--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সকলো লোক পূজাৰ পাৰহঙা উৎসাহত মতলীয়া পৰিছে৷ কলকাতাৰ দাঁতিকাষৰীয়া কচবা নামৰ এক স্থানত এখন দুৰ্গা পূজাত মহিষাসুৰৰ স্থানত সাইলাখ মহাত্মা গান্ধীৰ এক প্ৰতিমূৰ্তি স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে । অখিল ভাৰতীয় হিন্দু মহাসভাই অনুষ্ঠিত কৰা পূজা ভাগত অসুৰৰ পৰিৱৰ্তে মহাত্মা গান্ধী সদৃশ এক প্ৰতিমূৰ্তি পৰিলক্ষিত হয় । দেওবাৰে এনে কাৰ্য সচেতন মহলৰ দৃষ্টিগোচৰ হোৱাত প্ৰশাসনক অৱগত কৰে । কথাটো জনাজনি হোৱাত ৰাজনৈতিক দলসমূহেও এনে কাৰ্যৰ বিৰোধিতা কৰে । অৱশেষত মহাসভাই প্ৰতিমূৰ্তিত কিছু পৰিৱৰ্তন ঘটায় । তেওঁলোকে চশমাযোৰ আঁতৰাই দিয়ে আৰু মূৰত চুলি সংযোজন কৰে।

অৱশ্যে সংগঠনকসকলে মহিষাসুৰৰ ঠাইত মহাত্মা গান্ধীক প্রদর্শন কৰা কাৰ্যত অনুতপ্ত হোৱা পৰিলক্ষিত নহ’ল । নিজকে হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি বুলি দাবী কৰা সুন্দৰগিৰী মহাৰাজ নামৰ এজন ব্যক্তিয়ে দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকক কয় – “আমি একো ভুল কৰা নাই; কোনোবা নহয় কোনোবাই সত্য উন্মোচন কৰিবই লাগিব।“ তেওঁ লগতে কয় – “সত্য উন্মোচন কৰাটো প্ৰতিজন হিন্দুৰ কৰ্তব্য।“ আন এজন সংগঠক চন্দ্ৰচূড় গোস্বামীয়ে কয় – “আমাক বিভিন্নজনে ভাবুকি দিবলৈ আৰম্ভ কৰে । আৰক্ষী প্ৰশাসনে আমি যদি অসুৰৰ আকৃতি পৰিৱৰ্তন নকৰোঁ; পূজাভাগ বন্ধ কৰি দিয়া হ’ব বুলি কয়। সেয়ে মূৰ্তিটোত কিছু সালসলনি কৰিবলগীয়া হয়।“

এসময়ৰ পশ্চিমবংগৰ শাসক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেতা মহম্মদ চলিমে উক্ত ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ কয়– “আজিকালি প্ৰতিটো মুহূৰ্ততে মহাত্মা গান্ধীৰ দৰ্শনক হত্যা কৰাৰ চেষ্টা কৰা হয়। এই অপকৰ্মৰ যোগেদি ইচ্ছাকৃতভাৱে বুজন সংখ্যক লোকৰ আৱেগক উৎসৱৰ সময়ত আঘাত কৰা হয়। কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধৰীয়ে কয়– “যি কলকাতাত মহাত্মা গান্ধীয়ে দেশৰ স্বাধীনতাৰ প্ৰাকমুহূৰ্ত সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ আমৰণ অনশন কৰিছিল; সেই স্থানতে মহাত্মা গান্ধীক অপমান কৰা হৈছে।“ তেওঁ স্থানীয় প্ৰশাসনক পলমকৈ পদক্ষেপ লোৱাৰ কাৰণেও সমালোচনা কৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু