--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাজপেয়ী চৰকাৰৰ দিনত দেশৰ ৰাষ্ট্ৰপতি হোৱা প্ৰখ্যাত বিজ্ঞানী এপিজে আব্দুল কালামৰ আৰএছএছৰ স’তে কেনেধৰণৰ সম্পৰ্ক আছিল? জন্মগতভাৱে এগৰাকী মুছলমান ব্যক্তি হোৱাৰ পাছতো তেওঁক বিজেপি চৰকাৰে এই সন্মান যাচিছিল, তেনেস্থলত আৰএছএছৰ স’তে তেওঁৰ সম্পৰ্ক কি আছিল?

শেহতীয়াকৈ বিজ্ঞানীজনৰ ওপৰত প্ৰকাশ পোৱা ‘কালামঃ দ্যা আনট’ল্ড ষ্ট’ৰী’ নামৰ এখন কিতাপ প্ৰকাশ পাইছে। কিতাপখন প্ৰকাশ কৰিছে ব্লুমছবেৰীয়ে। কিতাপখনত আৰএছএছ আৰু কালামৰ ওপৰত এটা বিস্ফোৰক তথ্য সন্নিৱিষ্ট আছে।

কালামৰ ব্যক্তিগত সচিব আৰ কে প্ৰসাদে লিখা কিতাপখনত উল্লেখ আছে যে আৰএছএছৰ নাগপুৰস্থিত কাৰ্যালয়লৈ এবাৰ কালামে যাবলৈ উলাইছিল। কিন্তু তেওঁক তালৈ যাবলৈ তেওঁৰ এগৰাকী বন্ধুৱে মানা কৰে। বন্ধুজনে কালামক কয় যে আৰএছএছৰ কাৰ্যালয়লৈ গ’লে তেওঁক আৰএছএছৰ প্ৰতি সহানুভূতিশীল বুলি জনমানসত প্ৰতিষ্ঠা কৰা হ’ব।

বন্ধুৰ এই কথা শুনিয়েই কালামে আৰএছএছৰ কাৰ্যালয়লৈ যোৱাৰ পৰিকল্পনা বাদ দিছিল। কালাম নোযোৱাৰ বাবে আৰএছএছৰ নেতৃ্ত্ব বিৰক্তি হৈছিল বুলি প্ৰসাদে কিতাপখনত উল্লেখ কৰে।

উক্ত ঘটনাটো ২০১৪ চনৰ আছিল বুলি প্ৰসাদে কিতাপখনত উল্লেখ কৰে। কিন্তু ইয়াৰ পাছত এবাৰ কালামে আৰএছএছৰ কাৰ্যালয়লৈ গৈছিল। কিন্তু আৰএছএছৰ কোনো শীৰ্ষ নেতৃ্ত্ব সেইবাৰ কাৰ্যালয়ত উপস্থিত নাছিল।

উল্লেখযোগ্য যে ১৫ অক্টোবৰত কালামৰ ৯১ সংখ্যক জন্মদিৱস পালন কৰা হৈছে। ২০০২ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল।

আনহাতে, কিতাপখনৰ লেখক প্ৰসাদে কালামৰ ব্যক্তিগত সচিব হিচাপে ১৯৯৫ চনৰ পৰা ২০১৫ চনলৈকে মৃতুপৰ্যন্ত নিজৰ দায়িত্ব পালন কৰি আহিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক