--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন বছৰৰ প্ৰথম মাহটোতে অভিনেত্ৰী দীপিকা কক্কৰ আৰু অভিনেতা ছোৱেব ইব্ৰাহিমৰ অনুৰাগীসকলৰ বাবে এক সুখবৰ  আহিছে।  চেলিভিছনৰ  এই তাৰকা দম্পতীহালে সন্তানৰ মুখ দেখিবলৈ  ওলোৱাৰ কথাই এতিয়া বেছ চৰ্চা লাভ কৰিছে। 

 'চছুৰাল চিমাৰ্কা' খ্যাত অভিনেত্ৰী দীপিকা কক্কৰে  মাতৃ হ'বলৈ ওলোৱাৰ খবৰ তেওঁ নিজেই জনাইছে। শোয়েব আৰু দীপিকাই ইনষ্টাগ্ৰামত তেওঁলোকৰ পৰিয়াললৈ  এজন নতুন অতিথিৰ আগমনৰ ভাল খবৰটো দিছে। দম্পতীহাল সামাজিক মাধ্যমত বহুত জনপ্ৰিয়।  শোয়েব-দীপিকাই  'চছুৰাল চিমাৰ্কা'ৰ ছেটত লগালগি  হৈছিল। সেই সময়ত দীপিকা ৰৌনক চেমছনৰ সৈতে বাস কৰিছিল। 


তেওঁ ২০১৫ চনত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু কেইবছৰমানহে টিকি আছিল তেওঁলোকৰ  সম্পৰ্ক। বিবাহ বিচ্ছেদৰ পিছত  দীপিকাই ২০১৮ চনৰ ফেব্ৰুৱাৰীত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল। অভিনেত্ৰীগৰাকীয়ে শোৱেবৰ সৈতে বিয়াত বহিছিল  আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ নিজৰ নাম সলনি কৰি ফৈজা ৰাখিছিল। 

ইছলাম ধৰ্ম গ্ৰহণৰ সন্দৰ্ভত দীপিকাই কয়, "হয়, এয়া  সঁচা যে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো। কিন্তু কেতিয়া আৰু কিয়? মই সেই ব্যাখ্যা নিদিওঁ। মই মোৰ নিজৰ সুখৰ বাবে মোৰ হৃদয়ৰ পৰা ইছলাম গ্ৰহণ কৰিছিলো। মই মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতিব নিবিচাৰো।" 


শোয়েব-দীপিকাই কয়, "আমাৰ হৃদয় কৃতজ্ঞতাৰে ভৰি আছে, আমি আনন্দেৰে ভৰি আছোঁ, উত্তেজিত আৰু অলপ নাৰ্ভাছ হৈ আছোঁ। আমি  ভাল খবৰটো আপোনালোকক  জনালো। এয়া  আমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া অভিজ্ঞতা। হয়, আমি আমাৰ প্ৰথম সন্তানৰ বাবে অপেক্ষা কৰি আছোঁ!!" 
২০১৮  চনত দীপিকাক বিগ বছ ১২-ৰ মঞ্চত দেখা গৈছিল। তেওঁ যোৱা দুবছৰ ধৰি অভিনয়ৰ পৰা আঁতৰি আছে।দীপিকাক শেষবাৰৰ বাবে ষ্টাৰ প্লাছৰ 'কাহা হাম কাহা তুম'ত দেখা গৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক