--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২মাহৰ ভিতৰত আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰ পেকেটৰ দাম। কোম্পানীটোৱে ব্ৰেণ্ডটোৰ সকলো গাখীৰৰ পেকেটৰ দাম ২টকাকাকৈ বৃদ্ধি কৰিলে। উৎসৱৰ বতৰৰ মাজতে আজি পুৱাৰে পৰা কাৰ্যকৰী কৰা হৈছে নতুন গাখীৰৰ দাম।

উল্লেখযোগ্য যে  আমূল গাখীৰৰ ১ লিটাৰ সম্পূৰ্ণ ক্ৰীম গাখীৰৰ দাম এতিয়ালৈকে ৬১ টকা আছিল, যিটো এতিয়া ২ টকা বৃদ্ধি পাই ৬৩ টকা হৈছে। আমূলে অতি গোপনে এই দামবোৰ বঢ়াইছিল। ৰাতিপুৱা ওচৰৰ দোকানত উপস্থিত হোৱা মানুহৰ পৰা স্বাভাৱিক হাৰতকৈ ২ টকা বেছিকৈ বিচৰা হৈছিল।
Amul Milk New Price: Amul milk price hiked by Rs 2 per litre ahead of festive  season - Business League

উৎসৱ-পাৰ্বণৰ সময়ত গাখীৰৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। এনে অৱস্থাত এতিয়া সাধাৰণ মানুহৰ ঘৰৰ বাজেট অৱনতি ঘটিবলৈ গৈ আছে। কাৰণ এতিয়া গাখীৰৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে গাখীৰৰ পৰা তৈয়াৰী মিঠাই আৰু অন্যান্য বস্তুৰ দামো বৃদ্ধি হ’ব পাৰে।

উল্লেখযোগ্য যে এইবাৰ আমূল কোম্পানীয়ে তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিছে গাখীৰৰ দাম। প্ৰথমবাৰৰ বাবে মাৰ্চ মাহত, দ্বিতীয়বাৰৰ বাবে ১৭ আগষ্টত আৰু এতিয়া পুনৰ দুমাহৰ ভিতৰত বৃদ্ধি কৰা হৈছে আমুল গাখীৰ পেকেটৰ দাম । যোৱা আগষ্ট মাহতো কোম্পানীটোৱে প্ৰতি লিটাৰ গাখীৰৰ পেকেটত ২ টকাকৈ বৃদ্ধি কৰিছিল।

এতিয়ালৈকে  ১ লিটাৰ ফুল ক্ৰীম গাখীৰ আছিল ৬১ টকা, যাৰ দাম এতিয়া ৬৩ টকালৈ বৃদ্ধি পাইছে। একে সময়তে এতিয়ালৈকে প্ৰতি লিটাৰত ৫১ টকাত বিক্ৰী হৈ থকা গাখীৰ এতিয়া ৫৩ টকাত পৰিণত হৈছে। ইয়াৰ উপৰিও প্ৰতি লিটাৰত ৪৫ টকাত বিক্ৰী হোৱা ডাবল টন গাখীৰ এতিয়া ৪৭ টকাৰ হাৰত উপলব্ধ হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক