--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ, অভিনেত্ৰী মাধুৰী দীক্ষিতৰ ৰঙা ছিল্ক পোছাকৰ সৈতে তোলা এক ফটোশ্বুটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ মাধুৰী দীক্ষিতে তেওঁৰ অভিনয় আৰু যাদুকৰী নৃত্যৰে কেইবা দশক ধৰি অনুৰাগীক কৰিছিল মুহিত। নিজৰ নৃত্যশৈলীৰে অনুৰাগীৰ মন জয় কৰা ৫৪ বছৰীয়া মাধুৰীৰ সৌন্দৰ্যই এতিয়াও বিমুগ্ধ হয় সহস্ৰজন৷ উল্লেখ্য যে, অভিনয়ৰ জগতৰ পৰা বিৰতি লৈছিল অভিনেত্ৰীগৰাকীয়ে৷ খবৰ অনুসৰি, সহস্ৰজনৰ হৃদয়ৰ স্পন্দন বঢ়াবলৈ পুনৰ অভিনয়লৈ উভতি আহিছে তেওঁ। বাব্লী গাৰ্ল মাধুৰী দীক্ষিতে শেহতীয়া ৱেব ছিৰিজত আত্মপ্ৰকাশ কৰিছে। ৰঙা ছিল্ক পোছাক পিন্ধা অভিনেত্ৰীগৰাকীৰ ফটো শ্বুটে মুহিত কৰিছে তেওঁৰ অনুৰাগীসকলক৷ প্ৰায় চাৰি দশক ধৰি বৰ্তি থকা তেওঁৰ কেৰিয়াৰত বহু জনপ্ৰিয় ছবি উপহাৰ দিছে অনুৰাগীক৷ চলচ্চিত্ৰৰ পাছত, মাধুৰী দীক্ষিতক এতিয়া প্ৰথমবাৰৰ বাবে ষ্ট্ৰীমিং স্পেছত দেখা যাব। অভিনেত্ৰীগৰাকীয়ে নেটফ্লিক্সৰ আহিবলগীয়া থ্ৰিলাৰ ‘দ্য ফেম গেম’ত অভিনয় কৰিছে বুলি জানিবলৈ পোৱা গৈছে৷ য’ত তেওঁ বলীউডৰ ছুপাৰষ্টাৰ অনামিকা আনন্দৰ চৰিত্ৰত অভিনয় কৰিছে৷ বহুতে অনুষ্ঠানটোক তেওঁৰ ‘অ’টিটি আত্মপ্ৰকাশ’ বুলি অভিহিত কৰিছে৷ অলপতে এক সাক্ষাৎকাৰত তেওঁ কয়, ‘প্ৰথমবাৰৰ বাবে অ’টিটি প্লেটফৰ্মত অভিনয় কৰিছো। মোৰ ৩৫ বছৰীয়া কেৰিয়াত মই নিজকে অলপ সলনি কৰিছো। মই শিকি ভাল পাওঁ। মোৰ বাবে, অ’টিটি প্লেটফৰ্ম হৈছে চলচ্চিত্ৰ নিৰ্মাণৰ এক পৃথক ভাষা, এক পৃথক প্ৰণালী।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু