--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন বছৰৰ প্ৰথম মাহটোতে অভিনেত্ৰী দীপিকা কক্কৰ আৰু অভিনেতা ছোৱেব ইব্ৰাহিমৰ অনুৰাগীসকলৰ বাবে এক সুখবৰ  আহিছে।  চেলিভিছনৰ  এই তাৰকা দম্পতীহালে সন্তানৰ মুখ দেখিবলৈ  ওলোৱাৰ কথাই এতিয়া বেছ চৰ্চা লাভ কৰিছে। 

 'চছুৰাল চিমাৰ্কা' খ্যাত অভিনেত্ৰী দীপিকা কক্কৰে  মাতৃ হ'বলৈ ওলোৱাৰ খবৰ তেওঁ নিজেই জনাইছে। শোয়েব আৰু দীপিকাই ইনষ্টাগ্ৰামত তেওঁলোকৰ পৰিয়াললৈ  এজন নতুন অতিথিৰ আগমনৰ ভাল খবৰটো দিছে। দম্পতীহাল সামাজিক মাধ্যমত বহুত জনপ্ৰিয়।  শোয়েব-দীপিকাই  'চছুৰাল চিমাৰ্কা'ৰ ছেটত লগালগি  হৈছিল। সেই সময়ত দীপিকা ৰৌনক চেমছনৰ সৈতে বাস কৰিছিল। 


তেওঁ ২০১৫ চনত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু কেইবছৰমানহে টিকি আছিল তেওঁলোকৰ  সম্পৰ্ক। বিবাহ বিচ্ছেদৰ পিছত  দীপিকাই ২০১৮ চনৰ ফেব্ৰুৱাৰীত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল। অভিনেত্ৰীগৰাকীয়ে শোৱেবৰ সৈতে বিয়াত বহিছিল  আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ নিজৰ নাম সলনি কৰি ফৈজা ৰাখিছিল। 

ইছলাম ধৰ্ম গ্ৰহণৰ সন্দৰ্ভত দীপিকাই কয়, "হয়, এয়া  সঁচা যে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো। কিন্তু কেতিয়া আৰু কিয়? মই সেই ব্যাখ্যা নিদিওঁ। মই মোৰ নিজৰ সুখৰ বাবে মোৰ হৃদয়ৰ পৰা ইছলাম গ্ৰহণ কৰিছিলো। মই মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতিব নিবিচাৰো।" 


শোয়েব-দীপিকাই কয়, "আমাৰ হৃদয় কৃতজ্ঞতাৰে ভৰি আছে, আমি আনন্দেৰে ভৰি আছোঁ, উত্তেজিত আৰু অলপ নাৰ্ভাছ হৈ আছোঁ। আমি  ভাল খবৰটো আপোনালোকক  জনালো। এয়া  আমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া অভিজ্ঞতা। হয়, আমি আমাৰ প্ৰথম সন্তানৰ বাবে অপেক্ষা কৰি আছোঁ!!" 
২০১৮  চনত দীপিকাক বিগ বছ ১২-ৰ মঞ্চত দেখা গৈছিল। তেওঁ যোৱা দুবছৰ ধৰি অভিনয়ৰ পৰা আঁতৰি আছে।দীপিকাক শেষবাৰৰ বাবে ষ্টাৰ প্লাছৰ 'কাহা হাম কাহা তুম'ত দেখা গৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু