--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনোবাই কয় কংগ্ৰেছ, কোনোবাই কয় বাঁওপন্থী। কিন্তু কোনো দিনেই তেওঁ কংগ্ৰেছ অথবা বাঁওপন্থীৰ সম্ৰ্থনত কোনো শ্ব’ কৰা নাই বা এষাৰি বাক্যও লিখা কাৰো চকুত পৰা নাই। তেওঁ প্ৰচলিত শাসন ব্যৱস্থাৰ কাণ্ডাৰীসকলে দেশক কিদৰে অসূয়া-প্ৰীতিৰ পৰিবেশ গঢ়ি তুলিব বিচাৰিছে সেই কথাই ফাদিল কৰি দি আহিছে। বিভাজনকামী নীতিৰে শাসকে কিদৰে দেশৰ জনতাক বিভিন্ন ধৰণে শোষণ কৰি আহিছে সেই কথাই তেওঁ দেশবাসীক জনাই আহিছে। সেয়ে অটো চালকৰ পৰা আৰম্ভ কৰি দেশৰ সাধাৰণ জনতাৰ আপোন তেওঁ। 

তেওঁ আন কোনো নহয়, তেওঁ  আদানী গ্ৰুপে এনডিটিভি ক্ৰয় কৰাৰ পিছতে এনডিটিভিৰ পৰা পদত্যাগ কৰা সাহসী, আপোচবিহীন সাংবাদিক ৰবীশ  কুমাৰ। প্ৰতিক্ৰিয়াশীল চক্ৰৰ মূৰৰ কামোৰণি ৰবীশ  কুমাৰৰ সমৰ্থনত একাংশ অটো চালকে পোষ্টাৰেৰে নিজৰ অটো ভৰাই পেলোৱাৰ ছবি এখন শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে দৃশ্য দেখি পুনৰবাৰ আপ্লুত হৈ পৰিছে সাহসী সাংবাদিকগৰাকী। 

ৰবীশ  কুমাৰে তেওঁৰ ফেচবুক পোষ্টত লিখিছে-"সেয়া আছিল  জুন, ২০১৮ । মই অফিচলৈ গৈ আছিলো।  বাটত এখন অটো আছিল,  য'ত মোৰ নাম লিখা আছিল। মই অটো খন   ৰখাইছিলো আৰু তেওঁলোকক মোৰ নম্বৰ দিছিলো যাতে  তেওঁলোকে কাৰ্যালয়লৈ আহি মোক লগ কৰিব পাৰে । পিছদিনা  চাৰিখন অটো আহি হাজিৰ হ’ল । মোক এই বিষয়ে একো কোৱা হোৱা নাছিল। এজন ড্ৰাইভাৰে মোৰ বাবে  এটা ঘড়ী লৈ আহিছিল। আপুনি এয়া  পিন্ধিব৷  একে সময়তে, মই পিন্ধি থকা   ঘড়ীটো খুলি তেওঁ দিয়া ঘড়ীটো পিন্ধিলো। সেইদিন ধৰি  যেতিয়া মই অনুষ্ঠান কৰিছিলো, মই হাত দাঙি ঘড়ীটো সকলোকে দেখুৱাইছিলো। এনেকুৱা লাগিছে যে আজি এই অটোবোৰৰ এখন ছবি ভাইৰেল হৈ পৰিছে। যোৱা কেইদিনমানত আপোনালোক সকলোৱে মোক দিয়া মৰমৰ বাবে  মই কৃতজ্ঞতা  জনাইছো। মই সাৰ পাই আছোঁ, হাজাৰ হাজাৰ বাৰ্তা আৰু পৰামৰ্শৰ মাজত শুই আছোঁ। কেৱল পৰৱৰ্তী কেইদিনমানৰ বাবে বাৰ্তা নিদিব। মোক অলপ অকলে এৰি দিয়ক। ফোনত মেচেজ নকৰিব। মোলৈ অহা সকলো বাৰ্তাৰ মাজেৰে আগুৱাই যোৱাটো কঠিন হৈ পৰিছে। মোক সময়ৰ প্ৰয়োজন। আশা কৰোঁ আপুনোলোক সকলোৱে বুজি পাইছে, আৰু বাৰ্তা নিদিব। আনকি হোৱাটছএপতো নহয়।"

উল্লেখ্য মোদী চৰকাৰৰ তীব্ৰ সমালোচক হিচাবে জনাজাত ৰবীশ  কুমাৰৰ চেনেলটো আদানী গ্ৰুপে ক্ৰয় কৰাৰ পিছতে চেনেলটোৱে পূৰ্বৰ চৰিত্ৰ হেৰুৱাই পেলাব বুলি দেশৰ গৰিষ্ঠসংখ্যক জনতা নিশ্চিত আছিল। চেনেলটোৰ মুখ্য আকৰ্ষণ ৰবীশ কুমাৰে১৯৯৬  চনত নতুন দিল্লী টেলিভিছন নেটৱৰ্ক (এনডিটিভি)ত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ চেনেলটোত  নিষ্ঠা আৰু সাহসেৰে কাম কৰি আছিল। তেওঁ এনডিটিভি ইণ্ডিয়াত কেইবাটাও বাতৰি-আধাৰিত অনুষ্ঠান যেনে হাম লগ, ৰবীশ কি ৰিপ'ৰ্ট, দেশ কি বাত আৰু প্ৰাইম টাইম  সঞ্চালনা কৰিছিল। 

কুমাৰক দুবাৰকৈ ৰামনাথ গোয়েঙ্কা এক্সেলেন্স ইন জাৰ্নালিজম বঁটা প্ৰদান কৰা হৈছে।  লগতে ২০১৯  চনত তেওঁক ৰমন মেগছেছে বঁটা প্ৰদান কৰা হৈছে।১৯৯৪ চনৰ পৰা ২০২২ চনলৈ তেওঁ এনডিটিভি ইণ্ডিয়াৰ হৈ সেৱা আগবঢ়ায়। চৰকাৰ বিৰোধী সাহসী সাংবাদিকতাৰ বাবে মৃত্যুৰ ভাবুকিও পাইছিল।কুমাৰক সাংবাদিকতাত কৰা কামৰ বাবে বিভিন্ন বঁটা প্ৰদান কৰা হৈছে যাৰ ভিতৰত আছে ৰমন মেগছেছে বঁটা (২০১৯)। 

তেওঁক গৌৰী লঙ্কেশ বঁটা,  কুলদীপ নায়াৰ সাংবাদিকতা বঁটা (২০১৭), হিন্দী সাংবাদিকতা আৰু সৃষ্টিশীল সাহিত্যৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা (২০১০)প্ৰদান কৰা হৈছিল। ৰবীশ  কুমাৰে এতিয়া তেওঁৰ নিজৰ ইউটিউব চেনেলৰ জৰিয়তেই  সাহসী সাংবাদিকতা অব্যাহত ৰাখিব বুলি শেহতীয়াকৈ ঘোষণা কৰিছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু