--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ বিয়া! বলীউডত এতিয়া ছলমান খানৰ বিয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। বলীউডৰ এসময়ৰ জনপ্ৰিয় তাৰকা শত্ৰুঘ্ন সিনহাৰ দুহিতা সোণাক্ষী সিনহাৰে এইবাৰ বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে ভাইজান। জানিবলৈ পোৱা মতে, সোণাক্ষীৰ পিতৃয়েও হেনো ছলমানক বৰ মৰম কৰে। তেনেস্থলত দুয়োৰে মত মিলিলে বিয়াত কোনো বাধা নাই যেনেই লাগে। স্মৰ্তব্য যে, ভাইজানৰ বহু প্ৰাক্তন প্ৰেয়সী এতিয়া আনৰ জীৱনসংগী সেইবাবে এইবাৰ ভাইজানে একৰ পৰা দুই হ’বলৈ মন মেলিছে বুলিও বলীউডত হৈছে চৰ্চা। ছলমানলৈ বাট চাওঁতে চাওঁতে সেই সোণালী সুদিন উভতি নাহিল কেটৰিনাৰ জীৱনলৈ। ৰৈ ৰৈ আমনি লগা ‘বলীউড কুইন’খ্যাত কেটৰিনা কাঈফে সেইবাবে বিগত ডিচেম্বৰ মাহত বিকি কৌশলেৰে বিবাহ পাশত আবদ্ধ হয়। কেটৰিনাৰ বিয়াত বিকিতকৈ দামী উপহাৰো দিছে ছলমানে। কেটৰিনা এতিয়া আনৰ জীৱনসংগী। তথাপি যেন কেটৰিনাৰ মায়া পাহৰিব পৰা নাই ভাইজানে। আজিও কেটৰিনাৰ প্ৰেমে হাতবাউলী মাতে ‘দবং খান’ক। ইফালে সমাগত ভেলেণ্টাইন ডে’। বিবাহৰ পাছত কেটৰিনা-বিকি কৌশলৰ এয়া প্ৰথমটো প্ৰেমৰ দিৱস। স্বাভাৱিকতে বিবাহিত কেটৰিনাই বিকিৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰিব বুলি ভাবি আছিল অনুৰাগীয়ে। কিন্তু আশ্চৰ্যজনকভাৱে, কেটৰিনা কাঈফে এই বিশেষ দিনটোত বিকিৰ সৈতে থাকিব নোৱাৰে। বিকিৰ পৰিৱৰ্তে কেটৰিনাই প্ৰাক্তন প্ৰেমিক ছলমান খানৰ সৈতেই থকাটো একপ্ৰকাৰ ঠিৰাং হৈ পৰিছে। শেহতীয়াকৈ, বলীউড হাঙ্গামাত প্ৰকাশ পাইছে এই প্ৰতিবেদন। জানিবলৈ পোৱা মতে, ছলমান খান আৰু কেটৰিনা কাঈফে বিগত মাহত 'টাইগাৰ ৩' ছবিখনৰ অন্তিম অনুসূচীৰ দৃশ্যগ্ৰহণ কৰিছিল। অৱশ্যে, ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে দৃশ্যগ্ৰহণৰ দিন পিছুৱাই দিয়া হয়। সেই অনুসূচীৰ দৃশ্যগ্ৰহণ ফেব্ৰুৱাৰীৰ মাজভাগত আৰম্ভ হোৱাৰ কথা। এই দৃশ্যগ্ৰহণ ১৫ দিন ধৰি চলিব। ১২ বা ১৩ ফেব্ৰুৱাৰীত দিল্লীলৈ উৰা মাৰিব ছলমান আৰু কেটৰিনা। ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব ১৪ ফেব্ৰুৱাৰীত। অনুৰাগীয়ে ভেলেণ্টাইন ডে’ বুলি কেটৰিনা-ছলমানে একেলগে থকাৰ কথা ভাবিলেও মূলত ই যে এক ভুল ধাৰণা সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। ছবিৰ শ্বুটিঙৰ বাবেহে দুয়ো একেলগে দিল্লীলৈ উৰা মাৰিব। বাকী থাকিল ভাইজানৰ বিয়া। ভাইজানৰ বিয়া কেতিয়া হয়, সেয়া সময়তহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ