--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই বহু বিতৰ্কৰ মাজত সোমাই পৰা শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ ট্ৰেইলাৰ মুকলি কৰা হ’ল। ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে ছবিখনৰ প্ৰতি অধিক আগ্ৰহ বৃদ্ধি পাইছে অনুৰাগীৰ মনত। শ্বাহৰুখক শেষবাৰৰ বাবে ২০১৯ চনত চিনেমাৰ পৰ্দাত দেখা গৈছিল। ‘পাঠান’ ছবিৰে দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে পুনৰ এবাৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে বলীউড কিং শ্বাহৰুখ খান। আজি অৰ্থাৎ ১০ জানুৱাৰীৰ দিনৰ ১১ বজাত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। 

ইউটিউবত ট্ৰেইলাৰটো অহাৰ লগে লগে ট্ৰেণ্ডিং ভিডিঅ’ৰ ওচৰ পালেহি। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে ইয়াৰ দৃশ্য লাখ লাখ লোকৰ কাষ চাপিল। অৱশ্যে যাৰ বাবেই ছবিখনৰ বিৰোধিতা কৰা হৈছিল, সেই ৰঙৰ কাপোৰো ট্ৰেইলাৰত ৰখা হৈছে। অৰ্থাৎ গেৰুৱা ৰঙৰ বিকিনিক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল, ট্ৰেইলাৰতো গেৰুৱা ৰঙৰ পোচাকত দেখা গৈছে দীপিকা পাডুকনক।

পাঠান ছবিৰ ট্ৰেইলাৰৰ বাবে মানুহে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। পাঠান ছবিখনত শ্বাহৰুখ খানে জোৱানৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁলোকৰ দায়িত্ব হৈছে ভাৰতক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা কৰা। ছবিখনৰ মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰা জন আব্ৰাহামে ভাৰতক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে যদিও শ্বাহৰুখ খানে তেওঁৰ এই প্ৰচেষ্টাক তচনচ কৰে।

শ্বাহৰুখ খান বিশেষ অভিযানত গৈ শত্ৰুক হত্যা কৰা দেখা যায়। ট্ৰেইলাৰত দেখা গৈছে যে ইয়াত প্ৰচণ্ড একচন আছে। মুঠতে ট্ৰেইলাৰটো আশাব্যঞ্জক বুলি কব পাৰি। এনে লাগিছে যেন এই চিনেমাখনে শ্বাহৰুখ খানৰ অনুৰাগীক নিৰাশ নকৰে।

টুইটাৰত ট্ৰেইলাৰ শ্বেয়াৰ কৰি শ্বাহৰুখ খানে লিখিছে, সঠিক বনাম ভুল, ভাল বনাম বেয়া - একেটা মুদ্ৰাৰ দুটা ফাল। #PathaanTrailer ত এতিয়াই অনুভৱ কৰক দুটা নিষ্ঠুৰ শক্তিৰ মহাকাব্যিক সংঘৰ্ষ!(Right vs Wrong, Good vs Evil - they are two sides of the same coin. Experience the epic clash of two brutal forces in #PathaanTrailer now!) উল্লেখ্য যে সিদ্ধাৰ্থ আনন্দই পৰিচালনা কৰা এই ছবিখন হিন্দীৰ উপৰিও তামিল আৰু তেলেগু ভাষাতো মুক্তি লাভ কৰিব। পাঠান ছবিখন ছবিগৃহলৈ আহিব ২৫ জানুৱাৰীত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু