--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এআইইউডিএফৰ সভাপতি, সাংসদ বদৰুদ্দিন আজমলক অসমীয়া জাতিৰ শত্ৰু আখ্যা দি ইউডিএফৰ মিত্ৰতাৰ প্ৰস্তাৱ পোনছাটেই নাকচ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, যি সময়ত হিন্দু-মুছলমান-জৈন-খ্ৰীষ্টান আদি সকলো ধৰ্মাৱলম্বী আৰু সংখ্যাগুৰু-সংখ্যালঘু সকলো সম্প্ৰদায়ৰ লোকে মিলি জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী কৰাৰ প্ৰক্ৰিয়া চলাই আছে, তেনে সময়ত বিজেপিৰ শ্ৰুতলিপি অনুসৰি সাম্প্ৰদায়িক এজেণ্ডা চলাই আজমল নেতৃত্বাধীন এআইইউডিএফে জাতিগঠন আৰু শক্তিশালীকৰণক বাধাপ্ৰাপ্ত কৰিছে৷ সেয়ে বিজেপিয়ে যেনেকৈ হিন্দী বলয়ৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয়তাবাদী এজেণ্ডাৰে জাতিক দুৰ্বল কৰি আছে, তেনেকৈ আজমলেও জাতিৰ অপূৰণীয় ক্ষতি কৰিছে৷

উল্লেখযোগ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত এআইইইডিএফে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ দৰে জাতীয়তাবাদী শক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াই বা দল দুটাক লৈ মিত্ৰজোঁট গঠনেৰে বিজেপিক পৰাজিত কৰিব বুলি কালি এআইডিএফ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ ৰফিকুল ইছলামে এক মন্তব্য প্ৰকাশ কৰিছিল৷ ইউডিএফৰ বিধায়কগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে সংবাদ মাধ্যমৰ সন্মুখত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে এআইইউডিএফে জাতীয়তাবাদী সত্তাৰ সৈতে মিত্ৰতা স্থাপনৰ কল্পনা কৰাটোয়েই এটা স্পৰ্ধা৷

নিজৰ সাম্প্ৰদায়িক এজেণ্ডাৰে অসমত বিভেদৰ বীজ সিঁচা আৰু বিজেপিৰ সঞ্জীৱনী সুধা হিচাপে কাম কৰা এআইইউডিএফে জাতীয়তাবাদ শব্দটো মুখত লোৱাটোয়েই এটা নৈতিক অপৰাধ৷ কাৰণ সংখ্যাগুৰু আৰু সংখ্যালঘু সকলো সম্প্ৰদায়ৰ জাতিপ্ৰেমী লোকসকলে সুদীৰ্ঘ কালজোৰা অৱদানেৰে যি অসমীয়া জাতি আৰু জাতীয়তাবাদৰ ভেটি তৈয়াৰ কৰিছে, বিজেপি আৰু এআইইউডিএফে মিলি সেই ভেটি থানবান কৰাৰ অপচেষ্টা চলাই আহিছে৷ এনে অৱস্থাত আজমল অসমীয়া জাতিৰ বন্ধু হ’বই নোৱাৰে তেওঁ মন্তব্য কৰে৷

তাৎপৰ্যপূৰ্ণভাৱে, বদৰুদ্দিন আজমল অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা অসম সাহিত্য সভাৰ হোজাই অধিৱেশনৰ আদৰণি সমিতিৰ তেওঁ সভাপতিৰো দায়িত্বত আছিল৷ সেই সূত্ৰে আজমলে নিজকে অসমীয়া বুলি দাবী কৰি আহিছে৷ এই কথা উনুকিয়াই দি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লুৰীণজ্যোতিয়ে কয় যে আজমলৰ কথা আৰু কামৰ মাজত মিল নাই৷ তেওঁ দেখুৱায় এটা আৰু কৰে আন এটা৷ নিজকে অসমীয়া বুলি দাবী কৰিলেও তেওঁৰ ৰাজনৈতিক কাম-কাজে অসমীয়া জাতিৰ ক্ষতিহে কৰি আছে৷

এআইইউডিএফ দলৰ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি গগৈয়ে কয় যে যিটো ৰাজনৈতিক দলে অসমীয়া জাতিৰ ক্ষতি কৰি আহিছে, যিটো ৰাজনৈতিক দলে অসমত সাম্প্ৰদায়িক এজেণ্ডা চলাই আছে, যিটো দলে বিজেপিৰ শ্ৰুতলিপি মতে প্ৰতিটো কাম কৰে, তেওঁলোকৰ সৈতে মিত্ৰতা বা বুজাপৰাৰ প্ৰশ্নই আহিব নোৱাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement