--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিজন পাকিস্তানী উগ্ৰপন্থীয়ে প্ৰৱেশ কৰিছে মায়ানগৰীত। শনিবাৰে পুৱা এজন অচিনাকি ব্যক্তিৰ এই ধৰণৰ এটা ফোন কলত মুম্বাই আৰক্ষী স্তম্ভিত হৈ পৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱা আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ এই ফোন আহিছিল। আৰক্ষীয়ে ফোনটো তুলি লোৱাত এজন মানুহৰ মাত শুনা গ’ল। ব্যক্তিজনে দাবী কৰে যে ডুবাইৰ পৰা তিনিজন সন্ত্ৰাসবাদী মুম্বাইত প্ৰৱেশ কৰিছে। আক্ৰমণৰ আশংকাও প্ৰকাশ কৰে। যুৱকজনৰ ফোন পোৱাৰ পিছতে মুম্বাইৰ সকলো থানাক সতৰ্ক কৰি দিয়া হয়।

আৰক্ষীৰ মতে, লোকজনে তিনিজন উগ্ৰপন্থীৰ ভিতৰত এজনক চিনি পোৱা বুলি দাবী কৰে। কেৱল সেয়াই নহয়, তেওঁ উগ্ৰপন্থীৰ নামো আৰক্ষীক জনায়। তেওঁ কয়, উগ্ৰপন্থীৰ নাম মুজিব চৈয়দ। অচিনাক্ত ব্যক্তিজনে উগ্ৰপন্থীৰ ফোন নম্বৰ আৰু গাড়ী নম্বৰো আৰক্ষীক দিয়ে। এই ফোন পোৱাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ মহানগৰীত তালাচী আৰম্ভ কৰে। কিন্তু ব্যক্তিজনে দাবী কৰা উগ্ৰপন্থীৰ স্থান বিচাৰি পোৱা নগ’ল।

প্ৰথম অৱস্থাত আৰক্ষীয়ে ভাবে যে সেয়া ভুৱা ফোন হ’ব পাৰে। অৱশ্যে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা এৰিব নিবিচাৰে আৰক্ষীয়ে।

অৱশ্যে এইটোৱেই প্ৰথম নহয়, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ কাৰ্যালয়লৈ সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ এনেধৰণে এটা ফোনকল আগতেও আহিছিল। পিছত আৰক্ষীয়ে তালাচী চলাই এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। শনিবাৰেও এই ফোনকলটো ভুৱা হয় নে নহয় তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অচিনাক্ত ব্যক্তিৰ সন্ধানো অব্যাহত আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ