--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘দ্য কাশ্মীৰ ফাইলছ’! ছবিখনে ইতিমধ্যেই তোলপাৰ লগাইছে সমগ্ৰ দেশত। ছবিখনৰ বাবে বহু ঠাইত সংঘাতৰ ৰূপ লোৱাও পৰিলক্ষিত হৈছে৷ কানপুৰৰ কোতৱালী স্বৰূপ নগৰ অঞ্চলত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ সহকাৰী আৰক্ষী আয়ুক্তৰ দেহৰক্ষী আৰু চালকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে৷ ছবিখনক লৈ দুয়োৰে মাজত হোৱা আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি, আৰক্ষী বিভাগে চালকজনক নিলম্বন কৰে। দৰাচলতে, কানপুৰ গোবিন্দ নগৰ চক্ৰৰ সহকাৰী আৰক্ষী আয়ুক্তৰ বিকাশ পাণ্ডেৰ দেহৰক্ষী নৰেশ সিং আৰু চালক স্বতন্ত্ৰ যাদৱৰ মাজত এই ছবিখনক লৈ বিবাদৰ সূত্ৰপাত ঘটে আৰু দুয়োৰে মাজত সৃষ্টি হয় তুমুল কাজিয়াৰ। ইয়াৰ পাছত, নৰেশ সিঙে স্বতন্ত্ৰ যাদৱৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু তেওঁক আক্ৰমণ আৰু গালি-গালাজ কৰাৰ অভিযোগো উত্থাপন কৰে। স্বৰূপ নগৰৰ সহকাৰী আৰক্ষী আয়ুক্ত ব্ৰজ নাৰায়ণ সিঙে এই ঘটনাৰ সন্দৰ্ভত কয় যে, বিকাশ পাণ্ডেই ১৩ মাৰ্চত অফিচাৰ্ছ ক’লনীলৈ আহিছিল৷ অভিযোগ অনুসৰি, অফিচাৰ ক’লনীৰ চালক স্বতন্ত্ৰ যাদৱে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক সমালোচনা কৰিবলৈ আৰম্ভ কৰে। আৰু খঙৰ ধমকত স্বতন্ত্ৰ যাদৱে নৰেশ সিঙক মাৰপিট আৰু গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে। এচিপি ব্ৰজ নাৰায়ণ সিঙৰ মতে, তেওঁলোক দুয়ো কৰ্তব্যৰত অৱস্থাত কাজিয়াৰ সূত্ৰপাত ঘটিছিল৷ অৱশ্যে, চালক স্বতন্ত্ৰ যাদৱক পাছত দোষী সাব্যস্ত হোৱাৰ পাছত নিলম্বিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু