--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সকলো লোক পূজাৰ পাৰহঙা উৎসাহত মতলীয়া পৰিছে৷ কলকাতাৰ দাঁতিকাষৰীয়া কচবা নামৰ এক স্থানত এখন দুৰ্গা পূজাত মহিষাসুৰৰ স্থানত সাইলাখ মহাত্মা গান্ধীৰ এক প্ৰতিমূৰ্তি স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে । অখিল ভাৰতীয় হিন্দু মহাসভাই অনুষ্ঠিত কৰা পূজা ভাগত অসুৰৰ পৰিৱৰ্তে মহাত্মা গান্ধী সদৃশ এক প্ৰতিমূৰ্তি পৰিলক্ষিত হয় । দেওবাৰে এনে কাৰ্য সচেতন মহলৰ দৃষ্টিগোচৰ হোৱাত প্ৰশাসনক অৱগত কৰে । কথাটো জনাজনি হোৱাত ৰাজনৈতিক দলসমূহেও এনে কাৰ্যৰ বিৰোধিতা কৰে । অৱশেষত মহাসভাই প্ৰতিমূৰ্তিত কিছু পৰিৱৰ্তন ঘটায় । তেওঁলোকে চশমাযোৰ আঁতৰাই দিয়ে আৰু মূৰত চুলি সংযোজন কৰে।

অৱশ্যে সংগঠনকসকলে মহিষাসুৰৰ ঠাইত মহাত্মা গান্ধীক প্রদর্শন কৰা কাৰ্যত অনুতপ্ত হোৱা পৰিলক্ষিত নহ’ল । নিজকে হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি বুলি দাবী কৰা সুন্দৰগিৰী মহাৰাজ নামৰ এজন ব্যক্তিয়ে দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকক কয় – “আমি একো ভুল কৰা নাই; কোনোবা নহয় কোনোবাই সত্য উন্মোচন কৰিবই লাগিব।“ তেওঁ লগতে কয় – “সত্য উন্মোচন কৰাটো প্ৰতিজন হিন্দুৰ কৰ্তব্য।“ আন এজন সংগঠক চন্দ্ৰচূড় গোস্বামীয়ে কয় – “আমাক বিভিন্নজনে ভাবুকি দিবলৈ আৰম্ভ কৰে । আৰক্ষী প্ৰশাসনে আমি যদি অসুৰৰ আকৃতি পৰিৱৰ্তন নকৰোঁ; পূজাভাগ বন্ধ কৰি দিয়া হ’ব বুলি কয়। সেয়ে মূৰ্তিটোত কিছু সালসলনি কৰিবলগীয়া হয়।“

এসময়ৰ পশ্চিমবংগৰ শাসক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেতা মহম্মদ চলিমে উক্ত ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ কয়– “আজিকালি প্ৰতিটো মুহূৰ্ততে মহাত্মা গান্ধীৰ দৰ্শনক হত্যা কৰাৰ চেষ্টা কৰা হয়। এই অপকৰ্মৰ যোগেদি ইচ্ছাকৃতভাৱে বুজন সংখ্যক লোকৰ আৱেগক উৎসৱৰ সময়ত আঘাত কৰা হয়। কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধৰীয়ে কয়– “যি কলকাতাত মহাত্মা গান্ধীয়ে দেশৰ স্বাধীনতাৰ প্ৰাকমুহূৰ্ত সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ আমৰণ অনশন কৰিছিল; সেই স্থানতে মহাত্মা গান্ধীক অপমান কৰা হৈছে।“ তেওঁ স্থানীয় প্ৰশাসনক পলমকৈ পদক্ষেপ লোৱাৰ কাৰণেও সমালোচনা কৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক