--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক ‘তুচ্চ-তাচ্ছিল্য’ৰ ৰাজনীতি এৰি সংসদৰ দায়িত্বত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদে৷ আজি এখন সংবাদ মেলত সাংবাদিকে সোধা প্ৰশ্নৰত জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় যে এআইইউডিএফৰ ভোটেৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা আৰু নিজৰ উপাধিটোকে লিখিবলৈ সাহস নথকা নেতাই অসমীয়া ৰাইজৰ হৈ সংসদত মাত মাতিব নোৱৰাটো স্বাভাৱিক৷ সাংসদ মাৰ্ঘেৰিটাৰ সাংসদ হিচাপে প্ৰদৰ্শন শূন্য৷ সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পাছত তেওঁ এতিয়ালৈ সংসদত এটাও প্ৰশ্ন উত্থাপন কৰিব পৰা নাই, এটাও বিতর্কত ভাগ ল’ব পৰা নাই৷ আনকি সাংসদ এলেকা উন্নয়ন পুঁজি ক’ত খৰচ কৰিছে তাৰো একো তথ্য ৰাজহুৱা হোৱা নাই৷ ৰাজ্যসভাৰ সাংসদ হিচাপে অসমবাসীৰ সমস্যা তথা মনৰ কথা সংসদত উত্থাপন কৰাটো তেওঁৰ মূল দায়িত্ব৷ কিন্তু তাকে নকৰি তেওঁ অন্য ৰাজনৈতিক দলক তুচ্চ-তাচ্ছিল্য কৰি মূল্যবোধহীন ৰাজনীতিকৰ পৰিচয় দি আহিছে৷ গতিকে তেওঁ সাংসদ হিচাপে নিজৰ ওপৰত অৰ্পিত দায়িত্ব সুচাৰুৰূপে পালন কৰাত মনোনিৱেশ কৰা উচিত৷ 

উল্লেখযোগ্য যে এআইইউডিএফে জাতীয় পৰিষদলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কালি বদৰুদ্দিন আজমলক সমালোচনা কৰাৰ পাছতে লুৰীণজ্যোতিগগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছিল সাংসদ মাৰ্ঘেৰিটা৷ তেওঁ লুৰীণজ্যোতি গগৈয়ে এটা ক্লাবতকৈ সৰু ৰাজনৈতিক দল চলোৱা বুলি জাতীয়তাবাদী নেতাগৰাকীক তাচ্ছিল্য কৰিছিল৷ 

আজি সাংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন কৰাত জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয়, আমি এআইইউডিএফক প্ৰশ্ন কৰিছোঁ৷ কিন্তু উত্তৰ দিছে পবিত্ৰ মাৰ্ঘেৰিটাই৷ আমি সমালোচনা কৰিছোঁ বদৰুদ্দিন আজমলক৷ কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই৷ কিয়? ৰহস্যটো কি? তেওঁ ভাৰতৰ উচ্চ সদনৰ এগৰাকী সাংসদ৷ তেখেতৰ পদৰ মৰ্যদা আছে৷ কিন্তু তুচ্চ-তাচ্ছিল্য ভৰা বক্তব্যৰে তেওঁ নিজৰ পদমৰ্যদা অৱনমিত কৰিছে৷ এয়া মূল্যবোধহীন ৰাজনীতি৷ তেওঁৰ স্তৰলৈকে নামি যাব পৰা হ’লে আমিও তেওঁক তেওঁৰ ভাষাৰে উত্তৰ দিব পাৰিলোঁহেঁতেন৷ কাৰণ তেওঁৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনৰ ইতিহাস আমি জানো৷ কিন্তু আমি মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰো৷ বিৰোধীৰ সমালোচনাক সহ্য কৰাৰ সহনশীলতাখিনি শাসক দলৰ থকা উচিত৷ এয়াই আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক