--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখৰ ভিতৰত ফোঁহা ওলোৱাটো এটা সাধাৰণ সমস্যা। আমাৰ বহুতেই নিশ্চয় কোনোবা নহয় কোনোবা সময়ত ফোঁহাৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়। গাল, জিভা আৰু ওঁঠৰ ভিতৰত এই ফোহাবোৰ দেখা দিয়ে। যদিও মুখৰ আলচাৰ কোনো ডাঙৰ সমস্যা নহয়, কিন্তু যেতিয়াই হয় তেতিয়া খোৱা-বোৱাত বহুত অসুবিধা হয়, লগতে কথা ক’বলৈও অসুবিধা হয়। আনহাতে সময়মতে আলচাৰৰ চিকিৎসা নকৰিলে ই কেন্সাৰৰ কাৰণো হৈ উঠিব পাৰে। সেয়ে মুখত বহুদিনলৈ ফোঁহা ওলোৱাৰ সমস্যা থাকিলে তৎক্ষণাত চিকিৎসা কৰাব লাগে। একে সময়তে আলচাৰৰ সমস্যা দূৰ কৰিবলৈ ঘৰুৱা উপায়ৰ আশ্ৰয়ো ল’ব পাৰে। 

মুখৰ ভিতৰত ফোঁহা থাকিলে এই পদ্ধতিসমূহ মানি চলক-

নেমু আৰু মৌ পানীৰে গাৰ্গল কৰাঃ নেমু আৰু মৌ পানীৰে গাৰ্গল কৰি মুখৰ ঘাঁৰ সমস্যা দূৰ কৰিব পাৰি। এই পানী প্ৰস্তুত কৰিবলৈ এগিলাচ পানী গৰম কৰিব লাগে। এতিয়া তাত এটা নেমুৰ ৰস চেপি দিয়ক আৰু মৌ দিব। পানীখিনি ভালদৰে মিহলাই লোৱাৰ পিছত অলপ সময় থৈ দিব। যেতিয়া পানী মুখত দিবলৈ উপযুক্ত হৈ পৰিব তেতিয়া এই পানীৰে গাৰ্গল কৰক। এইদৰে কৰিলে আলচাৰৰ সমস্যাটো আঁতৰাব পাৰিব।

গ্লিচাৰিন আৰু হালধি গুড়িঃ মুখত ঘাঁ হোৱা সমস্যা কমোৱাত গ্লিচাৰিন আৰু হালধি গুড়ি ফলপ্ৰসূ। ইয়াৰ ফলত ফোঁহাত থকা জ্বলা-পোৰাৰ অনুভূতি কমি যায়। ইয়াক ব্যৱহাৰ কৰিবলৈ গ্লিচাৰিনত অলপ হালধি মিহলাই দিব লাগে। এতিয়া সেইখিনি ফোঁহাত লগাওক। প্ৰায় ২০ মিনিটৰ পিছত গৰম পানীৰে ধুই পেলাব লাগে, এনে কৰিলে আলচাৰৰ সমস্যা আঁতৰি যায়।

যদি আপোনাৰ এনেকুৱা সঘনাই হৈ থাকে তেন্তে তৎক্ষণাৎ চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজনীয়। কিন্তু প্ৰথমাৱস্থাত এনেদৰে আপুনি ঘৰুৱা উপায় প্ৰয়োগ কৰিলে উপশম পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক