--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰথম ক্লাব হিচাপে এ আই এফ এফ ফুটছাল ক্লাব চেম্পিয়নশ্বিপ ২০২৩-২৪ত যোগদান কৰিবলৈ আগশাৰীৰ নিৰ্মাণ কোম্পানী ‘উত্তৰায়ণ গ্ৰুপ’ৰ সহযোগত নিজৰ দল ঘোষণা কৰিলে গুৱাহাটী চিটী এফ চি (জি চি এফ চি)য়ে ৷ ২২ জুনৰ পৰা গুজৰাটৰ বদোদৰাত আৰম্ভ হ’বলগীয়া এআইএফএফ ফুটছাল ক্লাব চেম্পিয়নশ্বিপৰ গ্ৰুপ চিত স্থান লাভ কৰা জিচিএফচিয়ে ২৩ জুনৰ সন্ধিয়া ৫ বজাৰ পৰা স্বৰ্ণিম গুজৰাট স্প’ৰ্টছ ইউনিভাৰ্চিটী ইনড’ৰ ষ্টেডিয়ামত প্ৰথমখন খেলত গোৱাৰ দল এম্বেলিম স্প’ৰ্টছ ক্লাবৰ বিৰুদ্ধে খেলিব। 

জিচিএফচিৰ ফুটছাল দলে সম্প্ৰতি নৱনিযুক্ত ফুটছাল মুখ্য প্ৰশিক্ষক কনচো তাশ্বিৰ অধীনত এই প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে। আনহাতে, এই প্ৰতিযোগিতাৰ লগতে ফুটবলৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্যৰ আগশাৰীৰ নিৰ্মাণ কোম্পানী ‘উত্তৰায়ণ গ্ৰুপ’ৰ সৈতে সহযোগিতাৰ বাবে আগবাঢ়িছে জিচিএফচি ৷ "আগন্তুক এআইএফএফ ফুটছাল ক্লাব চেম্পিয়নশ্বিপৰ বাবে জিচিএফচি আৰু উত্তৰায়ণৰ মাজৰ সহযোগিতাৰ বিষয়ে জনাবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু বিশ্বাস কৰোঁ যে আগন্তুক সময়ত ই ফুটবলৰ বিকাশত অপৰিসীম অৰিহণা যোগাব।"—উত্তৰায়ণ গ্ৰুপৰ সঞ্চালক দীপজ্যোতি বৰুৱাই এইদৰে কয়। উত্তৰায়ণ বিল্ডাৰ্ছ এণ্ড ডেভেলপাৰ্ছৰ চি ই অ’ আয়ুস ৰাথীয়ে কয় যে—"স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ক্ৰীড়াৰ উন্নয়নৰ বাবে স্থানীয় ক্ৰীড়া সংস্থাসমূহৰ সৈতে হাত মিলাই যোৱাটো গুৰুত্বপূৰ্ণ। আমি বিশ্বাস কৰোঁ যে জিচিএফচিৰ সৈতে আমাৰ সহযোগে খেলৰ উত্থানৰ বাবে বহুখিনি সহায় কৰিব ।" 

উত্তৰায়ণক আদৰণি জনাই জিচিএফচিৰ সঞ্চালক ডেৰিক ৰঞ্জন ডেকাই জিচিএফচি আৰু উত্তৰায়ণৰ সহযোগিতাই ৰাজ্যৰ ফুটবলৰ উন্নয়নমূলক দিশত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। ঘোষিত দলটো: জাগোম লয়ি(গ’লকীপাৰ), মনোজ বৰ্মন(গ’লকীপাৰ), পাইছুইংগাউলুং ডছন(গ’লকীপাৰ), ফ্ৰান্সিছ বড়ো (গ’লকীপাৰ), স্বয়িবে(ডিফেণ্ডাৰ), ৰাহুল কলিতা(ডিফেণ্ডাৰ) পাৰ্থ প্ৰতিম শইকীয়া(ডিফেণ্ডাৰ), হাইণ্ডিংবে দিছুৱাং(মিডফিল্ডাৰ), কাৱিলিলাকবৌ(মিডফিল্ডাৰ), এল অৰমান সিংহ(মিডফিল্ডাৰ), টেচি তাত্ৰা(মিডফিল্ডাৰ), ইৰাবেউবো হাইবৱাং(মিডফিল্ডাৰ), জ্যোতিৰ্ময় দাস(মিডফিল্ডাৰ), কুনাল গৌতম(ফৰৱাৰ্ড), টাগ্ৰু জেমছ(ফৰৱাৰ্ড), কেনুমদি ছিয়াৰাউ(ফৰৱাৰ্ড), ৰুদ্ৰেশ্বৰ থাপা (ফৰৱাৰ্ড), ৰিপন আৰ্য (ফৰৱাৰ্ড), অবিনাশ বড়ো (ফৰৱাৰ্ড)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু