--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনক লৈ উত্তেজনা অব্যাহত আছে। সিদ্দাৰমাইয়া নে ডি কে শিৱকুমাৰ হ’ব মুখ্যমন্ত্ৰী? ইয়াৰ মাজতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে সিদ্দাৰমাইয়াক অভিনন্দন জনায়। বিধায়কৰ সমর্থনৰ ক্ষেত্ৰত ৰাজ্যখনৰ জ্যেষ্ঠ নেতাজনেই যে আগবাঢ়ি আছে তাকো তেওঁ স্বীকাৰ কৰিছে৷

জানিব পৰা মতে খাৰ্গেকে ধৰি শীৰ্ষ নেতৃত্বই ৰাজ্যৰ বিধায়কসকলৰ মন বুজিবলৈ চেষ্টা কৰিছে। বেছিভাগ বিধায়কে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এই পৰিবেশত সৰ্বভাৰতীয় টিভি চেনেল এটাৰ সাক্ষাৎকাৰত কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে কয় যে তেওঁ কোনো ‘বিদ্ৰোহী’ নহয়।

তেওঁ কয়, “মই বিদ্ৰোহী নহয়, মই ব্লেকমেইলো নকৰো… মই শিশু নহয়। মোৰ নিৰ্দিষ্ট লক্ষ্য আৰু আনুগত্য আছে।”

উল্লেখ্য যে দেওবাৰে বেংগালুৰুৰ এখন পাঁচ তাৰকাযুক্ত হোটেলত নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰিবলৈ তিনিজনীয়া এখন কমিটী গঠন কৰিছিল। সূত্ৰ অনুসৰি সমিতিৰ সদস্যসকলে প্ৰতিজন বিধায়কৰ সৈতে পৃথকে পৃথকে আলোচনা কৰে। কিন্তু দীৰ্ঘদিনীয়া বৈঠকৰ পাছতো কোনো সিদ্ধান্ত ল’ব পৰা নগ’ল।

শেহতীয়াকৈ শুনা গৈছে যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক মুখ্যমন্ত্ৰী বাছনিৰ দায়িত্ব দিয়া হৈছে। এনে পৰিস্থিতিত শিৱকুমাৰে সিদ্দাৰামায়াক শুভেচ্ছা দিয়াত দলটোৰ অস্বস্তি হ্ৰাস পাইছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস