--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰেমৰ মোহাছন্নতাই আৱৰি ৰাখিছে অভিনেত্ৰী সুস্মিতা সেনক৷ মডেল ৰোহমান শ্বলৰ পৰা পৃথক হ'লেও কমা নাই দুয়োৰে দুয়োৰ প্ৰতি স্নেহ৷ প্ৰেম হওক বা বন্ধুত্ব আজিও প্ৰাক্তন প্ৰেমিক ৰোহমানে সুস্মিতাক কৰে আগৰ দৰেই আদৰ৷ দুয়োৰে পথ আজি পৃথক পৃথক তথাপিও প্ৰেমৰ হোৱা নাই মোহভংগ৷ ভিৰৰ মাজত থকা প্ৰাক্তন প্ৰেমিকা সুস্মিতাক সযতনে উলিয়াই আনিলে প্ৰাক্তন প্ৰেমিক ৰোহমানে৷ এই ঘটনাটিয়ে লাভ কৰিছে সৰ্বত্ৰে চৰ্চা৷ নাৰীৰ অধিকাৰ তথা নাৰী শক্তিক লৈ ছ'চিয়েল মিডিয়াত সক্ৰিয় 'আৰ্য'ৰ অভিনেত্ৰীগৰাকী৷ উল্লেখ্য যে, সুস্মিতা সেনে কিছুদিন আগতে ৰোহমান শ্বলৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল। সোমবাৰৰ নিশা সুস্মিতাক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত দেখা গৈছিল। পৃথকীকৰণৰ কথা ঘোষণা কৰাৰ সময়ত সুস্মিতাই কৈছিল যে সম্পৰ্কটো ভাঙি গ'লেও তেওঁলোক চিৰদিনৰ বাবে বন্ধু হৈ থাকিব। সুস্মিতা আৰু ৰোহমানৰ লগত সুস্মিতাৰ সৰু ছোৱালী আলিছাও আছিল। ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ সময়ত সুস্মিতাক তেওঁৰ অনুৰাগীসকলে আগুৰি ধৰিছিল। সুস্মিতাই অনুৰাগীসকলক মন ৰাখিবলৈ তেওঁলোকৰ সৈতে চেলফি তোলে আৰু প্ৰিয় অভিনেত্ৰীগৰাকীক কাষত পায় অনুৰাগীৰ ভিৰ বাঢ়ি গৈ থাকে। ভিৰৰ মাজত ৰোহমানে সুস্মিতাক অনুৰাগীৰ হেঁচা-ঠেলাৰ পৰা বচাবলৈ দুবাহুৰে পিছফালৰ পৰা সাবটি ধৰিছিল৷ ৰোহামানে অনুৰাগীৰ ভিৰৰ মাজেৰেই দুয়োখন হাতেৰে ধৰি গাড়ীত বহুৱাই দিয়ে সুস্মিতাক। সুস্মিতা সেন হৈছে এগৰাকী অকলশৰীয়া মাতৃ৷ সুস্মিতাই ২০০০ চনত ৰেনীক আৰু ২০১০ চনত আলিছাক তুলি লয়। এক সাক্ষাৎকাৰত সুস্মিতাই প্ৰকাশ কৰিছিল যে তেওঁ আৰু ৰোহমান ইনষ্টাগ্ৰামডিএমৰ জৰিয়তে লগ পাইছিল। দুয়োজনে ২০১৮ চনত ইজনে সিজনৰ ছ'চিয়েল মিডিয়াত দুয়োৰে সম্পৰ্কৰ বিষয়ে অৱগত কৰে। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু