--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাগসা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ খাৰিজা বিজনী মইনমাতা গাঁৱত অনুষ্ঠিত ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আৰু খাৰিজা বিজনী আঞ্চলিক সমিতিৰ সোণালী জয়ন্তীৰ মুকলি সভাখন এবছুৰ বাগসা জিলা সমিতিৰ সভাপতি উমেশ দৈমাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে বিজেপি মিত্ৰজোঁটৰ ইউপিপিএল দলৰ বিধায়ক তথা কেবিনেট মন্ত্রী ইউ জি ব্ৰহ্ম। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এবছুৰ মাজৰ কোনো দুষ্টচক্ৰই বিভাজন অনাৰ চেষ্টা কৰিছে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এবছুক কোনোবাই বিভাজন কৰিব বিচাৰিলে আগ্নেয়গিৰিতকৈয়ো ভয়াৱহ বিস্ফোৰণ হ’ব৷ সশস্ত্ৰ সংগ্ৰামৰ মাজেৰে কোনো সমস্যাৰ সমাধান নহয়৷ গতিকে, তেওঁ সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰিবলৈ বড়ো জাতিক আহ্বান জনায়৷ তেওঁ এবছুক বড়ো জাতিৰ প্ৰাণৰো প্ৰাণ বুলি অভিহিত কৰে৷ তেওঁ এবছুৰ পৰা জাতিয়ে বহু পাইছে আৰু এবছুয়ে বিভিন্ন জনগোষ্ঠীৰ হকে কাম কৰি যাব ৷
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এবছুৰ বাগসা জিলা সমিতিৰ অধিৱেশনৰ মুকলি সাধাৰণ সভা আছিল অন্তিম কাৰ্যসূচী। এই মুকলি সভাত উপস্থিত থাকে এবছুৰ সভাপতি দ্বীপেন বড়ো , বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, ইএম গৌতম দাস, ইউ জি ব্ৰহ্মকে আদি কৰি বহু বিশিষ্ট ব্যক্তি ৷ বড়ো জনজাতিৰ উন্নয়ন আৰু উত্তৰণৰ স্বাৰ্থত সকলোৱে এক হৈ কাম কৰি যোৱাৰ বাবে প্ৰস্তুতি চলায় আৰু এবছুক বিভাজন কৰিবলৈ চেষ্টা কৰাসকলোক কোনোপধ্যেই ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ