--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ আইনী মেৰপেচত সোমাই পৰিছে ছলমান খান। বলীউডৰ এইগৰাকী মহাতাৰকাৰ বিৰুদ্ধে এইবাৰ গোচৰ ৰুজু কৰিছে এগৰাকী সাংবাদিকে। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ গোচৰত ছলমানলৈ জাননী জাৰি কৰিছে বান্দ্ৰাৰ এখন আদালতে। ১৯৯৮ চনৰ কৃষ্ণসাৰ হৰিণ চোৰাং চিকাৰ গোচৰৰ পৰা বৰ্তমানলৈ কেইবাটাও গোচৰত অভিযুক্ত ছলমান খানৰ বাবে আইনী মেৰপেচ এতিয়া যেন এটা সাধাৰণ বিষয় হৈ পৰিছে। এতিয়া সাংবাদিকৰ বিৰুদ্ধে জগৰ লগাই ছলমান খান বিপদত পৰাৰ আশংকা দেখা গৈছে। মঙলবাৰ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ছলমানে এগৰাকী সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছিল। সাংবাদিকজনৰ গোচৰৰ অধীনত ২০১৯চনতে ছলমানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰ প্ৰসংগতে আন্ধেৰীৰ দণ্ডাধীশ আদালতে তেওঁলৈ চমন জাৰি কৰিছে। সাংবাদিক অশোক পাণ্ডেই দাখিল কৰা ২০১৯ৰ গোচৰত তেওঁক ৫ এপ্ৰিলত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। সাংবাদিকজনৰ অভিযোগৰ আধাৰত ছলমানক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ আৰু ৫০৬ৰ অধীনত অভিযুক্ত কৰা হৈছিল। সংবাদ প্ৰতিষ্ঠান এএনআই-এ এটা টুইটযোগে প্ৰকাশ কৰে যে, 'মুম্বাইৰ আন্ধেৰী মেজিষ্ট্ৰেট আদালতে ছলমান খানক ২০১৯ চনত অশোক পাণ্ডে নামৰ সাংবাদিকগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৰুজু হোৱা গোচৰ সন্দৰ্ভত ৫ এপ্ৰিলত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে।' ইফালে, ৰাজস্থান উচ্চ ন্যায়ালয়ে সোমবাৰে যোধপুৰ জিলা আৰু সত্ৰ আদালতৰ পৰা ১৯৯৮ চনৰ কৃষ্ণসাৰ হৰিণৰ অবৈধ চিকাৰ সম্পৰ্কীয় গোচৰ সন্দৰ্ভত দুখন আৱেদন স্থানান্তৰ কৰাৰ অনুমতি প্ৰদান কৰে, এই দুখন আবেদনৰ শুনানি এতিয়া উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব আৰু ইয়াৰ সন্মুখত ইতিমধ্যে বিচাৰাধীন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। খবৰ অনুসৰি, খানে উচ্চ ন্যায়ালয়ত এই দুটা আৱেদন উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ আবেদন দাখিল কৰিছিল যাতে তিনিওটা গোচৰৰ শুনানি একে ঠাইতে হয়।   PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু