--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰথম ক্লাব হিচাপে এ আই এফ এফ ফুটছাল ক্লাব চেম্পিয়নশ্বিপ ২০২৩-২৪ত যোগদান কৰিবলৈ আগশাৰীৰ নিৰ্মাণ কোম্পানী ‘উত্তৰায়ণ গ্ৰুপ’ৰ সহযোগত নিজৰ দল ঘোষণা কৰিলে গুৱাহাটী চিটী এফ চি (জি চি এফ চি)য়ে ৷ ২২ জুনৰ পৰা গুজৰাটৰ বদোদৰাত আৰম্ভ হ’বলগীয়া এআইএফএফ ফুটছাল ক্লাব চেম্পিয়নশ্বিপৰ গ্ৰুপ চিত স্থান লাভ কৰা জিচিএফচিয়ে ২৩ জুনৰ সন্ধিয়া ৫ বজাৰ পৰা স্বৰ্ণিম গুজৰাট স্প’ৰ্টছ ইউনিভাৰ্চিটী ইনড’ৰ ষ্টেডিয়ামত প্ৰথমখন খেলত গোৱাৰ দল এম্বেলিম স্প’ৰ্টছ ক্লাবৰ বিৰুদ্ধে খেলিব। 

জিচিএফচিৰ ফুটছাল দলে সম্প্ৰতি নৱনিযুক্ত ফুটছাল মুখ্য প্ৰশিক্ষক কনচো তাশ্বিৰ অধীনত এই প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে। আনহাতে, এই প্ৰতিযোগিতাৰ লগতে ফুটবলৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্যৰ আগশাৰীৰ নিৰ্মাণ কোম্পানী ‘উত্তৰায়ণ গ্ৰুপ’ৰ সৈতে সহযোগিতাৰ বাবে আগবাঢ়িছে জিচিএফচি ৷ "আগন্তুক এআইএফএফ ফুটছাল ক্লাব চেম্পিয়নশ্বিপৰ বাবে জিচিএফচি আৰু উত্তৰায়ণৰ মাজৰ সহযোগিতাৰ বিষয়ে জনাবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু বিশ্বাস কৰোঁ যে আগন্তুক সময়ত ই ফুটবলৰ বিকাশত অপৰিসীম অৰিহণা যোগাব।"—উত্তৰায়ণ গ্ৰুপৰ সঞ্চালক দীপজ্যোতি বৰুৱাই এইদৰে কয়। উত্তৰায়ণ বিল্ডাৰ্ছ এণ্ড ডেভেলপাৰ্ছৰ চি ই অ’ আয়ুস ৰাথীয়ে কয় যে—"স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ক্ৰীড়াৰ উন্নয়নৰ বাবে স্থানীয় ক্ৰীড়া সংস্থাসমূহৰ সৈতে হাত মিলাই যোৱাটো গুৰুত্বপূৰ্ণ। আমি বিশ্বাস কৰোঁ যে জিচিএফচিৰ সৈতে আমাৰ সহযোগে খেলৰ উত্থানৰ বাবে বহুখিনি সহায় কৰিব ।" 

উত্তৰায়ণক আদৰণি জনাই জিচিএফচিৰ সঞ্চালক ডেৰিক ৰঞ্জন ডেকাই জিচিএফচি আৰু উত্তৰায়ণৰ সহযোগিতাই ৰাজ্যৰ ফুটবলৰ উন্নয়নমূলক দিশত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। ঘোষিত দলটো: জাগোম লয়ি(গ’লকীপাৰ), মনোজ বৰ্মন(গ’লকীপাৰ), পাইছুইংগাউলুং ডছন(গ’লকীপাৰ), ফ্ৰান্সিছ বড়ো (গ’লকীপাৰ), স্বয়িবে(ডিফেণ্ডাৰ), ৰাহুল কলিতা(ডিফেণ্ডাৰ) পাৰ্থ প্ৰতিম শইকীয়া(ডিফেণ্ডাৰ), হাইণ্ডিংবে দিছুৱাং(মিডফিল্ডাৰ), কাৱিলিলাকবৌ(মিডফিল্ডাৰ), এল অৰমান সিংহ(মিডফিল্ডাৰ), টেচি তাত্ৰা(মিডফিল্ডাৰ), ইৰাবেউবো হাইবৱাং(মিডফিল্ডাৰ), জ্যোতিৰ্ময় দাস(মিডফিল্ডাৰ), কুনাল গৌতম(ফৰৱাৰ্ড), টাগ্ৰু জেমছ(ফৰৱাৰ্ড), কেনুমদি ছিয়াৰাউ(ফৰৱাৰ্ড), ৰুদ্ৰেশ্বৰ থাপা (ফৰৱাৰ্ড), ৰিপন আৰ্য (ফৰৱাৰ্ড), অবিনাশ বড়ো (ফৰৱাৰ্ড)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ