--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আজি বলীউডৰ  সৰ্বকালৰ জনপ্ৰিয় ক্লাছিক ছবি ‘শ্বোলে’ৰ প্ৰযোজ ৰমেশ চিপ্পীৰ জন্মদিন। বলীউডত বহু কেইখন সৰ্বজন সমাদৃত ছবি উপহাৰ দিয়া ৰমেশ চিপ্পীক পিছে মানুহে ‘শ্বোলে’ৰ বাবেই চিনি পায়। চিপ্পীৰ নামটো যেন ‘শ্বোলে’ৰ সৈতে সোণালী সূতাৰে বান্ধ খাই পৰিছে। বলীউডত বহু ছবি নিৰ্মাণ হৈছে । কিন্তু ‘শ্বোলে’ৰ দৰে দ্বিতীয় এখন জনপ্ৰিয় ছবি হয়তো আজিলৈকে নিৰ্মাণ হোৱা নাই।


 ‘শ্বোলে’ আজিও চিৰ সেউজ, ‘শ্বোলে’ৰ কালজয়ী সংলাপ-"কিটনে আদমী থে..." আজিও এক জনপ্ৰিয় সংলাপ৷ গব্বৰ খানৰ চৰিত্ৰটো একা? আমজাদ খানে অভিনয় কৰা গব্বৰ খানৰ চৰিত্ৰটো এতিয়াও মানুহৰ হূদয়ত যেন সংপৃক্ত হৈ আছে৷ ‘শ্বোলে’ৰ প্ৰযোজক ৰমেশ চিপ্পীৰ জন্ম হৈছিল ১৯৪৭ চনৰ ২৩ জানুৱাৰীত৷ তেওঁৰ পিতৃ গোপালদাস পৰমানন্দ চিপ্পীও এগৰাকী বিখ্যাত প্ৰযোজক আছিল৷ ১৯৭১ চনত ৰমেশ চিপ্পীৰ প্ৰথম খন ছবি ’আজ’-এ মুক্তি পাইছিল৷ ছবি খনৰ ’জিন্দেগী এক চফৰ হে চুহানা..’ গীতটি আজিও বহুতৰে মুখে মুখে বাগৰি আছে৷ ৰমেশ চিপ্পীৰ আন সৃষ্টিসমূহৰ মাজত অন্যতম হ’ল শান, শক্তি সাগৰ, জামানা দিৱানা, চিমলা মিৰচি, সীতা ঔৰ গীতা আদি৷ বলীউড ছবি জগতৰ সৰ্বকালৰ জনপ্ৰিয় ক্লাছিক ছবি ‘শ্বোলে’ই ১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰিছিলে। ছবিখন সকলো দিশৰ পৰাই ভৰপূৰ আছিল। একচন, কমেডী, ৰোমাঞ্চ আৰু ট্ৰেজেডীৰে পৰিপূৰ্ণ আছিল শ্বোলে। যাৰবাবে ৰমেশ চিপ্পীয়ে পৰিচালনা কৰা এই ছবিখন ছুপাৰ ডুপাৰ হিট হৈছিল। শ্বোলেত মাল্টি ষ্টাৰ আছিল যদিও সকলোৰে চৰিত্ৰবোৰ এনেকুৱা আছিল যে আজিও অভিনেতাসকলক তেওঁলোকৰ ছবিৰ চৰিত্ৰটোৰ নামেৰে মানুহে মাতে। ইয়াৰে এটা হৈছে আমজাদ খানৰ চৰিত্ৰ। উল্লেখ্য যে ‘গব্বৰ’ হিন্দী চিনেমাৰ এনে এজন ভয়ংকৰ খলনায়ক যাৰ নাম ইতিহাসত লিপিবদ্ধ হৈ আছে। কৰ্ণাটকৰ বেংগালুৰু আৰু মহীশূৰৰ মাজত অৱস্থিত পাহাৰেৰে আগুৰি থকা ‘ৰামনগৰাম’ত সমগ্ৰ ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।


দক্ষিণ ভাৰতৰ ‘ৰামনগৰাম’ক ডকাইতৰ আতংকত ভুগি থকা উত্তৰ ভাৰতৰ এখন গাঁও ‘ৰামগড়’ৰ ৰূপ দিয়া হৈছিল৷ আচলতে ‘শ্বোলে’ৰ ৰামগড় হৈ পৰা গাঁওখন আছিল বেংগালুৰপ আৰু মহীশূৰৰ মাজৰ ওখ মালভূমিৰ কোলাত অৱস্থিত এখন সৰু গাঁও ৰামানগৰম। ইয়াত দুবছৰতকৈও অধিক সময় ধৰি ছবিখনৰ শ্বুটিং হৈছিল। মেকাৰসকলে ৰামগড়ৰ ৰূপত এখন সম্পূৰ্ণ বসতিপূৰ্ণ গাঁও স্থাপন কৰিলে। গাঁওখনলৈ যাবলৈ এটা পকী পথ নিৰ্মাণ কৰা হৈছিল। এই গাঁওখন শ্বোলেৰ আগৰ পৰাই আছিল যদিও শ্বোলেৰ পাছতহে এই গাঁওখনে ৰাইজৰ মাজত পৰিচিতি লাভ কৰিছিল। পৰৱৰ্তী বছৰবোৰত ই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুও হৈ পৰিছিল। যেতিয়া ছবিখনৰ শ্বুটিং শেষ হ’ল, তেতিয়া ৰাইজে ৰামানগৰমৰ এটা অংশ ‘চিপ্পী নগৰ’ বুলি নামকৰণ কৰি প্ৰযোজকসকলক ধন্যবাদ জনাইছিল।

১৯৭৩ চনৰ পৰা ১৯৭৫ চনৰ ভিতৰত শ্বোলে ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। আজিও ঠাকুৰৰ গাঁও ৰামগড় আৰু গব্বৰৰ এলেকা চাবলৈ বৃহৎ সংখ্যক লোক ইয়াত উপস্থিত হয়। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি যেতিয়া শ্বোলেৰ শ্বুটিং শেষ হৈছিল তেতিয়া প্ৰডাকচন টিমে গাঁওখন ধ্বংস কৰি পেলাইছিল। মুম্বাইলৈ উভতি অহাৰ সময়ত প্ৰযোজক জি পি চিপ্পিয়ে ৰামগড় গাঁও স্থাপনৰ বাবে কিনা মূল্যৱান সামগ্ৰীসমূহ স্থানীয় ব্যৱসায়ী পি ভি নাগৰাজনক এক লাখ টকাত বিক্ৰী কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। অৱশেষত গাঁওখনৰ নিৰ্মাণত ব্যৱহৃত সকলো সামগ্ৰী বিতৰণ কৰা হ’ল। কিছুমান সামগ্ৰী নিলাম কৰা হ’ল। আৰু ফিল্ম ইউনিটৰ সৈতে কাম কৰা শ্ৰমিকসকলক বহুত মেটেৰিয়েল দিয়া হৈছিল।


উল্লেখ্য যে ১৯৭৫ চনত যেতিয়া শ্বোলেই মুক্তি লাভ কৰিছিল তেতিয়া ই বৰ ভাল সঁহাৰি পোৱা নাছিল। সমালোচকসকলেও ছবিখনৰ সন্দৰ্ভত অতি বেয়া ৰিভিউ দিছিল। কিন্তু দুসপ্তাহৰ মন্থৰতাৰ পিছত শ্বোলেই যি গতি ধৰিলে, সেই গতিয়ে ইতিহাস ৰচনা কৰিলে। শ্বোলেক ভাৰতৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক সফল চলচ্চিত্ৰ বুলি গণ্য কৰা হয়।

এই গাঁৱত ভৰি দিয়াৰ লগে লগে পৰ্যটকসকলৰ ছবিখনৰ প্ৰতিটো দৃশ্য মনত পৰি যায়। আগতে ৰামানগৰম এখন সাধাৰণ গাঁও আছিল, কিন্তু শ্বোলেৰ পিছত ই যথেষ্ট বিখ্যাত হৈ পৰিছিল। ইয়ালৈ পৰ্যটক আহিবলৈ ধৰিলে। আজি ৰামগড় বিখ্যাত পৰ্যটনস্থলীতকৈ কোনো গুণে কম নহয়। ৰামানগৰম ওৰফে ৰামগড়ৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল ইমান বছৰৰ পাছতো গাওঁখনৰ পৰিৱেশটো হুবহু ছবিখনত দেখুওৱাৰ দৰেই হৈ আছে। মানুহে ইয়াৰ নিজান সজীৱ পৰিৱেশ, ওখ-ডাঙৰ পাহাৰ বৰ ভালপায়।

ইয়াত ৰামগড় ৰিজৰ্ট এণ্ড স্পা চেণ্টাৰ এটাও আৰম্ভ কৰা হৈছে। ৰিজৰ্টখনৰ মেনেজাৰক ঠাকুৰ আৰু স্পা মাষ্টৰক গব্বৰৰ ৰূপত দেখা যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই