--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংগীতশিল্পী বাপ্পী লাহিড়ী আৰু সোণৰ মাজত আছিল গভীৰ সম্পৰ্ক। বাপ্পী লাহিড়ীয়ে সদায়েই সোণৰ অলংকাৰ পৰিধান কৰি ভাল পাইছিল। সোণৰ অলংকাৰ আৰু ক’লা চশমা আছিল তেওঁৰ আন এক পৰিচয়। ডিঙিত ডাঠ সোণৰ চেইন আৰু হাতত ডাঙৰ সোণৰ আঙুঠিসহ বহুতো সোণৰ অলংকাৰ পৰিধান কৰাটো তেওঁৰ পৰিচয় আছিল। সংগীতজ্ঞজন সোণৰ গহনাৰ প্ৰতি থকা প্ৰেমৰ বাবেও বিখ্যাত আছিল। এক পুৰণি সাক্ষাৎকাৰত, বাপ্পী দাই প্ৰকাশ কৰিছিল যে তেওঁৰ বাবে ‘সোণ ভাগ্যৱান’। তেওঁ সোণবোৰক তেওঁৰ সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰিছিল। তেওঁৰ গানৰ জনপ্ৰিয়তাৰ বাবে বাপ্পী দায়ে সোণক লাকী বুলি বিবেচনা কৰিছিল। ভেটিকান চিটিৰ পৰা হলীউডলৈকে বাপ্পী দাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা যি সোণ সংগ্ৰহ কৰিছিল, এই সকলোবোৰ সোণ তেওঁ পৰিধান কৰিছিল। চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত বাপ্পী লাহিড়ীৰ মৃত্যু হয়। বাপ্পী দাৰ মৃত্যুৰ পাছত ক'ত আছে তেওঁৰ প্ৰিয় সোণ? বাপ্পী দাৰ অনুপস্থিতিত ক'ত স্থান পাইছে সোণবোৰে? বাপ্পী লাহিড়ীৰ পুত্ৰ বাপ্পাই এই সন্দৰ্ভত কয় কৈছিল, "মোৰ দেউতাই কেতিয়াও সোণ অবিহনে ঘৰৰ বাহিৰলৈ যোৱা নাছিল। যদি ৰাতিপুৱা ৪ বজাতো বিমানখন ধৰিব লাগে সেই সময়তো দেউতাই সকলো সোণ লগত লৈ গৈছিল। সোণ তেওঁৰ বাবে মন্দিৰৰ দৰে পবিত্ৰ আছিল। দেউতাৰ বাবে সোণ শক্তি আছিল। সোণৰ সৈতে তেওঁৰ এক আধ্যাত্মিক সম্পৰ্ক আছিল। বাপ্পাই কৈছিল যে বাপ্পী লাহিড়ীৰ সোণ সংগ্ৰহালয়ত ৰখা হ'ব যাতে বাপ্পীৰ অনুৰাগীসকলে সেই সোণবোৰ নিজ চকুৰে চাব পাৰে। বাপ্পীৰ ঘৰত বহুতো সোণৰ জোতা, ঘড়ী, ছানগ্লাছ, টুপী, গহনা আদি আছে। বাপ্পীৰ পুত্ৰই কৈছিল যে এই সকলোবোৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হ'ব। আৰু পঢ়কঃ কৰ্ণাটকত আন এক ধৰ্মীয় বিবাদ! মন্দিৰৰ বাৰ্ষিক মেলাত নিষিদ্ধ মুছলমানৰ দোকান PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক