--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ আইনী মেৰপেচত সোমাই পৰিছে ছলমান খান। বলীউডৰ এইগৰাকী মহাতাৰকাৰ বিৰুদ্ধে এইবাৰ গোচৰ ৰুজু কৰিছে এগৰাকী সাংবাদিকে। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ গোচৰত ছলমানলৈ জাননী জাৰি কৰিছে বান্দ্ৰাৰ এখন আদালতে। ১৯৯৮ চনৰ কৃষ্ণসাৰ হৰিণ চোৰাং চিকাৰ গোচৰৰ পৰা বৰ্তমানলৈ কেইবাটাও গোচৰত অভিযুক্ত ছলমান খানৰ বাবে আইনী মেৰপেচ এতিয়া যেন এটা সাধাৰণ বিষয় হৈ পৰিছে। এতিয়া সাংবাদিকৰ বিৰুদ্ধে জগৰ লগাই ছলমান খান বিপদত পৰাৰ আশংকা দেখা গৈছে। মঙলবাৰ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ছলমানে এগৰাকী সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছিল। সাংবাদিকজনৰ গোচৰৰ অধীনত ২০১৯চনতে ছলমানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰ প্ৰসংগতে আন্ধেৰীৰ দণ্ডাধীশ আদালতে তেওঁলৈ চমন জাৰি কৰিছে। সাংবাদিক অশোক পাণ্ডেই দাখিল কৰা ২০১৯ৰ গোচৰত তেওঁক ৫ এপ্ৰিলত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। সাংবাদিকজনৰ অভিযোগৰ আধাৰত ছলমানক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ আৰু ৫০৬ৰ অধীনত অভিযুক্ত কৰা হৈছিল। সংবাদ প্ৰতিষ্ঠান এএনআই-এ এটা টুইটযোগে প্ৰকাশ কৰে যে, 'মুম্বাইৰ আন্ধেৰী মেজিষ্ট্ৰেট আদালতে ছলমান খানক ২০১৯ চনত অশোক পাণ্ডে নামৰ সাংবাদিকগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৰুজু হোৱা গোচৰ সন্দৰ্ভত ৫ এপ্ৰিলত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে।' ইফালে, ৰাজস্থান উচ্চ ন্যায়ালয়ে সোমবাৰে যোধপুৰ জিলা আৰু সত্ৰ আদালতৰ পৰা ১৯৯৮ চনৰ কৃষ্ণসাৰ হৰিণৰ অবৈধ চিকাৰ সম্পৰ্কীয় গোচৰ সন্দৰ্ভত দুখন আৱেদন স্থানান্তৰ কৰাৰ অনুমতি প্ৰদান কৰে, এই দুখন আবেদনৰ শুনানি এতিয়া উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব আৰু ইয়াৰ সন্মুখত ইতিমধ্যে বিচাৰাধীন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। খবৰ অনুসৰি, খানে উচ্চ ন্যায়ালয়ত এই দুটা আৱেদন উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ আবেদন দাখিল কৰিছিল যাতে তিনিওটা গোচৰৰ শুনানি একে ঠাইতে হয়।   PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক