--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ বিয়া! বলীউডত এতিয়া ছলমান খানৰ বিয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। বলীউডৰ এসময়ৰ জনপ্ৰিয় তাৰকা শত্ৰুঘ্ন সিনহাৰ দুহিতা সোণাক্ষী সিনহাৰে এইবাৰ বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে ভাইজান। জানিবলৈ পোৱা মতে, সোণাক্ষীৰ পিতৃয়েও হেনো ছলমানক বৰ মৰম কৰে। তেনেস্থলত দুয়োৰে মত মিলিলে বিয়াত কোনো বাধা নাই যেনেই লাগে। স্মৰ্তব্য যে, ভাইজানৰ বহু প্ৰাক্তন প্ৰেয়সী এতিয়া আনৰ জীৱনসংগী। সেইবাবে এইবাৰ ভাইজানে একৰ পৰা দুই হ’বলৈ মন মেলিছে বুলিও বলীউডত হৈছে চৰ্চা। ছলমানলৈ বাট চাওঁতে চাওঁতে সেই সোণালী সুদিন উভতি নাহিল কেটৰিনাৰ জীৱনলৈ। ৰৈ ৰৈ আমনি লগা ‘বলীউড কুইন’খ্যাত কেটৰিনা কাঈফে সেইবাবে বিগত ডিচেম্বৰ মাহত বিকি কৌশলেৰে বিবাহ পাশত আবদ্ধ হয়। কেটৰিনাৰ বিয়াত বিকিতকৈ দামী উপহাৰো দিছে ছলমানে। কেটৰিনা এতিয়া আনৰ জীৱনসংগী। তথাপি যেন কেটৰিনাৰ মায়া পাহৰিব পৰা নাই ভাইজানে। আজিও কেটৰিনাৰ প্ৰেমে হাতবাউলী মাতে ‘দবং খান’ক। ইফালে সমাগত ভেলেণ্টাইন ডে’। বিবাহৰ পাছত কেটৰিনা-বিকি কৌশলৰ এয়া প্ৰথমটো প্ৰেমৰ দিৱস। স্বাভাৱিকতে বিবাহিত কেটৰিনাই বিকিৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰিব বুলি ভাবি আছিল অনুৰাগীয়ে। কিন্তু আশ্চৰ্যজনকভাৱে, কেটৰিনা কাঈফে এই বিশেষ দিনটোত বিকিৰ সৈতে থাকিব নোৱাৰে। বিকিৰ পৰিৱৰ্তে কেটৰিনাই প্ৰাক্তন প্ৰেমিক ছলমান খানৰ সৈতেই থকাটো একপ্ৰকাৰ ঠিৰাং হৈ পৰিছে। শেহতীয়াকৈ, বলীউড হাঙ্গামাত প্ৰকাশ পাইছে এই প্ৰতিবেদন। জানিবলৈ পোৱা মতে, ছলমান খান আৰু কেটৰিনা কাঈফে বিগত মাহত 'টাইগাৰ ৩' ছবিখনৰ অন্তিম অনুসূচীৰ দৃশ্যগ্ৰহণ কৰিছিল। অৱশ্যে, ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে দৃশ্যগ্ৰহণৰ দিন পিছুৱাই দিয়া হয়। সেই অনুসূচীৰ দৃশ্যগ্ৰহণ ফেব্ৰুৱাৰীৰ মাজভাগত আৰম্ভ হোৱাৰ কথা। এই দৃশ্যগ্ৰহণ ১৫ দিন ধৰি চলিব। ১২ বা ১৩ ফেব্ৰুৱাৰীত দিল্লীলৈ উৰা মাৰিব ছলমান আৰু কেটৰিনা। ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব ১৪ ফেব্ৰুৱাৰীত। অনুৰাগীয়ে ভেলেণ্টাইন ডে’ বুলি কেটৰিনা-ছলমানে একেলগে থকাৰ কথা ভাবিলেও মূলত ই যে এক ভুল ধাৰণা সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। ছবিৰ শ্বুটিঙৰ বাবেহে দুয়ো একেলগে দিল্লীলৈ উৰা মাৰিব। বাকী থাকিল ভাইজানৰ বিয়া। ভাইজানৰ বিয়া কেতিয়া হয়, সেয়া সময়তহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু