--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোষ্ঠী সংঘৰ্ষত আকৌ জ্বলিব নেকি মণিপুৰ? আকৌ ব’ব নেকি তেজৰ নৈ? সাময়িক শান্তিৰ পাছত পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পশ্চিম অঞ্চলত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। 

কুকি অধ্যুষিত কাংকপি অঞ্চলত নিশা সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। এই ঘটনাত নিহত হয় দুজনকৈ লোক। দুজন লোক নিহত হোৱাৰ উপৰি গুৰুতৰভাৱে আহত হৈছে বহুকেইজন লোক। আৰক্ষীৰ তথ্য অনুসৰি নিশা অঞ্চলটোত অস্ত্ৰধাৰী দুৰ্বৃত্তই চলাই নিৰ্বিচাৰ গুলীচালনা। গুলীচালনাত নিহত লোক দুজন নংথংবাম মিকেলদেৱ আৰু ৱাংখেই মাপাল বুলি চিনাক্ত কৰা হৈছে। 

উল্লেখ্য যে নংথংবাম মিকেলদেৱ আছিল অভিযান্ত্ৰিক শিক্ষাৰ ছাত্ৰ। বিগত কেইবামাহে অঞ্চলটোত পহৰাৰ দিয়াৰ দায়িত্বত নিযুক্ত আছিল নংথংবাম মিকেলদেৱ। 

ইফালে, ঘটনাত গুৰুতৰভাৱে আহত হৈছে BJYMৰ প্ৰাক্তন সভাপতি বাৰিষ শৰ্মা। আহত বাৰিষ শৰ্মাক ভৰ্তি কৰোৱা হৈছে ইম্ফলৰ এখন চিকিৎসালয়ত। তাৰোপৰি আহত আন দুজনকো ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে সুৰক্ষা বাহিনী। 

উল্লেখ্য যে নিশা বৃহৎ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কুকি দুষ্কৃতিকাৰী উপস্থিত হৈছিল অঞ্চলটোত। ইয়াৰ পাছতে প্ৰতিৰোধৰ বাবে গাঁওৰক্ষী বাহিনীয়ে গুলীচালনা কৰে দুষ্কৃতিকাৰীৰ ওপৰত। উল্লেখ্য যে শনিবাৰেও অঞ্চলটোত সংঘটিত হৈছিল অনুৰূপ ঘটনা। দুষ্কৃতিকাৰীৰ আক্ৰমণত কাংকপিত নিহত হৈছিল এজন লোক। এইদৰে পুনৰ অশান্ত হৈ পৰে মণিপুৰৰ বিভিন্ন অঞ্চল। বছৰটোৰ প্ৰথমটো দিনতো মণিপুৰত সংঘটিত হৈছিল হিংসাত্মক ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু