--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ এদিনীয়া দললৈ ঘূৰি আহিল বেন ষ্ট’কছ। এবছৰ পূৰ্বে তেওঁ ৫০ অভাৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ইংলেণ্ডৰ টেষ্ট অধিনায়কগৰাকীয়ে এইবাৰ বিশ্বকাপৰ পূৰ্বে অৱসৰৰ পৰা উভতি আহিল। নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ এদিনীয়া দললৈ ঘূৰি আহিল বেন ষ্ট’কছ।

ভাৰতত এইবাৰৰ এদিনীয়া বিশ্বকাপ। তেওঁৰ পূৰ্বে বেন ষ্ট’কছৰ দৰে অল-ৰাউণ্ডাৰ দললৈ ঘূৰি অহাটোৱে ইংলেণ্ডৰ শক্তিত বহুখিনি যোগ দিব। ২০১৯ চনত ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য আছিল তেওঁ। ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভত ষ্ট’কছৰ বেটে মুখ্য ভূমিকা পালন কৰিছিল।

কিছুদিন পূৰ্বে খবৰ ওলাইছিল যে ষ্ট’কে এদিনীয়া ক্ৰিকেট খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ এদিনীয়া অধিনায়ক জোছ বাটলাৰৰ সৈতেও কথা পাতে। যোৱা বছৰৰ ১৯ জুলাইত শেষবাৰৰ বাবে ষ্ট’কছে এদিনীয়া খেল খেলিছিল। এইবাৰ বিশ্বকাপৰ পূৰ্বে দললৈ ঘূৰি আহিবলৈ তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।

ষ্ট’কছে ১০৫খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। ২৯২৪ ৰান সংগ্ৰহ কৰে। তিনিটা শতৰান আছে তেওঁৰ নামত। লগতে তেওঁ ৭৪টা উইকেট দখল কৰে। দলত ইমান অভিজ্ঞ অলৰাউণ্ডাৰ থাকিলে ইংলেণ্ডৰ শক্তি বহু পৰিমাণে বৃদ্ধি পাব।

ষ্ট’কেছে আই পি এল এৰি বিশ্বকাপ খেলিবলৈ ইচ্ছুক বুলি কয়। কিয় আই পি এল খেলিব নিবিচাৰে ষ্ট’কছে? ১৯ নৱেম্বৰলৈকে (যদি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে) বিশ্বকাপ চলি থাকিব। দুমাহৰ পিছত পুনৰ ভাৰতলৈ আহিব লাগিব ষ্টকছ। ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰতৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলা। ১১ মাৰ্চলৈকে চলিব।

ইয়াৰ কিছুদিন পিছত আৰম্ভ হ’ব আই পি এল, যিটো আৰু দুমাহলৈ চলি থাকিব। মুঠতে ষ্ট’কছে ভাৰতত প্ৰায় পাঁচ মাহ কটাব লাগিব। সেয়ে তেওঁ আই পি এলত খেলিব নোৱাৰাৰ ইচ্ছা প্ৰকাশ কৰে।

ইংলেণ্ডৰ দল : জোছ বাটলাৰ (অধিনায়ক), ম’ইন আলী, গাছ এটকিনছন, জনী বেয়াৰষ্ট’, ছেম কাৰেন, লিয়াম লিভিংষ্টন, ডেভিদ মালান, আদিল ৰছিদ, জো ৰুট, জেছন ৰয়, বেন ষ্ট’কছ, ৰিচি টপলি, ডেভিদ উইলি, মাৰ্ক উড আৰু ক্ৰীছ ৱ’কছ ৷













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক