--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘কাশ্মীৰ ফাইলছ’ এই মুহূৰ্তত দেশৰ আটাইতকৈ চৰ্চিত চলচ্চিত্ৰ বিবেচিত হৈছে। দুসপ্তাহৰো কম সময়ৰ ভিতৰতে ছবিখনে প্ৰায় ১৮০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। দেশ-বিদেশৰ ৪০০০ স্ক্ৰীণত চলি আছে ছবিখনৰ প্ৰদৰ্শন। ছবিখনৰ বিষয়বস্তু এতিয়া কাৰো কাৰণে অজানা হৈ থকা নাই। তথাপি এবাৰ উনুকিয়াব খুজিছোঁ যে, দ্য কাশ্মীৰ ফাইলছত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত ১৯৯০ৰ দশকটোত হোৱা নিৰ্মম অত্যাচাৰ আৰু তেওঁলোকক গৃহভূমিৰ পৰা উচ্চেদিত কৰাৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে। সন্ত্ৰাসজৰ্জৰ তদানীন্তত কাশ্মীৰত কিদৰে ধৰ্মীয় সংখ্যালঘু পণ্ডিতসকল নিৰ্যাতনৰ বলি হৈছিল, তেওঁলোকৰ হত্যা হৈছিল আৰু তেওঁলোকক ঘৰ এৰি যাবলৈ বাধ্য কৰোঁৱা হৈছিল তাৰ এক প্ৰামাণিক ৰূপ ছবিখনত তুলি ধৰিবলৈ চেষ্টা কৰা বুলি কোৱা হৈছে। শেহতীয়াকৈ ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ছবিখন সম্পৰ্কে এটা নতুন কথা প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰে যে, বহুতে হয়তো নাজানে যে কিংবদন্তি শিল্পী লতা মংগেশকাৰে ছবিখনত গীত গাবলৈ সন্মত হৈছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ কয়, "কাশ্মীৰ ফাইলছত এটাও গান নাই। এইটো অতি দুৰ্ভাগ্যজনক। মই কাশ্মীৰৰ এজন লোক গায়কৰ সৈতে এটা গীত ৰেকৰ্ড কৰাইছিলোঁ। মই লতা মংগেশকাৰৰ হতুৱাই সেই গীতটো গোৱাবলৈ সিদ্ধান্ত লৈছিলোঁ। তাৎপৰ্যপূৰ্ণভাৱে, লতা মংগেশকাৰে তেওঁৰ জীৱনৰ শেষ সময়ছোৱাত চিনেমাত গীত গোৱা নাছিল। তাৰ পাছতো কাশ্মীৰ ফাইলছৰ পৰিচালগৰাকী কয় যে, তেওঁ লতা মংগেশকাৰক ছবিখনত বাবে গীত গাবলৈ অনুৰোধ কৰিছিল। সুৰ সম্ৰাজ্ঞীয়ে তেওঁৰ সেই অনুৰোধ ৰক্ষা কৰি কাশ্মীৰ ফাইলছত গীত গাবলৈ সন্মত হৈছিল। অগ্নিহোত্ৰীয়ে কয় যে, ‘কাশ্মীৰ লতা মংগেশকাৰৰ হৃদয়ৰ খুব ওচৰ চপা আছিল। পল্লৱী (যোশী)ৰ সৈতেও তেওঁৰ খুব ভাল সম্পৰ্ক আছিল। কৰ’না সংক্ৰমণ হ্ৰাস হোৱাৰ পাছত তেওঁ এই ছবিখনৰ বাবে গীতটো ৰেকৰ্ড কৰিবলৈ সন্মত হৈছিল। সেই সময়ত আমাক ৰেকৰ্ডিং ষ্টুডিঅ'লৈ যাবলৈ অনুমতি দিয়া হোৱা নাছিল। আমি তেওঁৰ গীতটো ৰেকৰ্ড কৰাৰ বাবে অপেক্ষা কৰি আছিলোঁ। কিন্তু তাৰ মাজতেই এই দু্ৰ্ভদগ্যজনক ঘটনাটো ঘটিল। আমাক সকলোকে নিঠৰুৱা কৰি তেওঁ সুৰৰ আকাশ উদং কৰি আঁতৰি গ’ল। মোৰ ছবিত তেওঁক গীত গোওৱাৰ হেঁপাহ পূৰণ কৰিব নোৱাৰিলোঁ। তেওঁৰ সৈতে কাম কৰাৰ আকাংক্ষাটো এটা সপোন হৈয়েই ৰৈ গ’ল। উল্লেখ্য যে, দেশৰ সংগীত জগতৰ এইগৰাকী কিংবদন্তীয়ে এই বছৰৰ ৬ ফেব্ৰুৱাৰীত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু