--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনোবাই কয় কংগ্ৰেছ, কোনোবাই কয় বাঁওপন্থী। কিন্তু কোনো দিনেই তেওঁ কংগ্ৰেছ অথবা বাঁওপন্থীৰ সম্ৰ্থনত কোনো শ্ব’ কৰা নাই বা এষাৰি বাক্যও লিখা কাৰো চকুত পৰা নাই। তেওঁ প্ৰচলিত শাসন ব্যৱস্থাৰ কাণ্ডাৰীসকলে দেশক কিদৰে অসূয়া-প্ৰীতিৰ পৰিবেশ গঢ়ি তুলিব বিচাৰিছে সেই কথাই ফাদিল কৰি দি আহিছে। বিভাজনকামী নীতিৰে শাসকে কিদৰে দেশৰ জনতাক বিভিন্ন ধৰণে শোষণ কৰি আহিছে সেই কথাই তেওঁ দেশবাসীক জনাই আহিছে। সেয়ে অটো চালকৰ পৰা আৰম্ভ কৰি দেশৰ সাধাৰণ জনতাৰ আপোন তেওঁ। 

তেওঁ আন কোনো নহয়, তেওঁ  আদানী গ্ৰুপে এনডিটিভি ক্ৰয় কৰাৰ পিছতে এনডিটিভিৰ পৰা পদত্যাগ কৰা সাহসী, আপোচবিহীন সাংবাদিক ৰবীশ  কুমাৰ। প্ৰতিক্ৰিয়াশীল চক্ৰৰ মূৰৰ কামোৰণি ৰবীশ  কুমাৰৰ সমৰ্থনত একাংশ অটো চালকে পোষ্টাৰেৰে নিজৰ অটো ভৰাই পেলোৱাৰ ছবি এখন শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে দৃশ্য দেখি পুনৰবাৰ আপ্লুত হৈ পৰিছে সাহসী সাংবাদিকগৰাকী। 

ৰবীশ  কুমাৰে তেওঁৰ ফেচবুক পোষ্টত লিখিছে-"সেয়া আছিল  জুন, ২০১৮ । মই অফিচলৈ গৈ আছিলো।  বাটত এখন অটো আছিল,  য'ত মোৰ নাম লিখা আছিল। মই অটো খন   ৰখাইছিলো আৰু তেওঁলোকক মোৰ নম্বৰ দিছিলো যাতে  তেওঁলোকে কাৰ্যালয়লৈ আহি মোক লগ কৰিব পাৰে । পিছদিনা  চাৰিখন অটো আহি হাজিৰ হ’ল । মোক এই বিষয়ে একো কোৱা হোৱা নাছিল। এজন ড্ৰাইভাৰে মোৰ বাবে  এটা ঘড়ী লৈ আহিছিল। আপুনি এয়া  পিন্ধিব৷  একে সময়তে, মই পিন্ধি থকা   ঘড়ীটো খুলি তেওঁ দিয়া ঘড়ীটো পিন্ধিলো। সেইদিন ধৰি  যেতিয়া মই অনুষ্ঠান কৰিছিলো, মই হাত দাঙি ঘড়ীটো সকলোকে দেখুৱাইছিলো। এনেকুৱা লাগিছে যে আজি এই অটোবোৰৰ এখন ছবি ভাইৰেল হৈ পৰিছে। যোৱা কেইদিনমানত আপোনালোক সকলোৱে মোক দিয়া মৰমৰ বাবে  মই কৃতজ্ঞতা  জনাইছো। মই সাৰ পাই আছোঁ, হাজাৰ হাজাৰ বাৰ্তা আৰু পৰামৰ্শৰ মাজত শুই আছোঁ। কেৱল পৰৱৰ্তী কেইদিনমানৰ বাবে বাৰ্তা নিদিব। মোক অলপ অকলে এৰি দিয়ক। ফোনত মেচেজ নকৰিব। মোলৈ অহা সকলো বাৰ্তাৰ মাজেৰে আগুৱাই যোৱাটো কঠিন হৈ পৰিছে। মোক সময়ৰ প্ৰয়োজন। আশা কৰোঁ আপুনোলোক সকলোৱে বুজি পাইছে, আৰু বাৰ্তা নিদিব। আনকি হোৱাটছএপতো নহয়।"

উল্লেখ্য মোদী চৰকাৰৰ তীব্ৰ সমালোচক হিচাবে জনাজাত ৰবীশ  কুমাৰৰ চেনেলটো আদানী গ্ৰুপে ক্ৰয় কৰাৰ পিছতে চেনেলটোৱে পূৰ্বৰ চৰিত্ৰ হেৰুৱাই পেলাব বুলি দেশৰ গৰিষ্ঠসংখ্যক জনতা নিশ্চিত আছিল। চেনেলটোৰ মুখ্য আকৰ্ষণ ৰবীশ কুমাৰে১৯৯৬  চনত নতুন দিল্লী টেলিভিছন নেটৱৰ্ক (এনডিটিভি)ত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ চেনেলটোত  নিষ্ঠা আৰু সাহসেৰে কাম কৰি আছিল। তেওঁ এনডিটিভি ইণ্ডিয়াত কেইবাটাও বাতৰি-আধাৰিত অনুষ্ঠান যেনে হাম লগ, ৰবীশ কি ৰিপ'ৰ্ট, দেশ কি বাত আৰু প্ৰাইম টাইম  সঞ্চালনা কৰিছিল। 

কুমাৰক দুবাৰকৈ ৰামনাথ গোয়েঙ্কা এক্সেলেন্স ইন জাৰ্নালিজম বঁটা প্ৰদান কৰা হৈছে।  লগতে ২০১৯  চনত তেওঁক ৰমন মেগছেছে বঁটা প্ৰদান কৰা হৈছে।১৯৯৪ চনৰ পৰা ২০২২ চনলৈ তেওঁ এনডিটিভি ইণ্ডিয়াৰ হৈ সেৱা আগবঢ়ায়। চৰকাৰ বিৰোধী সাহসী সাংবাদিকতাৰ বাবে মৃত্যুৰ ভাবুকিও পাইছিল।কুমাৰক সাংবাদিকতাত কৰা কামৰ বাবে বিভিন্ন বঁটা প্ৰদান কৰা হৈছে যাৰ ভিতৰত আছে ৰমন মেগছেছে বঁটা (২০১৯)। 

তেওঁক গৌৰী লঙ্কেশ বঁটা,  কুলদীপ নায়াৰ সাংবাদিকতা বঁটা (২০১৭), হিন্দী সাংবাদিকতা আৰু সৃষ্টিশীল সাহিত্যৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা (২০১০)প্ৰদান কৰা হৈছিল। ৰবীশ  কুমাৰে এতিয়া তেওঁৰ নিজৰ ইউটিউব চেনেলৰ জৰিয়তেই  সাহসী সাংবাদিকতা অব্যাহত ৰাখিব বুলি শেহতীয়াকৈ ঘোষণা কৰিছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক