--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হ’ল বিগ বি অমিতাভ বচ্চন।অভিনেতাগৰাকীয়ে তেওঁৰ  টুইটাৰত এই কথা প্ৰকাশ কৰিছে। অৱশ্যে, তেওঁ ঘৰত বিচ্ছিন্ন হৈ আছে নে চিকিৎসালয়ত ভৰ্তি হৈছে সেই বিষয়ে কোনো কথা প্ৰকাশ  নাই।

যোৱা নিশা বিগ বিয়ে টুইটাৰত লিখিছিল, "মই কৰোনা পৰীক্ষা কৰিছো। প্ৰতিবেদন ইতিবাচক আহিছে। যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে অনুগ্ৰহ কৰিকোভিডৰ পৰীক্ষা কৰাওক "। অমিতাভ বচ্চন পুনৰ দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হোৱাত তেওঁৰ  অনুৰাগীসকল চিন্তিত হৈ পৰিছে।কাৰণ অমিতাভ বচ্চন আন কেইবাটাও জটিল ৰোগত আক্ৰান্ত।২০২০ চনত যেতিয়া কৰোনা মহামাৰী সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল, সেই সময়তে প্ৰথমবাৰৰ বাবে এই মাৰাত্মক ভাইৰাছত বিগ বি- আক্ৰান্ত হৈছিল।

সেই বছৰৰ জুলাই মাহত কভিডতআক্ৰান্ত  হোৱাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। পুত্ৰ অভিষেক বচ্চন, বোৱাৰীয়েক আৰু অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যাও কোভিডত আক্ৰান্ত  হৈছিল। কেইবাদিনো চিকিৎসালয়ত থকাৰ পিছত,অমিতাভ আৰোগ্য  হৈ ঘৰলৈ উভতি আহিছিল। এইবাৰ তেওঁ পুনৰ সেই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বিগ বিয়ে  বৰ্তমান ৰিয়েলিটি শ্ব' 'কৌন বনেগা কৰোড়পতি'ৰ দৃশ্যগ্ৰহণ কৰি আছে। ইয়াৰ মাজতে শুনা গৈছে যে ৭৯ বছৰীয়া অভিনেতাজন কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাবে শ্বুটিং পিছুৱাব লাগিব পাৰে। তেওঁৰ বহু প্ৰতীক্ষিত ছবি 'ব্ৰহ্মাস্ত্ৰ পাৰ্ট ৱান: শিৱ' ৯ ছেপ্টেম্বৰত মুক্তি পাব। তেওঁ এই ছবি খনৰ প্ৰচাৰতো  জড়িত হোৱাৰ কথা আছিল। কিন্তু কৰোনা সংক্ৰমণৰ বাবে, সকলো পৰিকল্পনা  বাবে পিছুৱাই দিয়া হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?