--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই বহু বিতৰ্কৰ মাজত সোমাই পৰা শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ ট্ৰেইলাৰ মুকলি কৰা হ’ল। ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে ছবিখনৰ প্ৰতি অধিক আগ্ৰহ বৃদ্ধি পাইছে অনুৰাগীৰ মনত। শ্বাহৰুখক শেষবাৰৰ বাবে ২০১৯ চনত চিনেমাৰ পৰ্দাত দেখা গৈছিল। ‘পাঠান’ ছবিৰে দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে পুনৰ এবাৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে বলীউড কিং শ্বাহৰুখ খান। আজি অৰ্থাৎ ১০ জানুৱাৰীৰ দিনৰ ১১ বজাত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। 

ইউটিউবত ট্ৰেইলাৰটো অহাৰ লগে লগে ট্ৰেণ্ডিং ভিডিঅ’ৰ ওচৰ পালেহি। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে ইয়াৰ দৃশ্য লাখ লাখ লোকৰ কাষ চাপিল। অৱশ্যে যাৰ বাবেই ছবিখনৰ বিৰোধিতা কৰা হৈছিল, সেই ৰঙৰ কাপোৰো ট্ৰেইলাৰত ৰখা হৈছে। অৰ্থাৎ গেৰুৱা ৰঙৰ বিকিনিক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল, ট্ৰেইলাৰতো গেৰুৱা ৰঙৰ পোচাকত দেখা গৈছে দীপিকা পাডুকনক।

পাঠান ছবিৰ ট্ৰেইলাৰৰ বাবে মানুহে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। পাঠান ছবিখনত শ্বাহৰুখ খানে জোৱানৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁলোকৰ দায়িত্ব হৈছে ভাৰতক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা কৰা। ছবিখনৰ মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰা জন আব্ৰাহামে ভাৰতক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে যদিও শ্বাহৰুখ খানে তেওঁৰ এই প্ৰচেষ্টাক তচনচ কৰে।

শ্বাহৰুখ খান বিশেষ অভিযানত গৈ শত্ৰুক হত্যা কৰা দেখা যায়। ট্ৰেইলাৰত দেখা গৈছে যে ইয়াত প্ৰচণ্ড একচন আছে। মুঠতে ট্ৰেইলাৰটো আশাব্যঞ্জক বুলি কব পাৰি। এনে লাগিছে যেন এই চিনেমাখনে শ্বাহৰুখ খানৰ অনুৰাগীক নিৰাশ নকৰে।

টুইটাৰত ট্ৰেইলাৰ শ্বেয়াৰ কৰি শ্বাহৰুখ খানে লিখিছে, সঠিক বনাম ভুল, ভাল বনাম বেয়া - একেটা মুদ্ৰাৰ দুটা ফাল। #PathaanTrailer ত এতিয়াই অনুভৱ কৰক দুটা নিষ্ঠুৰ শক্তিৰ মহাকাব্যিক সংঘৰ্ষ!(Right vs Wrong, Good vs Evil - they are two sides of the same coin. Experience the epic clash of two brutal forces in #PathaanTrailer now!) উল্লেখ্য যে সিদ্ধাৰ্থ আনন্দই পৰিচালনা কৰা এই ছবিখন হিন্দীৰ উপৰিও তামিল আৰু তেলেগু ভাষাতো মুক্তি লাভ কৰিব। পাঠান ছবিখন ছবিগৃহলৈ আহিব ২৫ জানুৱাৰীত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক