--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক ‘তুচ্চ-তাচ্ছিল্য’ৰ ৰাজনীতি এৰি সংসদৰ দায়িত্বত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদে৷ আজি এখন সংবাদ মেলত সাংবাদিকে সোধা প্ৰশ্নৰত জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় যে এআইইউডিএফৰ ভোটেৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা আৰু নিজৰ উপাধিটোকে লিখিবলৈ সাহস নথকা নেতাই অসমীয়া ৰাইজৰ হৈ সংসদত মাত মাতিব নোৱৰাটো স্বাভাৱিক৷ সাংসদ মাৰ্ঘেৰিটাৰ সাংসদ হিচাপে প্ৰদৰ্শন শূন্য৷ সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পাছত তেওঁ এতিয়ালৈ সংসদত এটাও প্ৰশ্ন উত্থাপন কৰিব পৰা নাই, এটাও বিতর্কত ভাগ ল’ব পৰা নাই৷ আনকি সাংসদ এলেকা উন্নয়ন পুঁজি ক’ত খৰচ কৰিছে তাৰো একো তথ্য ৰাজহুৱা হোৱা নাই৷ ৰাজ্যসভাৰ সাংসদ হিচাপে অসমবাসীৰ সমস্যা তথা মনৰ কথা সংসদত উত্থাপন কৰাটো তেওঁৰ মূল দায়িত্ব৷ কিন্তু তাকে নকৰি তেওঁ অন্য ৰাজনৈতিক দলক তুচ্চ-তাচ্ছিল্য কৰি মূল্যবোধহীন ৰাজনীতিকৰ পৰিচয় দি আহিছে৷ গতিকে তেওঁ সাংসদ হিচাপে নিজৰ ওপৰত অৰ্পিত দায়িত্ব সুচাৰুৰূপে পালন কৰাত মনোনিৱেশ কৰা উচিত৷ 

উল্লেখযোগ্য যে এআইইউডিএফে জাতীয় পৰিষদলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কালি বদৰুদ্দিন আজমলক সমালোচনা কৰাৰ পাছতে লুৰীণজ্যোতিগগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছিল সাংসদ মাৰ্ঘেৰিটা৷ তেওঁ লুৰীণজ্যোতি গগৈয়ে এটা ক্লাবতকৈ সৰু ৰাজনৈতিক দল চলোৱা বুলি জাতীয়তাবাদী নেতাগৰাকীক তাচ্ছিল্য কৰিছিল৷ 

আজি সাংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন কৰাত জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয়, আমি এআইইউডিএফক প্ৰশ্ন কৰিছোঁ৷ কিন্তু উত্তৰ দিছে পবিত্ৰ মাৰ্ঘেৰিটাই৷ আমি সমালোচনা কৰিছোঁ বদৰুদ্দিন আজমলক৷ কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই৷ কিয়? ৰহস্যটো কি? তেওঁ ভাৰতৰ উচ্চ সদনৰ এগৰাকী সাংসদ৷ তেখেতৰ পদৰ মৰ্যদা আছে৷ কিন্তু তুচ্চ-তাচ্ছিল্য ভৰা বক্তব্যৰে তেওঁ নিজৰ পদমৰ্যদা অৱনমিত কৰিছে৷ এয়া মূল্যবোধহীন ৰাজনীতি৷ তেওঁৰ স্তৰলৈকে নামি যাব পৰা হ’লে আমিও তেওঁক তেওঁৰ ভাষাৰে উত্তৰ দিব পাৰিলোঁহেঁতেন৷ কাৰণ তেওঁৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনৰ ইতিহাস আমি জানো৷ কিন্তু আমি মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰো৷ বিৰোধীৰ সমালোচনাক সহ্য কৰাৰ সহনশীলতাখিনি শাসক দলৰ থকা উচিত৷ এয়াই আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু