--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই বিতৰ্কৰ সূত্ৰপাত ঘটোৱা 'দ্য কেৰালা ষ্ট’ৰী' ছবিখনক লৈ বিতৰ্ক কমক চাৰি বাঢ়িহে গৈছে। ইয়াৰ মাজতে ঠবি খনৰ মুক্তি স্থগিত ৰাখিবলৈ  উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন খন ন্যায়ালয়ে উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰে৷ ফলত    ইফালে একাংশ ৰাষ্ট্ৰীয়  সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছবিখনৰ নিৰ্মাতাসকলে ছবি খনত এক ডাঙৰ পৰিৱৰ্তন আনিছে।

ইউটিউবত মুকলি কৰা এটা টিজাৰত ছবিখনৰ পৰিচয়ৰ সম্পৰ্কীয় কিছু কথা সলনি কৰা হৈছে। বিশেষকৈ ছবি খনত দেখুওৱা পীড়িত মহিলাৰ সংখ্যাৰ ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন অনা হৈছে। এতিয়া নিৰ্মাতাসকলে কৈছে যে ছবি খনত  ৩০ হাজাৰ নহয়, ৩ গৰাকী মহিলাৰ কাহিনীহে  কোৱা হৈছে।কেৰালাৰ ৩০ হাজাৰৰো অধিক মহিলা-যুৱতী নিৰুদ্দেশ হোৱাৰ পিছত তেওঁলোকে ধৰ্মান্তৰিত হৈছিল আৰু সন্ত্ৰাসবাদী সংগঠন আছিছত যোগদান কৰিছিল বুলি ছবি খনত দেখুওৱা হ’ব বুলি চৰ্চা চলিছিল৷ 

ফলত 'দ্য কেৰালা ষ্টৰী' বোলছবিখনক লৈ যথেষ্ট হুলস্থূল হৈছে। এই ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। জানিব পৰা মতে মুখ্য ন্যায়াধীশে এই বিষয়টো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিছে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত কৈছিল যে উচ্চ ন্যায়ালয়ে শীঘ্ৰেই এই আবেদনৰ শুনানি ল'ব । ই

পিনে কেৰালাৰ  এটা ইছলামিক  সংস্থাই ছবি খনত দেখুওৱা ধৰণে যদি নিৰুদ্দেশ হোৱা মহিলাসকল আইছিছত যোগদান কৰা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে তেন্তে তেনে লোকক  ১ কোটি টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছে৷ কেৰালা ষ্টেট কমিউনিটি অৱ মুছলিম য়ুথ লীগে কৈছে যে এই পুৰস্কাৰ কেৱল তেওঁলোকক হে দিয়া হ'ব যিসকলে ছবিখনত উত্থাপিত 'অভিযোগ' প্ৰমাণ কৰিবলৈ সক্ষম হ’ব৷। উল্লেখ ছবি খনে  ৫ মে'ত ছবিগৃহত মুক্তি পাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?