--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ এদিনীয়া দললৈ ঘূৰি আহিল বেন ষ্ট’কছ। এবছৰ পূৰ্বে তেওঁ ৫০ অভাৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ইংলেণ্ডৰ টেষ্ট অধিনায়কগৰাকীয়ে এইবাৰ বিশ্বকাপৰ পূৰ্বে অৱসৰৰ পৰা উভতি আহিল। নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ এদিনীয়া দললৈ ঘূৰি আহিল বেন ষ্ট’কছ।

ভাৰতত এইবাৰৰ এদিনীয়া বিশ্বকাপ। তেওঁৰ পূৰ্বে বেন ষ্ট’কছৰ দৰে অল-ৰাউণ্ডাৰ দললৈ ঘূৰি অহাটোৱে ইংলেণ্ডৰ শক্তিত বহুখিনি যোগ দিব। ২০১৯ চনত ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য আছিল তেওঁ। ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভত ষ্ট’কছৰ বেটে মুখ্য ভূমিকা পালন কৰিছিল।

কিছুদিন পূৰ্বে খবৰ ওলাইছিল যে ষ্ট’কে এদিনীয়া ক্ৰিকেট খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ এদিনীয়া অধিনায়ক জোছ বাটলাৰৰ সৈতেও কথা পাতে। যোৱা বছৰৰ ১৯ জুলাইত শেষবাৰৰ বাবে ষ্ট’কছে এদিনীয়া খেল খেলিছিল। এইবাৰ বিশ্বকাপৰ পূৰ্বে দললৈ ঘূৰি আহিবলৈ তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।

ষ্ট’কছে ১০৫খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। ২৯২৪ ৰান সংগ্ৰহ কৰে। তিনিটা শতৰান আছে তেওঁৰ নামত। লগতে তেওঁ ৭৪টা উইকেট দখল কৰে। দলত ইমান অভিজ্ঞ অলৰাউণ্ডাৰ থাকিলে ইংলেণ্ডৰ শক্তি বহু পৰিমাণে বৃদ্ধি পাব।

ষ্ট’কেছে আই পি এল এৰি বিশ্বকাপ খেলিবলৈ ইচ্ছুক বুলি কয়। কিয় আই পি এল খেলিব নিবিচাৰে ষ্ট’কছে? ১৯ নৱেম্বৰলৈকে (যদি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে) বিশ্বকাপ চলি থাকিব। দুমাহৰ পিছত পুনৰ ভাৰতলৈ আহিব লাগিব ষ্টকছ। ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰতৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলা। ১১ মাৰ্চলৈকে চলিব।

ইয়াৰ কিছুদিন পিছত আৰম্ভ হ’ব আই পি এল, যিটো আৰু দুমাহলৈ চলি থাকিব। মুঠতে ষ্ট’কছে ভাৰতত প্ৰায় পাঁচ মাহ কটাব লাগিব। সেয়ে তেওঁ আই পি এলত খেলিব নোৱাৰাৰ ইচ্ছা প্ৰকাশ কৰে।

ইংলেণ্ডৰ দল : জোছ বাটলাৰ (অধিনায়ক), ম’ইন আলী, গাছ এটকিনছন, জনী বেয়াৰষ্ট’, ছেম কাৰেন, লিয়াম লিভিংষ্টন, ডেভিদ মালান, আদিল ৰছিদ, জো ৰুট, জেছন ৰয়, বেন ষ্ট’কছ, ৰিচি টপলি, ডেভিদ উইলি, মাৰ্ক উড আৰু ক্ৰীছ ৱ’কছ ৷













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু