--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত যোৱা বৰ্ষৰ অক্টোবৰত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই আজি এটা বছৰ সম্পূৰ্ণ কৰিলে। কেন্দ্ৰীয় চৰকাৰে চৰকাৰে গ্ৰহণ কৰি তিনি কৃষি আইনৰ বিৰোধীতাৰে তীব্ৰ আন্দোলন চলাই থকাৰ সমসাময়িকভাৱে খেৰীত সংঘটিত এই হত্যাকাণ্ডৰ দিনটোত আজি কিষাণ মজদুৰ সংগ্ৰাম সমিতিৰ সদস্যসকলে পঞ্জাৱত তিনি ঘণ্টাৰ বাবে ৰে'ল চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ তথা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা কৃষকসকলক মুক্তি দিয়াৰ দাবী জনাই আজি এই প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে কৃষক আন্দোলনৰ সময়ত আন্দোলনৰ সবল নেতৃত্ব বহন কৰা অন্যতম এগৰাকী কৃষক নেতা ৰাকেশ টিকাইটেও আজি লখিমপুৰ খেৰী হত্যাকাণ্ড সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে। এই নিৰ্মম হত্যাকাণ্ডৰ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো হত্যাকাণ্ডত নিহত কৃষকসকলৰ পৰিয়াল ন্যায়ৰ পৰা বঞ্চিত হৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা টিকাইটে। এক সাক্ষাৎকাৰত টিকাইটে কয় যে যোৱা বৰ্ষৰ আজিৰ দিনটোতে টিকুনিয়া গাঁৱত সংঘটিত হোৱা হিংসাত্মক ঘটনাক দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। 

এই ঘটনাত নিহত কৃষক সকলৰ পৰিয়ালৰ বাবে চৰকাৰে ন্যায় নিশ্চিত কৰা নাই বুলি মন্তব্য কৰিছে টিকাইটে। চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা টিকাইটে শাসনত অধিষ্ঠিত বৰ্তমানৰ চৰকাৰৰ দেশৰ আইনী ব্যৱস্থা বা সংবিধানত কোনো বিশ্বাস নাই বুলি অভিযোগ কৰি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলিও দাবী কৰে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে প্ৰতিবাদী কৃষকসকলক মহতীয়াই নিছিল। এই নৃশংস হত্যাকাণ্ডত চাৰিগৰাকী কৃষকৰ মৃত্যু হৈছিল। প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশ চৰকাৰে মূল অভিযুক্ত আশীষ মিশ্ৰক ৰক্ষণাবেক্ষণ দিছিল যদিও পিছত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

এই হত্যাকাণ্ডৰ তদন্ত কৰি থকা বিশেষ তদন্ত কমিটিয়ে  এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ আছিল বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল। হত্যাৰ অভিযোগত আশীষ মিশ্ৰৰ নাম সাঙোৰ খাই পৰাৰ পিছত দেশৰ বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে কৃষক সংগঠনসমূহেও কেন্দ্ৰীয় মন্ত্ৰীত্বৰ পৰা অজয় মিশ্ৰক বৰ্খাস্ত কৰাৰ দাবী তুলিছিল। কিন্তু এই দাবীলৈ কোনো কেৰেপ কৰা নাছিল বিজেপি চৰকাৰে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আশীষ মিশ্ৰক ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। এলাহাবাদ উচ্ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে খেৰীকাণ্ডত নিহত হোৱা কৃষক সকলৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত ১৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন বাতিল কৰি এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

এক শুনানিৰ সময়ত, শীৰ্ষ আদালতে মিশ্ৰাক জামিন প্ৰদান কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে ইয়াৰ অধিকাৰ ক্ষেত্ৰ অতিক্ৰম কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ২৪ এপ্ৰিলত পুনৰ আত্মসমৰ্পণ কৰিছিল আশীষ মিশ্ৰই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান