--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশত এতিয়া ভিন্ন ঘটনা তথা পৰিবেশকলৈ ছবি নিৰ্মাণ হৈ আছে। পৰিচালক বিবেক অগ্নিহোত্ৰীৰ 'দ্য কাশ্মীৰ ফাইলছ'-এ দেশত এক আলোড়নৰ সৃষ্টি কৰিছিল। বঙালী পৰিচালক সুদীপ্ত সেনৰ 'দ্য কেৰালা ষ্টৰী'য়েও ৰাজনৈতিক মহলত একপ্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছিল। 

 ইয়াৰ মাজতে এইবাৰ আন এক বিতৰ্কিত ঘটনাকলৈ ছবি নিৰ্মাণ হ’ব। বিষয়টো হৈছে  গোধৰা।   পৰিচালক এম.কে. শিৱাক্ষই পৰ্দাত আন এটা বিতৰ্কিত বিষয়কলৈ  এই ছবি খন নিৰ্মাণ কৰিছে। পৰিচালকজনে ২০০২ চনৰ গোধৰা কাণ্ডৰ  আঁৰৰ কাহিনীটো পৰ্দালৈ লৈ আহিছে। ছবিখনৰ টিজাৰ শেহতীয়াকৈ মুক্তি দিয়া হৈছিল। ষড়যন্ত্ৰ নে দুৰ্ঘটনা? 


পৰিচালক শিৱক্ষই এই প্ৰশ্নটো 'গোধৰা'ত উত্থাপন কৰিছে।'দ্য কাশ্মীৰ ফাইলছ' আৰু 'দ্য কেৰালা ষ্ট'ৰী'ৰ মুক্তিৰ পিছত বহুতে এই ছবি খনক লৈ চৰ্চা আৰম্ভ কৰিছে। আগৰ ছবি দুখনক বহুতে  বিজেপিৰ প্ৰচাৰ বাবে নিৰ্মাণ কৰা ছবি  বুলি লেবেল লগাই দিছিল। কিন্তু গোধৰা ছবি খন কিছু ভিন্ন হ’ব বুলি পৰিচালকে কৈছে। 

পৰিচালক এম.কে. শিৱাক্ষই কয়  "মোৰ ছবিখন একেবাৰে প্ৰচাৰ মূলক চলচ্চিত্ৰ নহয়। কল্পকাহিনীও নহয়। চলচ্চিত্ৰখন গোধৰাৰ  ঘটনা সন্দৰ্ভত নানাৱতী-শ্বাহ মেহতা আয়োগৰ পৰা লাভ কৰা  তথ্যৰ ওপৰত আধাৰিত। "উল্লেখ্য বিবিচিয়ে গোধৰাৰ প্ৰসংকলৈ নিৰ্মাণ কৰা এখন ডকুমেণ্টৰী চৰকাৰে নিষিদ্ধ কৰিছে। বিবিচিৰ ডকুমেণ্টৰী খনত মোদীক গোধৰা কাণ্ডৰ বাবে এক প্ৰকাৰ জগৰীয়া কৰা হৈছিল। 

















FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?