--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৬ সংখ্যক ছিজন এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। লীগ পৰ্যায়ৰ আটাইকেইখন ৭০খন মেচেই খেলা হৈছে আৰু এতিয়া ২৩ মে’ৰ পৰা প্লে অফৰ মেচ আৰম্ভ হ’ব।

মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আই পি এল ২০২৩ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে। শীৰ্ষ ৪ স্থানত প্ৰৱেশৰ পৰা বঞ্চিত হয় আৰচিবি। যোৱা নিশা ২১ মে’ত গুজৰাটৰ বিৰুদ্ধে পৰাস্ত হৈ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে আৰ চি বিয়ে।জানো আহক লওক আৰ চি বিয়ে প্লে অফত কোৱালিফাইংৰ পৰা বঞ্চিত হোৱাৰ কাৰণসমূহ কি!

প্ৰথমেই ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে আই পি এল ২০২২ৰ পৰা শিক্ষা লোৱা নাছিল আৰু আই পি এল ২০২৩ৰ নিলামত ছয়-সাত নম্বৰৰ বাবে কোনো মেচ ফিনিছাৰ ক্ৰয় কৰা নাছিল। গুজৰাটৰ বিৰুদ্ধে পৰাজয়ৰ পিছত অধিনায়ক ফাফ ডু প্লেছিছে স্বীকাৰ কৰে যে দলটোৰ ছয়-সাত নম্বৰত বিস্ফোৰক খেলুৱৈৰ অনুপস্থিতিৰ বাবেই দলটোৰ এই অৱস্থা ঘটিছিল। যোৱা ছিজনত দীনেশ কাৰ্তিকে বহু মেচত এক সুন্দৰ ফিনিছিং কৰিছিল। এইবাৰো দলটো তেওঁৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও এইবাৰ কাৰ্তিকে যোৱা ছিজনৰ দৰে বেটিং কৰিব নোৱাৰিলে।

দ্বিতীয়তে আৰ চি বিৰ নিৰ্ভৰযোগ্য তিনি নম্বৰ বেটছমেন ৰজত পাটিদাৰ আৰম্ভণিতে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ বাবেই আৰম্ভণিতে ফাফ আৰু বিৰাটে বহু ৰান সংগ্ৰহ কৰাৰ পিছতো কোনো খেলুৱৈয়ে তিনি নম্বৰত বেটিং কৰিব নোৱাৰিলে। এই সময়ছোৱাত মহিপাল লমৰৰ, অনুজ ৰাৱট আৰু শ্বাহবাজ আহমেদৰ এই ছিকুৱেন্সত ট্ৰাই কৰা হৈছিল যদিও আটাইকেইজনেই ফ্লপ বুলি প্ৰমাণিত হয়। তাৰ পিছত আৰ চি বিৰ পৰিচালনা সমিতিয়ে গ্লেন মেক্সৱেলক তিনি নম্বৰত খুৱাই দিয়াৰ সিদ্ধান্ত লয়, যিটো শুদ্ধ বুলি প্ৰমাণিত হ’ল। কিন্তু ইয়াৰ ফলত মধ্যম শৃংখলাটো অতি দুৰ্বল হৈ পৰিল। অৰ্থাৎ দলটোৱে ৰজত পাটিদাৰৰ সঠিক প্ৰতিস্থাপক বিচাৰি উলিয়াব নোৱাৰিলে, যিটো তেওঁৰ ব্যৰ্থতাৰ এটা ডাঙৰ কাৰণ আছিল।

তৃতীয়তে,আই পি এল ২০২২ৰ নিলামৰ পূৰ্বে আৰ চি বিয়ে যুজবেন্দ্ৰ চাহালক মুকলি কৰি দিছিল। তেতিয়াৰ পৰা তেওঁৰ স্পিনাৰসকলে আন সফল দলৰ দৰে প্ৰদৰ্শন কৰিব নোৱাৰিলে। বানিন্দু হাছাৰাংগাৰ পৰা দলটোৱে বহু আশা কৰিছিল যদিও ভাৰতীয় খেলপথাৰত তেওঁক ফলপ্ৰসূ দেখা নাযায়। নিউজিলেণ্ডৰ স্পিন অল ৰাউণ্ডাৰ মাইকেল ব্ৰেচৱেলেও আচৰিত একো কৰিব নোৱাৰিলে। স্পষ্টভাৱে আৰ চি বিয়ে এজন অভিজ্ঞ ভাৰতীয় স্পিনাৰক হেৰুৱাইছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু