--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘দ্য কাশ্মীৰ ফাইলছ’! ছবিখনে ইতিমধ্যেই তোলপাৰ লগাইছে সমগ্ৰ দেশত। ছবিখনৰ বাবে বহু ঠাইত সংঘাতৰ ৰূপ লোৱাও পৰিলক্ষিত হৈছে৷ কানপুৰৰ কোতৱালী স্বৰূপ নগৰ অঞ্চলত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ সহকাৰী আৰক্ষী আয়ুক্তৰ দেহৰক্ষী আৰু চালকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে৷ ছবিখনক লৈ দুয়োৰে মাজত হোৱা আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি, আৰক্ষী বিভাগে চালকজনক নিলম্বন কৰে। দৰাচলতে, কানপুৰ গোবিন্দ নগৰ চক্ৰৰ সহকাৰী আৰক্ষী আয়ুক্তৰ বিকাশ পাণ্ডেৰ দেহৰক্ষী নৰেশ সিং আৰু চালক স্বতন্ত্ৰ যাদৱৰ মাজত এই ছবিখনক লৈ বিবাদৰ সূত্ৰপাত ঘটে আৰু দুয়োৰে মাজত সৃষ্টি হয় তুমুল কাজিয়াৰ। ইয়াৰ পাছত, নৰেশ সিঙে স্বতন্ত্ৰ যাদৱৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু তেওঁক আক্ৰমণ আৰু গালি-গালাজ কৰাৰ অভিযোগো উত্থাপন কৰে। স্বৰূপ নগৰৰ সহকাৰী আৰক্ষী আয়ুক্ত ব্ৰজ নাৰায়ণ সিঙে এই ঘটনাৰ সন্দৰ্ভত কয় যে, বিকাশ পাণ্ডেই ১৩ মাৰ্চত অফিচাৰ্ছ ক’লনীলৈ আহিছিল৷ অভিযোগ অনুসৰি, অফিচাৰ ক’লনীৰ চালক স্বতন্ত্ৰ যাদৱে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক সমালোচনা কৰিবলৈ আৰম্ভ কৰে। আৰু খঙৰ ধমকত স্বতন্ত্ৰ যাদৱে নৰেশ সিঙক মাৰপিট আৰু গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে। এচিপি ব্ৰজ নাৰায়ণ সিঙৰ মতে, তেওঁলোক দুয়ো কৰ্তব্যৰত অৱস্থাত কাজিয়াৰ সূত্ৰপাত ঘটিছিল৷ অৱশ্যে, চালক স্বতন্ত্ৰ যাদৱক পাছত দোষী সাব্যস্ত হোৱাৰ পাছত নিলম্বিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ