--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হ’ল বিগ বি অমিতাভ বচ্চন।অভিনেতাগৰাকীয়ে তেওঁৰ  টুইটাৰত এই কথা প্ৰকাশ কৰিছে। অৱশ্যে, তেওঁ ঘৰত বিচ্ছিন্ন হৈ আছে নে চিকিৎসালয়ত ভৰ্তি হৈছে সেই বিষয়ে কোনো কথা প্ৰকাশ  নাই।

যোৱা নিশা বিগ বিয়ে টুইটাৰত লিখিছিল, "মই কৰোনা পৰীক্ষা কৰিছো। প্ৰতিবেদন ইতিবাচক আহিছে। যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে অনুগ্ৰহ কৰিকোভিডৰ পৰীক্ষা কৰাওক "। অমিতাভ বচ্চন পুনৰ দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হোৱাত তেওঁৰ  অনুৰাগীসকল চিন্তিত হৈ পৰিছে।কাৰণ অমিতাভ বচ্চন আন কেইবাটাও জটিল ৰোগত আক্ৰান্ত।২০২০ চনত যেতিয়া কৰোনা মহামাৰী সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল, সেই সময়তে প্ৰথমবাৰৰ বাবে এই মাৰাত্মক ভাইৰাছত বিগ বি- আক্ৰান্ত হৈছিল।

সেই বছৰৰ জুলাই মাহত কভিডতআক্ৰান্ত  হোৱাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। পুত্ৰ অভিষেক বচ্চন, বোৱাৰীয়েক আৰু অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যাও কোভিডত আক্ৰান্ত  হৈছিল। কেইবাদিনো চিকিৎসালয়ত থকাৰ পিছত,অমিতাভ আৰোগ্য  হৈ ঘৰলৈ উভতি আহিছিল। এইবাৰ তেওঁ পুনৰ সেই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বিগ বিয়ে  বৰ্তমান ৰিয়েলিটি শ্ব' 'কৌন বনেগা কৰোড়পতি'ৰ দৃশ্যগ্ৰহণ কৰি আছে। ইয়াৰ মাজতে শুনা গৈছে যে ৭৯ বছৰীয়া অভিনেতাজন কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাবে শ্বুটিং পিছুৱাব লাগিব পাৰে। তেওঁৰ বহু প্ৰতীক্ষিত ছবি 'ব্ৰহ্মাস্ত্ৰ পাৰ্ট ৱান: শিৱ' ৯ ছেপ্টেম্বৰত মুক্তি পাব। তেওঁ এই ছবি খনৰ প্ৰচাৰতো  জড়িত হোৱাৰ কথা আছিল। কিন্তু কৰোনা সংক্ৰমণৰ বাবে, সকলো পৰিকল্পনা  বাবে পিছুৱাই দিয়া হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি