--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অৱশেষত সিদ্ধান্ত হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কোন হ’ব। কংগ্ৰেছৰ ৰেৱন্ত ৰেড্ডীক মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে দলটোৰ  বিধায়িনী দলৰ মুৰব্বী হিচাপে বাছনি কৰা হয়।  ফলত তেওঁ তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰিব। ৰাজ্য খনত বৃহস্পতিবাৰে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। জ্যেষ্ঠ কংগ্ৰেছ নেতা কে চি বেণুগোপালে এখন সংবাদমেলত এই কথা প্ৰকাশষ কৰে। এই ঘোষণাই দেওবাৰে ভোট গণনাৰ পিছতে মুখ্যমন্ত্ৰী পদকলৈ সৃষ্টি হোৱা অনিশ্চয়তা আৰু অনুমানৰ অন্ত পেলালে। 

অনুমুলা ৰেৱন্ত ৰেড্ডী হৈছে তেলেংগানা কংগ্ৰেছৰ মুৰব্বী, যিয়ে ৰাজ্যখনত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিছিল। প্ৰত্যাহ্বানক হাঁহিমুখে গ্ৰহণ কৰিব পৰা  ৫৪ বছৰীয়া  ৰেড্ডীয়ে  বিআৰএছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ দুৰ্গত সঠিক আঘাত কৰিবলৈ সক্ষম হৈছে।   ৰেড্ডীয়ে  আৰ এছ এছ-ৰ সৈতে জড়িত ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সদস্য হিচাপে ৰাজনৈতিক কৰ্মজীৱন আৰম্ভ কৰিছিল।

 পিছত তেওঁ কেচিআৰৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিত (টিআৰএছ) যোগদান কৰে। সেই দলটোৰেই  এতিয়া নাম হৈছে বিআৰএছ । অন্ধ্ৰ প্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট প্ৰত্যাখ্যান কৰাৰ পিছত তেওঁ ২০০৬ চনত টিআৰএছ ত্যাগ কৰিছিল।

 দুবছৰ পিছত, তেওঁ এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক নিৰ্বাচিত হয়। ডেড্ডীয়ে  ২০০৯ চনত কোদাংগলৰ পৰা টিডিপিৰ প্ৰাৰ্থী হিচাবে  বিধায়ক নিৰ্বাচিত হৈছিল।  ২০১৭ চনত  তেওঁ তেলেংগানা অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক হোৱাৰ পিছত টিডিপিৰ প্ৰভাৱ হ্ৰাস হোৱা দেখি  কংগ্ৰেছলৈ আহিছিল। ।তেওঁক ২০২১ চনৰ জুলাই মাহত তেলেংগানা কংগ্ৰেছৰ মুৰব্বী হিচাপে নিযুক্ত কৰা হৈছিল। টিডিপিৰ পৰা কংগ্ৰেছলৈ পৰিৱৰ্তন আৰু দলত তেওঁৰ পদোন্নতিয়ে ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক