--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হয়তো শীঘ্ৰেই দেশৰ বিদ্যালয়সমূহত দ্বিতীয় শ্ৰেণী পৰ্যন্ত কোনো লিখিত পৰীক্ষা নাথাকিব। নতুন শিক্ষা নীতিৰ খচৰাত প্ৰাথমিক পৰ্যায়ত দ্বিতীয় শ্ৰেণীলৈকে লিখিত পৰীক্ষা বাতিল কৰাৰ পৰামৰ্শ দিয়া হৈছে। উক্ত পৰামৰ্শ অনুসৰি শিক্ষাৰ্থীসকলে দ্বিতীয়  শ্ৰেণীলৈকে লিখিত পৰীক্ষাত বহিব নালাগিব। 

নৰেন্দ্ৰ মোদী চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ কাৰ্যকৰীকৰণৰ বাবে গঠন কৰা  ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামো (এনচিএফ)ৰ তথ্য  অনুসৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। এনচিএফৰ নতুন খচৰা অনুসৰি শিক্ষাৰ্থীসকলে নতুন প্ৰণালীত তৃতীয়  শ্ৰেণীৰ পৰাহে লিখিত পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব।

খচৰাখনত কোৱা হৈছে "পাঠ্যক্ৰম আৰু মূল্যায়ন প্ৰণালী এনেকুৱা হ'ব লাগে যাতে শিশুৰ ওপৰত কোনো অতিৰিক্ত চাপ নাথাকে" । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰ অনুসৰি  ২০২২ চনত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত এই সন্দৰ্ভত এক সমীক্ষা চলোৱা হৈছিল। অধ্যয়নটোৰ ফলাফলবোৰ পৰ্যালোচনা কৰাৰ পিছত এনে  পৰামৰ্শ দিয়া হৈছে। এন.চি.এফ.-ৰ নতুন খচৰাত দ্বিতীয় শ্ৰেণীলৈকে লিখিত পৰীক্ষাৰ পৰিৱৰ্তে এক বৈকল্পিক মূল্যায়ন পদ্ধতি গ্ৰহণৰ পোষকতা কৰা হৈছে। নতুন ব্যৱস্থাত  শিশু এটিক নিৰীক্ষণ কৰা আৰু তেওঁলোকৰ  শিকাৰ অভিজ্ঞতা বিশ্লেষণ কৰাৰ বিষয়ত  গুৰুত্ব দিয়াৰ কথা কোৱা হৈছে। 

২০২০ চনৰ জুলাই মাহত তদানীন্তন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখ্ৰিয়ালে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কৰিছিল। তাৰ ভিত্তিতে প্ৰথম শ্ৰেণীৰ আগতে তিনি বছৰৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ বিষয়ে আলোচনা হৈছিল। যোৱা বছৰৰ অক্টোবৰ মাহত শিক্ষামন্ত্ৰীগৰাকীৰ  উত্তৰাধিকাৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক (অংগনৱাড়ী) পৰ্যায়ত শিক্ষাৰ আৰম্ভণিৰ বিষয়ত পৰিৱৰ্তন কথা ঘোষণা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ