--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত যোৱা বৰ্ষৰ অক্টোবৰত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই আজি এটা বছৰ সম্পূৰ্ণ কৰিলে। কেন্দ্ৰীয় চৰকাৰে চৰকাৰে গ্ৰহণ কৰি তিনি কৃষি আইনৰ বিৰোধীতাৰে তীব্ৰ আন্দোলন চলাই থকাৰ সমসাময়িকভাৱে খেৰীত সংঘটিত এই হত্যাকাণ্ডৰ দিনটোত আজি কিষাণ মজদুৰ সংগ্ৰাম সমিতিৰ সদস্যসকলে পঞ্জাৱত তিনি ঘণ্টাৰ বাবে ৰে'ল চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ তথা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা কৃষকসকলক মুক্তি দিয়াৰ দাবী জনাই আজি এই প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে কৃষক আন্দোলনৰ সময়ত আন্দোলনৰ সবল নেতৃত্ব বহন কৰা অন্যতম এগৰাকী কৃষক নেতা ৰাকেশ টিকাইটেও আজি লখিমপুৰ খেৰী হত্যাকাণ্ড সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে। এই নিৰ্মম হত্যাকাণ্ডৰ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো হত্যাকাণ্ডত নিহত কৃষকসকলৰ পৰিয়াল ন্যায়ৰ পৰা বঞ্চিত হৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা টিকাইটে। এক সাক্ষাৎকাৰত টিকাইটে কয় যে যোৱা বৰ্ষৰ আজিৰ দিনটোতে টিকুনিয়া গাঁৱত সংঘটিত হোৱা হিংসাত্মক ঘটনাক দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। 

এই ঘটনাত নিহত কৃষক সকলৰ পৰিয়ালৰ বাবে চৰকাৰে ন্যায় নিশ্চিত কৰা নাই বুলি মন্তব্য কৰিছে টিকাইটে। চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা টিকাইটে শাসনত অধিষ্ঠিত বৰ্তমানৰ চৰকাৰৰ দেশৰ আইনী ব্যৱস্থা বা সংবিধানত কোনো বিশ্বাস নাই বুলি অভিযোগ কৰি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলিও দাবী কৰে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে প্ৰতিবাদী কৃষকসকলক মহতীয়াই নিছিল। এই নৃশংস হত্যাকাণ্ডত চাৰিগৰাকী কৃষকৰ মৃত্যু হৈছিল। প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশ চৰকাৰে মূল অভিযুক্ত আশীষ মিশ্ৰক ৰক্ষণাবেক্ষণ দিছিল যদিও পিছত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

এই হত্যাকাণ্ডৰ তদন্ত কৰি থকা বিশেষ তদন্ত কমিটিয়ে  এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ আছিল বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল। হত্যাৰ অভিযোগত আশীষ মিশ্ৰৰ নাম সাঙোৰ খাই পৰাৰ পিছত দেশৰ বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে কৃষক সংগঠনসমূহেও কেন্দ্ৰীয় মন্ত্ৰীত্বৰ পৰা অজয় মিশ্ৰক বৰ্খাস্ত কৰাৰ দাবী তুলিছিল। কিন্তু এই দাবীলৈ কোনো কেৰেপ কৰা নাছিল বিজেপি চৰকাৰে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আশীষ মিশ্ৰক ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। এলাহাবাদ উচ্ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে খেৰীকাণ্ডত নিহত হোৱা কৃষক সকলৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত ১৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন বাতিল কৰি এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

এক শুনানিৰ সময়ত, শীৰ্ষ আদালতে মিশ্ৰাক জামিন প্ৰদান কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে ইয়াৰ অধিকাৰ ক্ষেত্ৰ অতিক্ৰম কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ২৪ এপ্ৰিলত পুনৰ আত্মসমৰ্পণ কৰিছিল আশীষ মিশ্ৰই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে