--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘কাশ্মীৰ ফাইলছ’ এই মুহূৰ্তত দেশৰ আটাইতকৈ চৰ্চিত চলচ্চিত্ৰ বিবেচিত হৈছে। দুসপ্তাহৰো কম সময়ৰ ভিতৰতে ছবিখনে প্ৰায় ১৮০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। দেশ-বিদেশৰ ৪০০০ স্ক্ৰীণত চলি আছে ছবিখনৰ প্ৰদৰ্শন। ছবিখনৰ বিষয়বস্তু এতিয়া কাৰো কাৰণে অজানা হৈ থকা নাই। তথাপি এবাৰ উনুকিয়াব খুজিছোঁ যে, দ্য কাশ্মীৰ ফাইলছত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত ১৯৯০ৰ দশকটোত হোৱা নিৰ্মম অত্যাচাৰ আৰু তেওঁলোকক গৃহভূমিৰ পৰা উচ্চেদিত কৰাৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে। সন্ত্ৰাসজৰ্জৰ তদানীন্তত কাশ্মীৰত কিদৰে ধৰ্মীয় সংখ্যালঘু পণ্ডিতসকল নিৰ্যাতনৰ বলি হৈছিল, তেওঁলোকৰ হত্যা হৈছিল আৰু তেওঁলোকক ঘৰ এৰি যাবলৈ বাধ্য কৰোঁৱা হৈছিল তাৰ এক প্ৰামাণিক ৰূপ ছবিখনত তুলি ধৰিবলৈ চেষ্টা কৰা বুলি কোৱা হৈছে। শেহতীয়াকৈ ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ছবিখন সম্পৰ্কে এটা নতুন কথা প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰে যে, বহুতে হয়তো নাজানে যে কিংবদন্তি শিল্পী লতা মংগেশকাৰে ছবিখনত গীত গাবলৈ সন্মত হৈছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ কয়, "কাশ্মীৰ ফাইলছত এটাও গান নাই। এইটো অতি দুৰ্ভাগ্যজনক। মই কাশ্মীৰৰ এজন লোক গায়কৰ সৈতে এটা গীত ৰেকৰ্ড কৰাইছিলোঁ। মই লতা মংগেশকাৰৰ হতুৱাই সেই গীতটো গোৱাবলৈ সিদ্ধান্ত লৈছিলোঁ। তাৎপৰ্যপূৰ্ণভাৱে, লতা মংগেশকাৰে তেওঁৰ জীৱনৰ শেষ সময়ছোৱাত চিনেমাত গীত গোৱা নাছিল। তাৰ পাছতো কাশ্মীৰ ফাইলছৰ পৰিচালগৰাকী কয় যে, তেওঁ লতা মংগেশকাৰক ছবিখনত বাবে গীত গাবলৈ অনুৰোধ কৰিছিল। সুৰ সম্ৰাজ্ঞীয়ে তেওঁৰ সেই অনুৰোধ ৰক্ষা কৰি কাশ্মীৰ ফাইলছত গীত গাবলৈ সন্মত হৈছিল। অগ্নিহোত্ৰীয়ে কয় যে, ‘কাশ্মীৰ লতা মংগেশকাৰৰ হৃদয়ৰ খুব ওচৰ চপা আছিল। পল্লৱী (যোশী)ৰ সৈতেও তেওঁৰ খুব ভাল সম্পৰ্ক আছিল। কৰ’না সংক্ৰমণ হ্ৰাস হোৱাৰ পাছত তেওঁ এই ছবিখনৰ বাবে গীতটো ৰেকৰ্ড কৰিবলৈ সন্মত হৈছিল। সেই সময়ত আমাক ৰেকৰ্ডিং ষ্টুডিঅ'লৈ যাবলৈ অনুমতি দিয়া হোৱা নাছিল। আমি তেওঁৰ গীতটো ৰেকৰ্ড কৰাৰ বাবে অপেক্ষা কৰি আছিলোঁ। কিন্তু তাৰ মাজতেই এই দু্ৰ্ভদগ্যজনক ঘটনাটো ঘটিল। আমাক সকলোকে নিঠৰুৱা কৰি তেওঁ সুৰৰ আকাশ উদং কৰি আঁতৰি গ’ল। মোৰ ছবিত তেওঁক গীত গোওৱাৰ হেঁপাহ পূৰণ কৰিব নোৱাৰিলোঁ। তেওঁৰ সৈতে কাম কৰাৰ আকাংক্ষাটো এটা সপোন হৈয়েই ৰৈ গ’ল। উল্লেখ্য যে, দেশৰ সংগীত জগতৰ এইগৰাকী কিংবদন্তীয়ে এই বছৰৰ ৬ ফেব্ৰুৱাৰীত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক