--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীঘ্ৰে মুক্তি পাবলগীয়া ছবি  'দ্য কেৰালা ষ্ট'ৰী'কলৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে৷  এনে সময়তে কেৰালাৰ  এটা ইছলামিক  সংস্থাই ছবি খনত দেখুওৱা ধৰণে যদি নিৰুদ্দেশ হোৱা মহিলাসকল আইছিছত যোগদান কৰা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে তেন্তে তেনে লোকক  ১ কোটি টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছে৷ 

কেৰালা ষ্টেট কমিউনিটি অৱ মুছলিম য়ুথ লীগে কৈছে যে এই পুৰস্কাৰ কেৱল তেওঁলোকক হে দিয়া হ'ব যিসকলে ছবিখনত উত্থাপিত 'অভিযোগ' প্ৰমাণ কৰিবলৈ সক্ষম হ’ব৷। উল্লেখ ছবি খনে  ৫ মে'ত ছবিগৃহত মুক্তি পাব।  ছবি খনত কেৰালাৰ পৰা  নিৰুদ্দেশ হোৱা৩২,০০০ মহিলা-যুৱতীয়ে তেওঁলোকৰ ধৰ্ম সলনি কৰি  সন্ত্ৰাসবাদী সংগঠন আইএছআইএছত যোগদান কৰা বুলি দেখুওৱা হৈছে৷

 চলচ্চিত্ৰখনে  দাবী কৰিছে যে ছবি খন  এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত। ছবি খন সন্দৰ্ভত মন্তব্য কৰি  কেৰালা ষ্টেট কমিউনিটি অৱ মুছলিম য়ুথ লীগে কয়  যে চিনেমাখনত মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা আৰু ভিত্তিহীন। মুছলমান যুৱ সংস্থাটোৱে লগতে কয় যে তেওঁলোকে প্ৰমাণ সংগ্ৰহৰ বাবে কেৰালাৰ সকলো জিলাতে সংগ্ৰহ কেন্দ্ৰ খুলিব, আৰু যিকোনো লোকে আগবাঢ়ি আহি ছবিখনৰ মুক্তিৰ এদিন আগতে, ৪ মে’লৈকে সংগ্ৰহ কেন্দ্ৰসমূহত  প্ৰমাণ  দাখিল কৰিব পাৰিব৷ । উল্লেখ্য ৫ মে'ত মুক্তি পাবলগীয়া  চলচ্চিত্ৰ পৰিচালক সুদীপ্ত সেনৰ দ্য কেৰালা ষ্ট'ৰীক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদে (চিবিএফচি) ১০ টা  দৃশ্য কৰ্তনৰ পিছত   'এ' প্ৰমাণপত্ৰ প্ৰদান কৰিছে। 

সংবাদ প্ৰতিষ্ঠানৰ  প্ৰতিবেদনত কোৱা হৈছে যে কৰ্তন কৰা ১০ টা দৃশ্য ভিতৰত কেৰালাৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰো আছে।  আন এটা দৃশ্য যিটো কৰ্তন  কৰা হৈছে বুলি ধাৰণা কৰা হৈছে  তাত "সকলো হিন্দু দেৱতাৰ সংলাপ আৰু অনুপযুক্ত প্ৰসংগ" আছিল বুলি জনা গৈছে। ইয়াৰ উপৰি 'ভাৰতীয় কমিউনিষ্টসকল আটাইতকৈ ডাঙৰ ভণ্ড' সংলাপৰ পৰা 'ভাৰতীয়' শব্দটোও বিলোপ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ সুদীপ্ত সেনে লিখা চিত্ৰনাট্য  আৰু তেওঁ নিজে পৰিচালনা কৰা  দ্য কেৰালা ষ্ট’ৰীক কেৰালাৰ পৰা নিৰুদ্দেশ হোৱা   "প্ৰায় ৩২,০০০ মহিলা"ৰ আঁৰৰ ঘটনাবোৰ  দেখুওৱা হৈছে। 

ট্ৰেইলাৰ মুকলিৰ পিছতে ছবি খনকলৈ পৰিচালকগৰাকী  সমালোচনাৰ সন্মুখীন হৈছিল ৷ কিয়নো ছবি খনত  দাবী কৰা হৈছে  যে ৰাজ্যখনৰ পৰা নিৰুদ্দেশ হোৱা ৩২,০০০ মহিলা-যুৱতীয়ে  সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আইএছ)ত যোগদান কৰিছিল। কেৰালাৰ চিপিআই(এম) আৰু কংগ্ৰেছৰ মতে ছবিখনে মহিলাসকল ধৰ্মান্তৰিত হোৱা , সন্ত্ৰাসবাদী হোৱা আদি কথাবোৰ মিছাকৈ প্ৰচাৰ কৰিব বিচাৰিছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে দেওবাৰে ছবিখনৰ নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰি কৈছিল  যে তেওঁলোকে 'লাভ জিহাদ'ৰ বিষয়টো উত্থাপন কৰি ৰাজ্যখনক ধৰ্মীয় উগ্ৰবাদৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰিব বিচাৰিছে৷ ইয়াৰ আঁৰত সংঘ পৰিয়ালৰ ষড়যন্ত্ৰা থাকিব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰিছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?