--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোষ্ঠী সংঘৰ্ষত আকৌ জ্বলিব নেকি মণিপুৰ? আকৌ ব’ব নেকি তেজৰ নৈ? সাময়িক শান্তিৰ পাছত পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পশ্চিম অঞ্চলত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। 

কুকি অধ্যুষিত কাংকপি অঞ্চলত নিশা সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। এই ঘটনাত নিহত হয় দুজনকৈ লোক। দুজন লোক নিহত হোৱাৰ উপৰি গুৰুতৰভাৱে আহত হৈছে বহুকেইজন লোক। আৰক্ষীৰ তথ্য অনুসৰি নিশা অঞ্চলটোত অস্ত্ৰধাৰী দুৰ্বৃত্তই চলাই নিৰ্বিচাৰ গুলীচালনা। গুলীচালনাত নিহত লোক দুজন নংথংবাম মিকেলদেৱ আৰু ৱাংখেই মাপাল বুলি চিনাক্ত কৰা হৈছে। 

উল্লেখ্য যে নংথংবাম মিকেলদেৱ আছিল অভিযান্ত্ৰিক শিক্ষাৰ ছাত্ৰ। বিগত কেইবামাহে অঞ্চলটোত পহৰাৰ দিয়াৰ দায়িত্বত নিযুক্ত আছিল নংথংবাম মিকেলদেৱ। 

ইফালে, ঘটনাত গুৰুতৰভাৱে আহত হৈছে BJYMৰ প্ৰাক্তন সভাপতি বাৰিষ শৰ্মা। আহত বাৰিষ শৰ্মাক ভৰ্তি কৰোৱা হৈছে ইম্ফলৰ এখন চিকিৎসালয়ত। তাৰোপৰি আহত আন দুজনকো ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে সুৰক্ষা বাহিনী। 

উল্লেখ্য যে নিশা বৃহৎ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কুকি দুষ্কৃতিকাৰী উপস্থিত হৈছিল অঞ্চলটোত। ইয়াৰ পাছতে প্ৰতিৰোধৰ বাবে গাঁওৰক্ষী বাহিনীয়ে গুলীচালনা কৰে দুষ্কৃতিকাৰীৰ ওপৰত। উল্লেখ্য যে শনিবাৰেও অঞ্চলটোত সংঘটিত হৈছিল অনুৰূপ ঘটনা। দুষ্কৃতিকাৰীৰ আক্ৰমণত কাংকপিত নিহত হৈছিল এজন লোক। এইদৰে পুনৰ অশান্ত হৈ পৰে মণিপুৰৰ বিভিন্ন অঞ্চল। বছৰটোৰ প্ৰথমটো দিনতো মণিপুৰত সংঘটিত হৈছিল হিংসাত্মক ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ