--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই বিতৰ্কৰ সূত্ৰপাত ঘটোৱা 'দ্য কেৰালা ষ্ট’ৰী' ছবিখনক লৈ বিতৰ্ক কমক চাৰি বাঢ়িহে গৈছে। ইয়াৰ মাজতে ঠবি খনৰ মুক্তি স্থগিত ৰাখিবলৈ  উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন খন ন্যায়ালয়ে উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰে৷ ফলত    ইফালে একাংশ ৰাষ্ট্ৰীয়  সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছবিখনৰ নিৰ্মাতাসকলে ছবি খনত এক ডাঙৰ পৰিৱৰ্তন আনিছে।

ইউটিউবত মুকলি কৰা এটা টিজাৰত ছবিখনৰ পৰিচয়ৰ সম্পৰ্কীয় কিছু কথা সলনি কৰা হৈছে। বিশেষকৈ ছবি খনত দেখুওৱা পীড়িত মহিলাৰ সংখ্যাৰ ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন অনা হৈছে। এতিয়া নিৰ্মাতাসকলে কৈছে যে ছবি খনত  ৩০ হাজাৰ নহয়, ৩ গৰাকী মহিলাৰ কাহিনীহে  কোৱা হৈছে।কেৰালাৰ ৩০ হাজাৰৰো অধিক মহিলা-যুৱতী নিৰুদ্দেশ হোৱাৰ পিছত তেওঁলোকে ধৰ্মান্তৰিত হৈছিল আৰু সন্ত্ৰাসবাদী সংগঠন আছিছত যোগদান কৰিছিল বুলি ছবি খনত দেখুওৱা হ’ব বুলি চৰ্চা চলিছিল৷ 

ফলত 'দ্য কেৰালা ষ্টৰী' বোলছবিখনক লৈ যথেষ্ট হুলস্থূল হৈছে। এই ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। জানিব পৰা মতে মুখ্য ন্যায়াধীশে এই বিষয়টো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিছে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত কৈছিল যে উচ্চ ন্যায়ালয়ে শীঘ্ৰেই এই আবেদনৰ শুনানি ল'ব । ই

পিনে কেৰালাৰ  এটা ইছলামিক  সংস্থাই ছবি খনত দেখুওৱা ধৰণে যদি নিৰুদ্দেশ হোৱা মহিলাসকল আইছিছত যোগদান কৰা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে তেন্তে তেনে লোকক  ১ কোটি টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছে৷ কেৰালা ষ্টেট কমিউনিটি অৱ মুছলিম য়ুথ লীগে কৈছে যে এই পুৰস্কাৰ কেৱল তেওঁলোকক হে দিয়া হ'ব যিসকলে ছবিখনত উত্থাপিত 'অভিযোগ' প্ৰমাণ কৰিবলৈ সক্ষম হ’ব৷। উল্লেখ ছবি খনে  ৫ মে'ত ছবিগৃহত মুক্তি পাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে