--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰেমৰ মোহাছন্নতাই আৱৰি ৰাখিছে অভিনেত্ৰী সুস্মিতা সেনক৷ মডেল ৰোহমান শ্বলৰ পৰা পৃথক হ'লেও কমা নাই দুয়োৰে দুয়োৰ প্ৰতি স্নেহ৷ প্ৰেম হওক বা বন্ধুত্ব আজিও প্ৰাক্তন প্ৰেমিক ৰোহমানে সুস্মিতাক কৰে আগৰ দৰেই আদৰ৷ দুয়োৰে পথ আজি পৃথক পৃথক তথাপিও প্ৰেমৰ হোৱা নাই মোহভংগ৷ ভিৰৰ মাজত থকা প্ৰাক্তন প্ৰেমিকা সুস্মিতাক সযতনে উলিয়াই আনিলে প্ৰাক্তন প্ৰেমিক ৰোহমানে৷ এই ঘটনাটিয়ে লাভ কৰিছে সৰ্বত্ৰে চৰ্চা৷ নাৰীৰ অধিকাৰ তথা নাৰী শক্তিক লৈ ছ'চিয়েল মিডিয়াত সক্ৰিয় 'আৰ্য'ৰ অভিনেত্ৰীগৰাকী৷ উল্লেখ্য যে, সুস্মিতা সেনে কিছুদিন আগতে ৰোহমান শ্বলৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল। সোমবাৰৰ নিশা সুস্মিতাক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত দেখা গৈছিল। পৃথকীকৰণৰ কথা ঘোষণা কৰাৰ সময়ত সুস্মিতাই কৈছিল যে সম্পৰ্কটো ভাঙি গ'লেও তেওঁলোক চিৰদিনৰ বাবে বন্ধু হৈ থাকিব। সুস্মিতা আৰু ৰোহমানৰ লগত সুস্মিতাৰ সৰু ছোৱালী আলিছাও আছিল। ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ সময়ত সুস্মিতাক তেওঁৰ অনুৰাগীসকলে আগুৰি ধৰিছিল। সুস্মিতাই অনুৰাগীসকলক মন ৰাখিবলৈ তেওঁলোকৰ সৈতে চেলফি তোলে আৰু প্ৰিয় অভিনেত্ৰীগৰাকীক কাষত পায় অনুৰাগীৰ ভিৰ বাঢ়ি গৈ থাকে। ভিৰৰ মাজত ৰোহমানে সুস্মিতাক অনুৰাগীৰ হেঁচা-ঠেলাৰ পৰা বচাবলৈ দুবাহুৰে পিছফালৰ পৰা সাবটি ধৰিছিল৷ ৰোহামানে অনুৰাগীৰ ভিৰৰ মাজেৰেই দুয়োখন হাতেৰে ধৰি গাড়ীত বহুৱাই দিয়ে সুস্মিতাক। সুস্মিতা সেন হৈছে এগৰাকী অকলশৰীয়া মাতৃ৷ সুস্মিতাই ২০০০ চনত ৰেনীক আৰু ২০১০ চনত আলিছাক তুলি লয়। এক সাক্ষাৎকাৰত সুস্মিতাই প্ৰকাশ কৰিছিল যে তেওঁ আৰু ৰোহমান ইনষ্টাগ্ৰামডিএমৰ জৰিয়তে লগ পাইছিল। দুয়োজনে ২০১৮ চনত ইজনে সিজনৰ ছ'চিয়েল মিডিয়াত দুয়োৰে সম্পৰ্কৰ বিষয়ে অৱগত কৰে। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক