--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ, অভিনেত্ৰী মাধুৰী দীক্ষিতৰ ৰঙা ছিল্ক পোছাকৰ সৈতে তোলা এক ফটোশ্বুটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ মাধুৰী দীক্ষিতে তেওঁৰ অভিনয় আৰু যাদুকৰী নৃত্যৰে কেইবা দশক ধৰি অনুৰাগীক কৰিছিল মুহিত। নিজৰ নৃত্যশৈলীৰে অনুৰাগীৰ মন জয় কৰা ৫৪ বছৰীয়া মাধুৰীৰ সৌন্দৰ্যই এতিয়াও বিমুগ্ধ হয় সহস্ৰজন৷ উল্লেখ্য যে, অভিনয়ৰ জগতৰ পৰা বিৰতি লৈছিল অভিনেত্ৰীগৰাকীয়ে৷ খবৰ অনুসৰি, সহস্ৰজনৰ হৃদয়ৰ স্পন্দন বঢ়াবলৈ পুনৰ অভিনয়লৈ উভতি আহিছে তেওঁ। বাব্লী গাৰ্ল মাধুৰী দীক্ষিতে শেহতীয়া ৱেব ছিৰিজত আত্মপ্ৰকাশ কৰিছে। ৰঙা ছিল্ক পোছাক পিন্ধা অভিনেত্ৰীগৰাকীৰ ফটো শ্বুটে মুহিত কৰিছে তেওঁৰ অনুৰাগীসকলক৷ প্ৰায় চাৰি দশক ধৰি বৰ্তি থকা তেওঁৰ কেৰিয়াৰত বহু জনপ্ৰিয় ছবি উপহাৰ দিছে অনুৰাগীক৷ চলচ্চিত্ৰৰ পাছত, মাধুৰী দীক্ষিতক এতিয়া প্ৰথমবাৰৰ বাবে ষ্ট্ৰীমিং স্পেছত দেখা যাব। অভিনেত্ৰীগৰাকীয়ে নেটফ্লিক্সৰ আহিবলগীয়া থ্ৰিলাৰ ‘দ্য ফেম গেম’ত অভিনয় কৰিছে বুলি জানিবলৈ পোৱা গৈছে৷ য’ত তেওঁ বলীউডৰ ছুপাৰষ্টাৰ অনামিকা আনন্দৰ চৰিত্ৰত অভিনয় কৰিছে৷ বহুতে অনুষ্ঠানটোক তেওঁৰ ‘অ’টিটি আত্মপ্ৰকাশ’ বুলি অভিহিত কৰিছে৷ অলপতে এক সাক্ষাৎকাৰত তেওঁ কয়, ‘প্ৰথমবাৰৰ বাবে অ’টিটি প্লেটফৰ্মত অভিনয় কৰিছো। মোৰ ৩৫ বছৰীয়া কেৰিয়াত মই নিজকে অলপ সলনি কৰিছো। মই শিকি ভাল পাওঁ। মোৰ বাবে, অ’টিটি প্লেটফৰ্ম হৈছে চলচ্চিত্ৰ নিৰ্মাণৰ এক পৃথক ভাষা, এক পৃথক প্ৰণালী।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু