--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনক লৈ উত্তেজনা অব্যাহত আছে। সিদ্দাৰমাইয়া নে ডি কে শিৱকুমাৰ হ’ব মুখ্যমন্ত্ৰী? ইয়াৰ মাজতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে সিদ্দাৰমাইয়াক অভিনন্দন জনায়। বিধায়কৰ সমর্থনৰ ক্ষেত্ৰত ৰাজ্যখনৰ জ্যেষ্ঠ নেতাজনেই যে আগবাঢ়ি আছে তাকো তেওঁ স্বীকাৰ কৰিছে৷

জানিব পৰা মতে খাৰ্গেকে ধৰি শীৰ্ষ নেতৃত্বই ৰাজ্যৰ বিধায়কসকলৰ মন বুজিবলৈ চেষ্টা কৰিছে। বেছিভাগ বিধায়কে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এই পৰিবেশত সৰ্বভাৰতীয় টিভি চেনেল এটাৰ সাক্ষাৎকাৰত কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে কয় যে তেওঁ কোনো ‘বিদ্ৰোহী’ নহয়।

তেওঁ কয়, “মই বিদ্ৰোহী নহয়, মই ব্লেকমেইলো নকৰো… মই শিশু নহয়। মোৰ নিৰ্দিষ্ট লক্ষ্য আৰু আনুগত্য আছে।”

উল্লেখ্য যে দেওবাৰে বেংগালুৰুৰ এখন পাঁচ তাৰকাযুক্ত হোটেলত নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰিবলৈ তিনিজনীয়া এখন কমিটী গঠন কৰিছিল। সূত্ৰ অনুসৰি সমিতিৰ সদস্যসকলে প্ৰতিজন বিধায়কৰ সৈতে পৃথকে পৃথকে আলোচনা কৰে। কিন্তু দীৰ্ঘদিনীয়া বৈঠকৰ পাছতো কোনো সিদ্ধান্ত ল’ব পৰা নগ’ল।

শেহতীয়াকৈ শুনা গৈছে যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক মুখ্যমন্ত্ৰী বাছনিৰ দায়িত্ব দিয়া হৈছে। এনে পৰিস্থিতিত শিৱকুমাৰে সিদ্দাৰামায়াক শুভেচ্ছা দিয়াত দলটোৰ অস্বস্তি হ্ৰাস পাইছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ