--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ আগত কয় যে চিনেমা হলৰ মালিকসকলৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নাই যে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন দেখুৱাব নোৱাৰে। চৰকাৰৰ মতে, ছবিখনত ডাঙৰ ডাঙৰ অভিনেতাৰ অনুপস্থিতিৰ বাবে বা আন কাৰণত মানুহে ছবিখন চোৱা নাছিল, সেয়েহে ছবিগৃহসমূহে নিজেই ছবিখন আঁতৰাই পেলায়। ৫ মে’ত মুক্তি পোৱা ছবিখন ৭ মে’ত তামিলনাডুৰ ছবিগৃহৰ পৰা আঁতৰাই দিয়া হয়। চৰকাৰী হেঁচা আখ্যা দি প্ৰযোজকসকলে ন্যায়ালয়ত আবেদন দাখিল কৰিছে।


তামিলনাডু চৰকাৰে কয় যে ৰাজ্য চৰকাৰে ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰা বুলি ভুৱা বক্তব্য দিছে ছবি নিৰ্মাতাসকলে। তামিলনাডু চৰকাৰে দাখিল কৰা শপতনামাত কোৱা হৈছে যে ৰাজ্যত ছবিখন প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি চলচ্চিত্ৰ পৰিচালকৰ যুক্তি ভুল। ইয়াৰ লগে লগে চৰকাৰে কয় যে ৰাজ্যত ছবিখন প্ৰদৰ্শন নকৰাৰ বাবে কোনো ধৰণৰ হেঁচা সৃষ্টি হোৱা নাই আৰু প্ৰদৰ্শনো বন্ধ কৰা হোৱা নাই।

আচলতে উচ্চতম ন্যায়ালয়ে ছবি নিৰ্মাতা ‘দ্য কেৰালা ষ্ট’ৰী’ৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে কয় যে যেতিয়া দেশৰ আন প্ৰান্তত ছবিখন শান্তিপূৰ্ণভাৱে চলি আছে, তেন্তে বংগ আৰু তামিলনাডুত ছবিখন কিয় নিষিদ্ধ কৰা হৈছে। যাৰ উত্তৰত তামিলনাডু চৰকাৰে শপতনামা দাখিল কৰি কয় যে ছবিখন ৫ মে’ত ১৯টা মাল্টিপ্লেক্সত মুক্তি পাইছে, আমাৰ ফালৰ পৰা কোনো নিষেধাজ্ঞা নাই।


তামিলনাডু চৰকাৰে আৰু কয় যে ছবিখনত সুপৰিচিত অভিনেতাৰ অভাৱ, দৰ্শকৰ অভাৱৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ মালিকসকলে নিজেই প্ৰদৰ্শন নিষিদ্ধ কৰিছে। একে সময়তে চৰকাৰে লগতে কয় যে ছবিখন নেদেখাৰ বাবে কোনো ধৰণৰ হেঁচা সৃষ্টি হোৱা নাছিল, ছবিখনৰ প্ৰদৰ্শনও বন্ধ কৰা হোৱা নাছিল, এয়া ছবি নিৰ্মাতাসকলৰ ভুৱা বক্তব্য।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী