--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হয়তো শীঘ্ৰেই দেশৰ বিদ্যালয়সমূহত দ্বিতীয় শ্ৰেণী পৰ্যন্ত কোনো লিখিত পৰীক্ষা নাথাকিব। নতুন শিক্ষা নীতিৰ খচৰাত প্ৰাথমিক পৰ্যায়ত দ্বিতীয় শ্ৰেণীলৈকে লিখিত পৰীক্ষা বাতিল কৰাৰ পৰামৰ্শ দিয়া হৈছে। উক্ত পৰামৰ্শ অনুসৰি শিক্ষাৰ্থীসকলে দ্বিতীয়  শ্ৰেণীলৈকে লিখিত পৰীক্ষাত বহিব নালাগিব। 

নৰেন্দ্ৰ মোদী চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ কাৰ্যকৰীকৰণৰ বাবে গঠন কৰা  ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামো (এনচিএফ)ৰ তথ্য  অনুসৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। এনচিএফৰ নতুন খচৰা অনুসৰি শিক্ষাৰ্থীসকলে নতুন প্ৰণালীত তৃতীয়  শ্ৰেণীৰ পৰাহে লিখিত পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব।

খচৰাখনত কোৱা হৈছে "পাঠ্যক্ৰম আৰু মূল্যায়ন প্ৰণালী এনেকুৱা হ'ব লাগে যাতে শিশুৰ ওপৰত কোনো অতিৰিক্ত চাপ নাথাকে" । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰ অনুসৰি  ২০২২ চনত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত এই সন্দৰ্ভত এক সমীক্ষা চলোৱা হৈছিল। অধ্যয়নটোৰ ফলাফলবোৰ পৰ্যালোচনা কৰাৰ পিছত এনে  পৰামৰ্শ দিয়া হৈছে। এন.চি.এফ.-ৰ নতুন খচৰাত দ্বিতীয় শ্ৰেণীলৈকে লিখিত পৰীক্ষাৰ পৰিৱৰ্তে এক বৈকল্পিক মূল্যায়ন পদ্ধতি গ্ৰহণৰ পোষকতা কৰা হৈছে। নতুন ব্যৱস্থাত  শিশু এটিক নিৰীক্ষণ কৰা আৰু তেওঁলোকৰ  শিকাৰ অভিজ্ঞতা বিশ্লেষণ কৰাৰ বিষয়ত  গুৰুত্ব দিয়াৰ কথা কোৱা হৈছে। 

২০২০ চনৰ জুলাই মাহত তদানীন্তন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখ্ৰিয়ালে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কৰিছিল। তাৰ ভিত্তিতে প্ৰথম শ্ৰেণীৰ আগতে তিনি বছৰৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ বিষয়ে আলোচনা হৈছিল। যোৱা বছৰৰ অক্টোবৰ মাহত শিক্ষামন্ত্ৰীগৰাকীৰ  উত্তৰাধিকাৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক (অংগনৱাড়ী) পৰ্যায়ত শিক্ষাৰ আৰম্ভণিৰ বিষয়ত পৰিৱৰ্তন কথা ঘোষণা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত