--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ দাক্ষিণাত্যৰ ছবি 'পুষ্পা-দ্য ৰাইজ'-এ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ছবিখনৰ সংলাপ এতিয়া মানুহৰ মুখে মুখে। ছবিখনৰ সংগীতেও বিমুগ্ধ কৰি তুলিছে চলচ্চিত্ৰপ্ৰেমীক। এই জনপ্ৰিয়তাৰ বাবেই কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ছবিখনৰ আৰ্হিকে অনুকৰণ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সোমবাৰে কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই এটা পোষ্ট কৰিছিল। ধেমালিতে কৰা পোষ্টটোৱে দিছে এক গুৰুত্বপূৰ্ণ বাৰ্তা। পোষ্টটোত ছবিখনৰ মূখ্য চৰিত্ৰ পুষ্পাক ফোন কৰি এইদৰে কোৱা হৈছে, ‘আপুনি ২০হাজাৰ টকাৰ লটাৰী জিকিছে, এতিয়া মোক আপোনাৰ অ’টিপি কওক।’ উত্তৰত পুষ্পাই কয়, ‘পুষ্পাৰ কথা কৈ মোক মূৰ্খ সজাব খুজিছে? এই মুহূৰ্ততে মই আপোনাৰ নম্বৰটো চাইবাৰ পিএছলৈ হোৱাটছএপ কৰি আছো।’ স্মৰ্তব্য যে, কলকাতা আৰক্ষীৰ ফেচবুক পেজৰ পৰা এইটো পোষ্ট কৰা হৈছিল। বেংক জালিয়াতি বা লটাৰী জালিয়াতিৰ দৰে হেছটেগো সংযোগ কৰি দিয়া হৈছে পোষ্টটোৰ সৈতে। ল’টাৰীৰ নামত ফোনযোগে কোনবাই অ’টিপি বিচাৰিলে কেতিয়াও প্ৰকাশ কৰিব যে নালাগে এই সতৰ্কবাণীয়েই সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে কলকাতাৰ চাইবাৰ অপৰাধ শাখাই। সুকুমাৰৰ দ্বাৰা পৰিচালিত ছবিখনে ব্যৱসায়ীক দিশতো গঢ়িছে অনন্য অভিলেখ। ছবিখনৰ সঁহাৰিত উৎসাহিত ছবি নিৰ্মাতা। তেওঁলোকে এই একচন থ্ৰিলাৰ ধাৰাত ছবিখনৰ ব’ক্স-অফিছত উপাৰ্জনৰ বিষয়ে বিস্তৃত বিৱৰণ তুলি ধৰিছে। মুক্তিৰ দিনটোৰ পৰাই পুষ্পা ছবিখনে খলকনি তোলা দেখা গৈছে। ৰজনীকান্তৰ দৰে তাৰকাকো অতিক্ৰম কৰিছে আল্লু অৰ্জুনে। ছবিখনৰ দ্বিতীয় খণ্ডৰ দৃশ্যগ্ৰহণৰ কামো অতি শীঘ্ৰে আৰম্ভ হোৱাৰ কথা। অভিনেতা আল্লু অৰ্জুনে ছবিখনৰ দ্বিতীয় খণ্ডটো আৰু অধিক আকৰ্ষণীয় হ’ব বুলি সদৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু