--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ দাক্ষিণাত্যৰ ছবি 'পুষ্পা-দ্য ৰাইজ'-এ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ছবিখনৰ সংলাপ এতিয়া মানুহৰ মুখে মুখে। ছবিখনৰ সংগীতেও বিমুগ্ধ কৰি তুলিছে চলচ্চিত্ৰপ্ৰেমীক। এই জনপ্ৰিয়তাৰ বাবেই কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ছবিখনৰ আৰ্হিকে অনুকৰণ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সোমবাৰে কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই এটা পোষ্ট কৰিছিল। ধেমালিতে কৰা পোষ্টটোৱে দিছে এক গুৰুত্বপূৰ্ণ বাৰ্তা। পোষ্টটোত ছবিখনৰ মূখ্য চৰিত্ৰ পুষ্পাক ফোন কৰি এইদৰে কোৱা হৈছে, ‘আপুনি ২০হাজাৰ টকাৰ লটাৰী জিকিছে, এতিয়া মোক আপোনাৰ অ’টিপি কওক।’ উত্তৰত পুষ্পাই কয়, ‘পুষ্পাৰ কথা কৈ মোক মূৰ্খ সজাব খুজিছে? এই মুহূৰ্ততে মই আপোনাৰ নম্বৰটো চাইবাৰ পিএছলৈ হোৱাটছএপ কৰি আছো।’ স্মৰ্তব্য যে, কলকাতা আৰক্ষীৰ ফেচবুক পেজৰ পৰা এইটো পোষ্ট কৰা হৈছিল। বেংক জালিয়াতি বা লটাৰী জালিয়াতিৰ দৰে হেছটেগো সংযোগ কৰি দিয়া হৈছে পোষ্টটোৰ সৈতে। ল’টাৰীৰ নামত ফোনযোগে কোনবাই অ’টিপি বিচাৰিলে কেতিয়াও প্ৰকাশ কৰিব যে নালাগে এই সতৰ্কবাণীয়েই সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে কলকাতাৰ চাইবাৰ অপৰাধ শাখাই। সুকুমাৰৰ দ্বাৰা পৰিচালিত ছবিখনে ব্যৱসায়ীক দিশতো গঢ়িছে অনন্য অভিলেখ। ছবিখনৰ সঁহাৰিত উৎসাহিত ছবি নিৰ্মাতা। তেওঁলোকে এই একচন থ্ৰিলাৰ ধাৰাত ছবিখনৰ ব’ক্স-অফিছত উপাৰ্জনৰ বিষয়ে বিস্তৃত বিৱৰণ তুলি ধৰিছে। মুক্তিৰ দিনটোৰ পৰাই পুষ্পা ছবিখনে খলকনি তোলা দেখা গৈছে। ৰজনীকান্তৰ দৰে তাৰকাকো অতিক্ৰম কৰিছে আল্লু অৰ্জুনে। ছবিখনৰ দ্বিতীয় খণ্ডৰ দৃশ্যগ্ৰহণৰ কামো অতি শীঘ্ৰে আৰম্ভ হোৱাৰ কথা। অভিনেতা আল্লু অৰ্জুনে ছবিখনৰ দ্বিতীয় খণ্ডটো আৰু অধিক আকৰ্ষণীয় হ’ব বুলি সদৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ