--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত পুনৰ মুখামুখি হৈছিল ভাৰত-পাকিস্তান। খেলপথাৰত কটকটীয়া যুঁজ। খেলপথাৰৰ বাহিৰতো এই যুঁজখন সংঘটিত হয়। কিন্তু একপক্ষীয়। ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে তেজ ছিটিকি পৰিল। কৰাচীৰ এটা শ্বপিং মলত ভ্লগিং কৰি থকা অৱস্থাত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে এজন পাকিস্তানী ইউটিউবাৰক।

পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইউটিউবাৰজনৰ নাম সাদ আহমেদ। দেওবাৰে ভাৰত-পাক খেলৰ পূর্বে তেওঁ কৰাচীৰ এটা শ্বপিং মল পৰিদর্শন কৰে৷ তালৈ গৈ সকলোৰে লগত মেচখনৰ কথা পাতিলে। কোনে জয়ী হ’ব পাৰে, কোনজন ক্ৰিকেটাৰে ভাল খেলিব বুলি প্ৰশ্নৰ উত্তৰ ৰেকৰ্ডিং কৰি আছিল।

জানিব পৰা মতে, সাদে নিৰাপত্তাৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। কিন্তু নিৰাপত্তাৰক্ষীয়ে উত্তৰ দিব বিচৰা নাছিল। সাদে তেওঁক বাৰে বাৰে সুধিছিল। কিছুসময়ৰ পাছত হঠাৎ নিৰাপত্তাৰক্ষীয়ে সাদক গুলীচালনা কৰে। থিতাতে মৃত্যু হয় সাদৰ।

সাদৰ এজন বন্ধুৱে কয় যে শ্বপিং মললৈ ভিলগ কৰিবলৈ যোৱাৰ আগতে ছাদে তেওঁক ফোন কৰিছিল। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল তেওঁ। ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’তো নিৰাপত্তাৰক্ষীৰ বক্তব্য প্ৰকাশ পাইছিল। তেওঁ ক’লে, “ল’ৰাটোৱে বাৰে বাৰে অশান্তি দি আছিল। মূৰটো গৰম হৈ পৰিছিল। গতিকে মই গুলী চলাই থাকিলোঁ। ইয়াৰ কি হ’ল মই যি ভাবিছিলো তাকেই কৰিলোঁ।"

ঘটনাৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ নিৰাপত্তাৰক্ষীজনক গ্ৰেপ্তাৰ কৰে। তেওঁৰ গুলীচালনাৰ আঁৰত আন কোনো উদ্দেশ্য আছিল নেকি সেই বিষয়ে তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ