--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চনৰ মুখত প্ৰভাস বন্দনা। দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ জনৰ সৈতে কাম কৰি উচ্ছসিত বিগ-বি। দৃশ্যগ্ৰহণৰ প্ৰথম দিনাই আৱেগিক হৈ পৰে বিগ-বি। অভিনেতাজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বলীউড শ্বেহেনশ্বাহ। প্ৰথমবাৰৰ বাবে দুয়োজনে একেলগে একেখন ছবিতে অভিনয় কৰিছে। প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ সৈতে অভিনয়ৰ সুযোগ লাভৰ পাছতে তাৰকা অভিনেতাগৰাকীৰ মুখত ফুটি উঠিছিল কৃতজ্ঞতাৰ শব্দ।অমিতাভৰ সৈতে অভিনয় কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছিল প্ৰভাসে। কেৱল প্ৰভাসেই নহয়।তৰুণ ছুপাৰষ্টাৰগৰাকীৰ সৈতে অভিনয় কৰিবলৈ পাই মুগ্ধ অমিতাভ নিজেই।বিগত চাৰি-পাঁচটা দশকে বলীউডত ৰাজ কৰি থকা অমিতাভৰ দৰে কিংবদন্তী তাৰকা অভিনেতাৰ মুখত প্ৰভাসৰ কথা শুনি তেওঁৰ সৰল ব্যক্তিত্বত গদ গদ হৈ পৰিছে দেশৰ প্ৰতিগৰাকী সচেতন নাগৰিক। এগৰাকী জ্যেষ্ঠ অভিনেতা হোৱা স্বত্বেও দক্ষিণৰ ছুপাৰষ্টাৰৰ প্ৰশংসাত কৃপনালি কৰা নাছিল বিগ-বি অমিতাভে। তেওঁ কয়, ‘প্ৰথম দিন, প্ৰথম দৃশ্যগ্ৰহণ আৰু প্ৰভাসৰ সৈতে প্ৰথম চলচ্চিত্ৰ। তেওঁৰ প্ৰতিভা আৰু অত্যন্ত নম্ৰ স্বভাৱৰ বাবে অশেষ ধন্যবাদ। তেওঁৰ সৈতে থকাৰ অৰ্থ হৈছে এক অনন্য সন্মান লাভ আৰু নতুন কিবা শিকাৰ সুযোগ।’ স্বাভাৱিকতে, অমিতাভৰ কথাত উত্‍ফুল্লিত প্ৰভাস। এটা মুহূৰ্তও নষ্ট নকৰাকৈ মনৰ কথা ব্যক্ত কৰে প্ৰভাসে। অমিতাভৰ সৈতে কাম কৰাৰ অৰ্থ হৈছে স্বপ্নপূৰণ হোৱা। প্ৰথম দিনৰ প্ৰথম শ্বটটো শেষ কৰি মই অভিভূত। চলচ্চিত্ৰখনৰ প্ৰথম দিনটোৰ পৰাই দুয়োজনৰ পৰস্পৰৰ প্ৰতি থকা সন্মানে দৰ্শকৰ অন্তৰ জয় কৰিছে। প্ৰভাসে আগতে কৈছিল যে তেওঁ অমিতাভ অনুৰাগী আৰু গোটেই জীৱন তেওঁৰ চলচ্চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে। আনহাতে, দীপিকা পাডুকনকো ছবিখনত দুয়োগৰাকী ছুপাৰষ্টাৰৰ সৈতে অভিনয় কৰা দেখিবলৈ পাব অনুৰাগীয়ে। ডিচেম্বৰ মাহতে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আগবঢ়াই থৈছিল দীপিকাই। আগন্তুক সময়ত আহিবলগীয়া প্ৰজেক্ট কে ছবিখন পৰিচালনা কৰিছে নাগ অশ্বিনে । দীপিকা আৰু প্ৰভাসৰ যুটি ছবিখনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি জনাইছে পৰিচালকে। ছবিখন বৈজয়ন্তী চলচ্চিত্ৰৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ