--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত পুনৰ মুখামুখি হৈছিল ভাৰত-পাকিস্তান। খেলপথাৰত কটকটীয়া যুঁজ। খেলপথাৰৰ বাহিৰতো এই যুঁজখন সংঘটিত হয়। কিন্তু একপক্ষীয়। ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে তেজ ছিটিকি পৰিল। কৰাচীৰ এটা শ্বপিং মলত ভ্লগিং কৰি থকা অৱস্থাত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে এজন পাকিস্তানী ইউটিউবাৰক।

পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইউটিউবাৰজনৰ নাম সাদ আহমেদ। দেওবাৰে ভাৰত-পাক খেলৰ পূর্বে তেওঁ কৰাচীৰ এটা শ্বপিং মল পৰিদর্শন কৰে৷ তালৈ গৈ সকলোৰে লগত মেচখনৰ কথা পাতিলে। কোনে জয়ী হ’ব পাৰে, কোনজন ক্ৰিকেটাৰে ভাল খেলিব বুলি প্ৰশ্নৰ উত্তৰ ৰেকৰ্ডিং কৰি আছিল।

জানিব পৰা মতে, সাদে নিৰাপত্তাৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। কিন্তু নিৰাপত্তাৰক্ষীয়ে উত্তৰ দিব বিচৰা নাছিল। সাদে তেওঁক বাৰে বাৰে সুধিছিল। কিছুসময়ৰ পাছত হঠাৎ নিৰাপত্তাৰক্ষীয়ে সাদক গুলীচালনা কৰে। থিতাতে মৃত্যু হয় সাদৰ।

সাদৰ এজন বন্ধুৱে কয় যে শ্বপিং মললৈ ভিলগ কৰিবলৈ যোৱাৰ আগতে ছাদে তেওঁক ফোন কৰিছিল। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল তেওঁ। ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’তো নিৰাপত্তাৰক্ষীৰ বক্তব্য প্ৰকাশ পাইছিল। তেওঁ ক’লে, “ল’ৰাটোৱে বাৰে বাৰে অশান্তি দি আছিল। মূৰটো গৰম হৈ পৰিছিল। গতিকে মই গুলী চলাই থাকিলোঁ। ইয়াৰ কি হ’ল মই যি ভাবিছিলো তাকেই কৰিলোঁ।"

ঘটনাৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ নিৰাপত্তাৰক্ষীজনক গ্ৰেপ্তাৰ কৰে। তেওঁৰ গুলীচালনাৰ আঁৰত আন কোনো উদ্দেশ্য আছিল নেকি সেই বিষয়ে তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু