--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখৰ ভিতৰত ফোঁহা ওলোৱাটো এটা সাধাৰণ সমস্যা। আমাৰ বহুতেই নিশ্চয় কোনোবা নহয় কোনোবা সময়ত ফোঁহাৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়। গাল, জিভা আৰু ওঁঠৰ ভিতৰত এই ফোহাবোৰ দেখা দিয়ে। যদিও মুখৰ আলচাৰ কোনো ডাঙৰ সমস্যা নহয়, কিন্তু যেতিয়াই হয় তেতিয়া খোৱা-বোৱাত বহুত অসুবিধা হয়, লগতে কথা ক’বলৈও অসুবিধা হয়। আনহাতে সময়মতে আলচাৰৰ চিকিৎসা নকৰিলে ই কেন্সাৰৰ কাৰণো হৈ উঠিব পাৰে। সেয়ে মুখত বহুদিনলৈ ফোঁহা ওলোৱাৰ সমস্যা থাকিলে তৎক্ষণাত চিকিৎসা কৰাব লাগে। একে সময়তে আলচাৰৰ সমস্যা দূৰ কৰিবলৈ ঘৰুৱা উপায়ৰ আশ্ৰয়ো ল’ব পাৰে। 

মুখৰ ভিতৰত ফোঁহা থাকিলে এই পদ্ধতিসমূহ মানি চলক-

নেমু আৰু মৌ পানীৰে গাৰ্গল কৰাঃ নেমু আৰু মৌ পানীৰে গাৰ্গল কৰি মুখৰ ঘাঁৰ সমস্যা দূৰ কৰিব পাৰি। এই পানী প্ৰস্তুত কৰিবলৈ এগিলাচ পানী গৰম কৰিব লাগে। এতিয়া তাত এটা নেমুৰ ৰস চেপি দিয়ক আৰু মৌ দিব। পানীখিনি ভালদৰে মিহলাই লোৱাৰ পিছত অলপ সময় থৈ দিব। যেতিয়া পানী মুখত দিবলৈ উপযুক্ত হৈ পৰিব তেতিয়া এই পানীৰে গাৰ্গল কৰক। এইদৰে কৰিলে আলচাৰৰ সমস্যাটো আঁতৰাব পাৰিব।

গ্লিচাৰিন আৰু হালধি গুড়িঃ মুখত ঘাঁ হোৱা সমস্যা কমোৱাত গ্লিচাৰিন আৰু হালধি গুড়ি ফলপ্ৰসূ। ইয়াৰ ফলত ফোঁহাত থকা জ্বলা-পোৰাৰ অনুভূতি কমি যায়। ইয়াক ব্যৱহাৰ কৰিবলৈ গ্লিচাৰিনত অলপ হালধি মিহলাই দিব লাগে। এতিয়া সেইখিনি ফোঁহাত লগাওক। প্ৰায় ২০ মিনিটৰ পিছত গৰম পানীৰে ধুই পেলাব লাগে, এনে কৰিলে আলচাৰৰ সমস্যা আঁতৰি যায়।

যদি আপোনাৰ এনেকুৱা সঘনাই হৈ থাকে তেন্তে তৎক্ষণাৎ চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজনীয়। কিন্তু প্ৰথমাৱস্থাত এনেদৰে আপুনি ঘৰুৱা উপায় প্ৰয়োগ কৰিলে উপশম পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ