--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি তেলেংগানাত আছাদুদ্দিন ওৱেইছিৰ প্ৰতি আক্ৰমণাত্মক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মন্তব্য কৰি তেওঁ কয়, অনুচ্ছেদ ৩৭০ৰ দৰে ওৱেইছিৰ নামো লিখা হ’ব৷ হিমন্ত বিশ্ব শৰ্মাই কয়, যিদৰে অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছিল, ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ হৈছিল তেনেকৈ ইয়াতো নিজামৰ নাম, ওৱেইছিৰ নাম লিখা হ’ব৷

তেলেংগানাৰ ৱাৰাংগলত বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, সেই দিনটো বেছি দূৰ নহয়। ভাৰতৰ ইতিহাসে কৈছে হৈছে যে বাবৰ, ঔৰংগজেৱ আৰু নিজামে বেছি দিন জীয়াই থাকিব নোৱাৰে। মই নিশ্চিত যে নিজামৰ উত্তৰাধিকাৰী সম্পূৰ্ণৰূপে বন্ধ হ’ব আৰু ভাৰতীয় সভ্যতাৰ ওপৰত আধাৰিত এক নতুন সংস্কৃতিৰ উদ্ভৱ হ’ব৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ তেলেংগানা ৰাজ্যিক সভাপতি বান্দি সঞ্জয় আৰু কেইবাজনো বিশিষ্ট নেতাই দেওবাৰে ইয়াত এখন বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকখনে নতুন আঞ্চলিক ব্যৱস্থাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৱণ্টনৰ প্ৰয়োগৰ বিৰুদ্ধে আলোড়ন তীব্ৰতৰ কৰাৰ ওপৰত গুৰুত্ব দিব বুলি কোৱা হৈছে।


তেওঁ লগতে কয় যে মানুহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাস কৰে আৰু বিজেপিয়ে তেলেংগানাক এখন নতুন ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰে। ভাষণ প্ৰসংগত ড° শৰ্মাই পুনৰ কয় যে, মানুহৰ মৰম আৰু সমৰ্থনে মোক হায়দৰাবাদলৈ পুনৰ আহিবলৈ অনুপ্ৰাণিত কৰে। মই ২০২৩ চনত পুনৰ আহিম যেতিয়া বিজেপি চৰকাৰে ৰাজ্যখনত শপত ল’ব। মানুহৰ বিশ্বাস আছে যে প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত তেওঁলোকে এখন নতুন ৰাজ্য গঢ়ি তুলিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ