--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাৰ্বিয়ান মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল হাৰ্ডিক পাণ্ড্যা। ২০২০ চনত বিবাহপাশত আবদ্ধ হয় নাটাছা-হাৰ্ডিক। তাৰপাছত এটি পুত্ৰৰ পিতৃ-মাতৃ হয় দুয়ো। এইবাৰ শুনা গৈছে যে দম্পতীহালে আকৌ বিয়া পাতিবলৈ ওলাইছে। এবাৰ বিয়া পাতি হেপাহ নপলালে দম্পতীহালৰ। এতিয়া পুনৰ বিয়া পাতিবলৈ উলাইছে।

দুয়োৰে মাজত প্ৰথম কথা-বতৰা হৈছিল মুম্বাইৰ এটা নাইট ক্লাবত। হাৰ্দিকে প্ৰথম দৃষ্টিতে নাটাছাৰ প্ৰেমত পৰিছিল। তাৰপাছতে দুয়োকে একেলগে দেখা গৈছিল। হাৰ্দিক-নাটাছাৰ ৰসায়ন চৰ্চিত হৈ পৰিছিল।

কেইদিনমানৰ পিছত হাৰ্দিক আৰু নাটাছাৰ পৰিয়াল দুটাই বিয়াৰ কথা পাতে। হাৰ্দিকে অধিক সময় নষ্ট কৰিব বিচৰা নাছিল। ২০২০ চনৰ ৩১ মে’ত খৰখেদাকৈ বিয়া পাতিলে এইগৰাকী ভাৰতীয় ক্ৰিকেট তাৰকাই। বিয়াৰ পিছত এফালে হাৰ্দিকৰ কেৰিয়াৰ উৰ্ধমুখী হৈ পৰিছিল, আনফালে পৰিয়াললৈ এটা সন্তান আহিছিল।

ইয়াৰ পিছত দম্পতীহাল পুত্ৰ অগস্ত্যক লৈ অধিক ব্যস্ত হৈ পৰিল। মুঠতে যোৱা তিনি বছৰত তেওঁলোকে নিজৰ বাবে বেছি সময় ৰাহি কৰিব পৰা নাছিল। সেয়ে এইবাৰ নাটাছাই পুনৰ বিয়াৰ অনুষ্ঠান সম্পন্ন কৰাৰ ইচ্ছা কৰিছে।

শুনা গৈছে যে প্ৰেমৰ দিন ১৪ ফেব্ৰুৱাৰীত ৰাজস্থানৰ উদয়পুৰত হাৰ্দিক-নাটাছাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ১৩ ফেব্ৰুৱাৰীত মেহেন্দি, সংগীত আৰু ৰঙীন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা। ইতিমধ্যে নাটাছাই বিয়াৰ বাবে পোছাক বাছি লৈছে। বিশেষ দিনটোত পিন্ধিব বগা গাউন। এই মুহূৰ্তত উদয়পুৰত এই ৰাজকীয় বিয়াৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক