--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২মাহৰ ভিতৰত আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰ পেকেটৰ দাম। কোম্পানীটোৱে ব্ৰেণ্ডটোৰ সকলো গাখীৰৰ পেকেটৰ দাম ২টকাকাকৈ বৃদ্ধি কৰিলে। উৎসৱৰ বতৰৰ মাজতে আজি পুৱাৰে পৰা কাৰ্যকৰী কৰা হৈছে নতুন গাখীৰৰ দাম।

উল্লেখযোগ্য যে  আমূল গাখীৰৰ ১ লিটাৰ সম্পূৰ্ণ ক্ৰীম গাখীৰৰ দাম এতিয়ালৈকে ৬১ টকা আছিল, যিটো এতিয়া ২ টকা বৃদ্ধি পাই ৬৩ টকা হৈছে। আমূলে অতি গোপনে এই দামবোৰ বঢ়াইছিল। ৰাতিপুৱা ওচৰৰ দোকানত উপস্থিত হোৱা মানুহৰ পৰা স্বাভাৱিক হাৰতকৈ ২ টকা বেছিকৈ বিচৰা হৈছিল।
Amul Milk New Price: Amul milk price hiked by Rs 2 per litre ahead of festive  season - Business League

উৎসৱ-পাৰ্বণৰ সময়ত গাখীৰৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। এনে অৱস্থাত এতিয়া সাধাৰণ মানুহৰ ঘৰৰ বাজেট অৱনতি ঘটিবলৈ গৈ আছে। কাৰণ এতিয়া গাখীৰৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে গাখীৰৰ পৰা তৈয়াৰী মিঠাই আৰু অন্যান্য বস্তুৰ দামো বৃদ্ধি হ’ব পাৰে।

উল্লেখযোগ্য যে এইবাৰ আমূল কোম্পানীয়ে তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিছে গাখীৰৰ দাম। প্ৰথমবাৰৰ বাবে মাৰ্চ মাহত, দ্বিতীয়বাৰৰ বাবে ১৭ আগষ্টত আৰু এতিয়া পুনৰ দুমাহৰ ভিতৰত বৃদ্ধি কৰা হৈছে আমুল গাখীৰ পেকেটৰ দাম । যোৱা আগষ্ট মাহতো কোম্পানীটোৱে প্ৰতি লিটাৰ গাখীৰৰ পেকেটত ২ টকাকৈ বৃদ্ধি কৰিছিল।

এতিয়ালৈকে  ১ লিটাৰ ফুল ক্ৰীম গাখীৰ আছিল ৬১ টকা, যাৰ দাম এতিয়া ৬৩ টকালৈ বৃদ্ধি পাইছে। একে সময়তে এতিয়ালৈকে প্ৰতি লিটাৰত ৫১ টকাত বিক্ৰী হৈ থকা গাখীৰ এতিয়া ৫৩ টকাত পৰিণত হৈছে। ইয়াৰ উপৰিও প্ৰতি লিটাৰত ৪৫ টকাত বিক্ৰী হোৱা ডাবল টন গাখীৰ এতিয়া ৪৭ টকাৰ হাৰত উপলব্ধ হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু