--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশত এতিয়া ভিন্ন ঘটনা তথা পৰিবেশকলৈ ছবি নিৰ্মাণ হৈ আছে। পৰিচালক বিবেক অগ্নিহোত্ৰীৰ 'দ্য কাশ্মীৰ ফাইলছ'-এ দেশত এক আলোড়নৰ সৃষ্টি কৰিছিল। বঙালী পৰিচালক সুদীপ্ত সেনৰ 'দ্য কেৰালা ষ্টৰী'য়েও ৰাজনৈতিক মহলত একপ্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছিল। 

 ইয়াৰ মাজতে এইবাৰ আন এক বিতৰ্কিত ঘটনাকলৈ ছবি নিৰ্মাণ হ’ব। বিষয়টো হৈছে  গোধৰা।   পৰিচালক এম.কে. শিৱাক্ষই পৰ্দাত আন এটা বিতৰ্কিত বিষয়কলৈ  এই ছবি খন নিৰ্মাণ কৰিছে। পৰিচালকজনে ২০০২ চনৰ গোধৰা কাণ্ডৰ  আঁৰৰ কাহিনীটো পৰ্দালৈ লৈ আহিছে। ছবিখনৰ টিজাৰ শেহতীয়াকৈ মুক্তি দিয়া হৈছিল। ষড়যন্ত্ৰ নে দুৰ্ঘটনা? 


পৰিচালক শিৱক্ষই এই প্ৰশ্নটো 'গোধৰা'ত উত্থাপন কৰিছে।'দ্য কাশ্মীৰ ফাইলছ' আৰু 'দ্য কেৰালা ষ্ট'ৰী'ৰ মুক্তিৰ পিছত বহুতে এই ছবি খনক লৈ চৰ্চা আৰম্ভ কৰিছে। আগৰ ছবি দুখনক বহুতে  বিজেপিৰ প্ৰচাৰ বাবে নিৰ্মাণ কৰা ছবি  বুলি লেবেল লগাই দিছিল। কিন্তু গোধৰা ছবি খন কিছু ভিন্ন হ’ব বুলি পৰিচালকে কৈছে। 

পৰিচালক এম.কে. শিৱাক্ষই কয়  "মোৰ ছবিখন একেবাৰে প্ৰচাৰ মূলক চলচ্চিত্ৰ নহয়। কল্পকাহিনীও নহয়। চলচ্চিত্ৰখন গোধৰাৰ  ঘটনা সন্দৰ্ভত নানাৱতী-শ্বাহ মেহতা আয়োগৰ পৰা লাভ কৰা  তথ্যৰ ওপৰত আধাৰিত। "উল্লেখ্য বিবিচিয়ে গোধৰাৰ প্ৰসংকলৈ নিৰ্মাণ কৰা এখন ডকুমেণ্টৰী চৰকাৰে নিষিদ্ধ কৰিছে। বিবিচিৰ ডকুমেণ্টৰী খনত মোদীক গোধৰা কাণ্ডৰ বাবে এক প্ৰকাৰ জগৰীয়া কৰা হৈছিল। 

















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে