--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চনৰ মুখত প্ৰভাস বন্দনা। দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ জনৰ সৈতে কাম কৰি উচ্ছসিত বিগ-বি। দৃশ্যগ্ৰহণৰ প্ৰথম দিনাই আৱেগিক হৈ পৰে বিগ-বি। অভিনেতাজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বলীউড শ্বেহেনশ্বাহ। প্ৰথমবাৰৰ বাবে দুয়োজনে একেলগে একেখন ছবিতে অভিনয় কৰিছে। প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ সৈতে অভিনয়ৰ সুযোগ লাভৰ পাছতে তাৰকা অভিনেতাগৰাকীৰ মুখত ফুটি উঠিছিল কৃতজ্ঞতাৰ শব্দ।অমিতাভৰ সৈতে অভিনয় কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছিল প্ৰভাসে। কেৱল প্ৰভাসেই নহয়।তৰুণ ছুপাৰষ্টাৰগৰাকীৰ সৈতে অভিনয় কৰিবলৈ পাই মুগ্ধ অমিতাভ নিজেই।বিগত চাৰি-পাঁচটা দশকে বলীউডত ৰাজ কৰি থকা অমিতাভৰ দৰে কিংবদন্তী তাৰকা অভিনেতাৰ মুখত প্ৰভাসৰ কথা শুনি তেওঁৰ সৰল ব্যক্তিত্বত গদ গদ হৈ পৰিছে দেশৰ প্ৰতিগৰাকী সচেতন নাগৰিক। এগৰাকী জ্যেষ্ঠ অভিনেতা হোৱা স্বত্বেও দক্ষিণৰ ছুপাৰষ্টাৰৰ প্ৰশংসাত কৃপনালি কৰা নাছিল বিগ-বি অমিতাভে। তেওঁ কয়, ‘প্ৰথম দিন, প্ৰথম দৃশ্যগ্ৰহণ আৰু প্ৰভাসৰ সৈতে প্ৰথম চলচ্চিত্ৰ। তেওঁৰ প্ৰতিভা আৰু অত্যন্ত নম্ৰ স্বভাৱৰ বাবে অশেষ ধন্যবাদ। তেওঁৰ সৈতে থকাৰ অৰ্থ হৈছে এক অনন্য সন্মান লাভ আৰু নতুন কিবা শিকাৰ সুযোগ।’ স্বাভাৱিকতে, অমিতাভৰ কথাত উত্‍ফুল্লিত প্ৰভাস। এটা মুহূৰ্তও নষ্ট নকৰাকৈ মনৰ কথা ব্যক্ত কৰে প্ৰভাসে। অমিতাভৰ সৈতে কাম কৰাৰ অৰ্থ হৈছে স্বপ্নপূৰণ হোৱা। প্ৰথম দিনৰ প্ৰথম শ্বটটো শেষ কৰি মই অভিভূত। চলচ্চিত্ৰখনৰ প্ৰথম দিনটোৰ পৰাই দুয়োজনৰ পৰস্পৰৰ প্ৰতি থকা সন্মানে দৰ্শকৰ অন্তৰ জয় কৰিছে। প্ৰভাসে আগতে কৈছিল যে তেওঁ অমিতাভ অনুৰাগী আৰু গোটেই জীৱন তেওঁৰ চলচ্চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে। আনহাতে, দীপিকা পাডুকনকো ছবিখনত দুয়োগৰাকী ছুপাৰষ্টাৰৰ সৈতে অভিনয় কৰা দেখিবলৈ পাব অনুৰাগীয়ে। ডিচেম্বৰ মাহতে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আগবঢ়াই থৈছিল দীপিকাই। আগন্তুক সময়ত আহিবলগীয়া প্ৰজেক্ট কে ছবিখন পৰিচালনা কৰিছে নাগ অশ্বিনে । দীপিকা আৰু প্ৰভাসৰ যুটি ছবিখনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি জনাইছে পৰিচালকে। ছবিখন বৈজয়ন্তী চলচ্চিত্ৰৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু