--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাজপেয়ী চৰকাৰৰ দিনত দেশৰ ৰাষ্ট্ৰপতি হোৱা প্ৰখ্যাত বিজ্ঞানী এপিজে আব্দুল কালামৰ আৰএছএছৰ স’তে কেনেধৰণৰ সম্পৰ্ক আছিল? জন্মগতভাৱে এগৰাকী মুছলমান ব্যক্তি হোৱাৰ পাছতো তেওঁক বিজেপি চৰকাৰে এই সন্মান যাচিছিল, তেনেস্থলত আৰএছএছৰ স’তে তেওঁৰ সম্পৰ্ক কি আছিল?

শেহতীয়াকৈ বিজ্ঞানীজনৰ ওপৰত প্ৰকাশ পোৱা ‘কালামঃ দ্যা আনট’ল্ড ষ্ট’ৰী’ নামৰ এখন কিতাপ প্ৰকাশ পাইছে। কিতাপখন প্ৰকাশ কৰিছে ব্লুমছবেৰীয়ে। কিতাপখনত আৰএছএছ আৰু কালামৰ ওপৰত এটা বিস্ফোৰক তথ্য সন্নিৱিষ্ট আছে।

কালামৰ ব্যক্তিগত সচিব আৰ কে প্ৰসাদে লিখা কিতাপখনত উল্লেখ আছে যে আৰএছএছৰ নাগপুৰস্থিত কাৰ্যালয়লৈ এবাৰ কালামে যাবলৈ উলাইছিল। কিন্তু তেওঁক তালৈ যাবলৈ তেওঁৰ এগৰাকী বন্ধুৱে মানা কৰে। বন্ধুজনে কালামক কয় যে আৰএছএছৰ কাৰ্যালয়লৈ গ’লে তেওঁক আৰএছএছৰ প্ৰতি সহানুভূতিশীল বুলি জনমানসত প্ৰতিষ্ঠা কৰা হ’ব।

বন্ধুৰ এই কথা শুনিয়েই কালামে আৰএছএছৰ কাৰ্যালয়লৈ যোৱাৰ পৰিকল্পনা বাদ দিছিল। কালাম নোযোৱাৰ বাবে আৰএছএছৰ নেতৃ্ত্ব বিৰক্তি হৈছিল বুলি প্ৰসাদে কিতাপখনত উল্লেখ কৰে।

উক্ত ঘটনাটো ২০১৪ চনৰ আছিল বুলি প্ৰসাদে কিতাপখনত উল্লেখ কৰে। কিন্তু ইয়াৰ পাছত এবাৰ কালামে আৰএছএছৰ কাৰ্যালয়লৈ গৈছিল। কিন্তু আৰএছএছৰ কোনো শীৰ্ষ নেতৃ্ত্ব সেইবাৰ কাৰ্যালয়ত উপস্থিত নাছিল।

উল্লেখযোগ্য যে ১৫ অক্টোবৰত কালামৰ ৯১ সংখ্যক জন্মদিৱস পালন কৰা হৈছে। ২০০২ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল।

আনহাতে, কিতাপখনৰ লেখক প্ৰসাদে কালামৰ ব্যক্তিগত সচিব হিচাপে ১৯৯৫ চনৰ পৰা ২০১৫ চনলৈকে মৃতুপৰ্যন্ত নিজৰ দায়িত্ব পালন কৰি আহিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু