--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিজন পাকিস্তানী উগ্ৰপন্থীয়ে প্ৰৱেশ কৰিছে মায়ানগৰীত। শনিবাৰে পুৱা এজন অচিনাকি ব্যক্তিৰ এই ধৰণৰ এটা ফোন কলত মুম্বাই আৰক্ষী স্তম্ভিত হৈ পৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱা আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ এই ফোন আহিছিল। আৰক্ষীয়ে ফোনটো তুলি লোৱাত এজন মানুহৰ মাত শুনা গ’ল। ব্যক্তিজনে দাবী কৰে যে ডুবাইৰ পৰা তিনিজন সন্ত্ৰাসবাদী মুম্বাইত প্ৰৱেশ কৰিছে। আক্ৰমণৰ আশংকাও প্ৰকাশ কৰে। যুৱকজনৰ ফোন পোৱাৰ পিছতে মুম্বাইৰ সকলো থানাক সতৰ্ক কৰি দিয়া হয়।

আৰক্ষীৰ মতে, লোকজনে তিনিজন উগ্ৰপন্থীৰ ভিতৰত এজনক চিনি পোৱা বুলি দাবী কৰে। কেৱল সেয়াই নহয়, তেওঁ উগ্ৰপন্থীৰ নামো আৰক্ষীক জনায়। তেওঁ কয়, উগ্ৰপন্থীৰ নাম মুজিব চৈয়দ। অচিনাক্ত ব্যক্তিজনে উগ্ৰপন্থীৰ ফোন নম্বৰ আৰু গাড়ী নম্বৰো আৰক্ষীক দিয়ে। এই ফোন পোৱাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ মহানগৰীত তালাচী আৰম্ভ কৰে। কিন্তু ব্যক্তিজনে দাবী কৰা উগ্ৰপন্থীৰ স্থান বিচাৰি পোৱা নগ’ল।

প্ৰথম অৱস্থাত আৰক্ষীয়ে ভাবে যে সেয়া ভুৱা ফোন হ’ব পাৰে। অৱশ্যে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা এৰিব নিবিচাৰে আৰক্ষীয়ে।

অৱশ্যে এইটোৱেই প্ৰথম নহয়, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ কাৰ্যালয়লৈ সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ এনেধৰণে এটা ফোনকল আগতেও আহিছিল। পিছত আৰক্ষীয়ে তালাচী চলাই এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। শনিবাৰেও এই ফোনকলটো ভুৱা হয় নে নহয় তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অচিনাক্ত ব্যক্তিৰ সন্ধানো অব্যাহত আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল