপক বিচাৰি উলিয়াব নোৱাৰিলে, যিটো তেওঁৰ ব্যৰ্থতাৰ এটা ডাঙৰ কাৰণ আছিল।

তৃতীয়তে,আই পি এল ২০২২ৰ নিলামৰ পূৰ্বে আৰ চি বিয়ে যুজবেন্দ্ৰ চাহালক মুকলি কৰি দিছিল। তেতিয়াৰ পৰা তেওঁৰ স্পিনাৰসকলে আন সফল দলৰ দৰে প্ৰদৰ্শন কৰিব নোৱাৰিলে। বানিন্দু হাছাৰাংগাৰ পৰা দলটোৱে বহু আশা কৰিছিল যদিও ভাৰতীয় খেলপথাৰত তেওঁক ফলপ্ৰসূ দেখা নাযায়। নিউজিলেণ্ডৰ স্পিন অল ৰাউণ্ডাৰ মাইকেল ব্ৰেচৱেলেও আচৰিত একো কৰিব নোৱাৰিলে। স্পষ্টভাৱে আৰ চি বিয়ে এজন অভিজ্ঞ ভাৰতীয় স্পিনাৰক হেৰুৱাইছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে