--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংগীতশিল্পী বাপ্পী লাহিড়ী আৰু সোণৰ মাজত আছিল গভীৰ সম্পৰ্ক। বাপ্পী লাহিড়ীয়ে সদায়েই সোণৰ অলংকাৰ পৰিধান কৰি ভাল পাইছিল। সোণৰ অলংকাৰ আৰু ক’লা চশমা আছিল তেওঁৰ আন এক পৰিচয়। ডিঙিত ডাঠ সোণৰ চেইন আৰু হাতত ডাঙৰ সোণৰ আঙুঠিসহ বহুতো সোণৰ অলংকাৰ পৰিধান কৰাটো তেওঁৰ পৰিচয় আছিল। সংগীতজ্ঞজন সোণৰ গহনাৰ প্ৰতি থকা প্ৰেমৰ বাবেও বিখ্যাত আছিল। এক পুৰণি সাক্ষাৎকাৰত, বাপ্পী দাই প্ৰকাশ কৰিছিল যে তেওঁৰ বাবে ‘সোণ ভাগ্যৱান’। তেওঁ সোণবোৰক তেওঁৰ সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰিছিল। তেওঁৰ গানৰ জনপ্ৰিয়তাৰ বাবে বাপ্পী দায়ে সোণক লাকী বুলি বিবেচনা কৰিছিল। ভেটিকান চিটিৰ পৰা হলীউডলৈকে বাপ্পী দাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা যি সোণ সংগ্ৰহ কৰিছিল, এই সকলোবোৰ সোণ তেওঁ পৰিধান কৰিছিল। চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত বাপ্পী লাহিড়ীৰ মৃত্যু হয়। বাপ্পী দাৰ মৃত্যুৰ পাছত ক'ত আছে তেওঁৰ প্ৰিয় সোণ? বাপ্পী দাৰ অনুপস্থিতিত ক'ত স্থান পাইছে সোণবোৰে? বাপ্পী লাহিড়ীৰ পুত্ৰ বাপ্পাই এই সন্দৰ্ভত কয় কৈছিল, "মোৰ দেউতাই কেতিয়াও সোণ অবিহনে ঘৰৰ বাহিৰলৈ যোৱা নাছিল। যদি ৰাতিপুৱা ৪ বজাতো বিমানখন ধৰিব লাগে সেই সময়তো দেউতাই সকলো সোণ লগত লৈ গৈছিল। সোণ তেওঁৰ বাবে মন্দিৰৰ দৰে পবিত্ৰ আছিল। দেউতাৰ বাবে সোণ শক্তি আছিল। সোণৰ সৈতে তেওঁৰ এক আধ্যাত্মিক সম্পৰ্ক আছিল। বাপ্পাই কৈছিল যে বাপ্পী লাহিড়ীৰ সোণ সংগ্ৰহালয়ত ৰখা হ'ব যাতে বাপ্পীৰ অনুৰাগীসকলে সেই সোণবোৰ নিজ চকুৰে চাব পাৰে। বাপ্পীৰ ঘৰত বহুতো সোণৰ জোতা, ঘড়ী, ছানগ্লাছ, টুপী, গহনা আদি আছে। বাপ্পীৰ পুত্ৰই কৈছিল যে এই সকলোবোৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হ'ব। আৰু পঢ়কঃ কৰ্ণাটকত আন এক ধৰ্মীয় বিবাদ! মন্দিৰৰ বাৰ্ষিক মেলাত নিষিদ্ধ মুছলমানৰ দোকান PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য