--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত চৰকাৰ গঠনৰ বাবে বিজেপিৰ অনুশীলন তীব্ৰতৰ হৈছে। বুধবাৰে, উত্তৰ প্ৰদেশত নতুন কেবিনেট আৰু চৰকাৰ গঠনক লৈ বৈঠকৰ পৰ্যায় আৰু চিন্তা-চৰ্চা অব্যাহত আছে। বিজেপিয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷নতুন চৰকাৰ গঠনৰ পূৰ্বে যোগী আদিত্যনাথ ৰাওনা হয় ৰাজধানী নতুন দিল্লীলৈ। দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগী মন্ত্ৰীসভাৰ বৈঠক প্ৰায় চাৰে পাঁচ ঘণ্টা ধৰি চলিছিল। বৈঠকত দলৰ সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, স্বতন্ত্ৰ দেৱ সিং আৰু আন কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল। য'ত মন্ত্ৰীসকলৰ তালিকা বিবেচনা কৰা হৈছিল। একে সময়তে, ৰাজ্যখনত এমএলচি প্ৰাৰ্থীৰ নামো আলোচনা কৰা হৈছিল। দলটোৱে পুনৰ যোগী আদিত্যনাথৰ ওপৰত বিশ্বাস ৰাখিছে। সেয়েহে যোগী আদিত্যনাথ পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। তেওঁ ২১ মাৰ্চত আবেলি ৩ বজাত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। লক্ষ্ণৌৰ ইকানা ষ্টেডিয়ামত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। যোগী আদিত্যনাথে গোৰখপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত ১,০৩,৩৯০ টা ভোটত জয়লাভ কৰে৷ আৰু পঢ়কঃ মা শুই আছে! মাতৃৰ মৃতদেহৰ সৈতে ৪ দিন কটালে এটা ১০ বছৰীয়া শিশুৱে! BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক