--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অৱশেষত সিদ্ধান্ত হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কোন হ’ব। কংগ্ৰেছৰ ৰেৱন্ত ৰেড্ডীক মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে দলটোৰ  বিধায়িনী দলৰ মুৰব্বী হিচাপে বাছনি কৰা হয়।  ফলত তেওঁ তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰিব। ৰাজ্য খনত বৃহস্পতিবাৰে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। জ্যেষ্ঠ কংগ্ৰেছ নেতা কে চি বেণুগোপালে এখন সংবাদমেলত এই কথা প্ৰকাশষ কৰে। এই ঘোষণাই দেওবাৰে ভোট গণনাৰ পিছতে মুখ্যমন্ত্ৰী পদকলৈ সৃষ্টি হোৱা অনিশ্চয়তা আৰু অনুমানৰ অন্ত পেলালে। 

অনুমুলা ৰেৱন্ত ৰেড্ডী হৈছে তেলেংগানা কংগ্ৰেছৰ মুৰব্বী, যিয়ে ৰাজ্যখনত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিছিল। প্ৰত্যাহ্বানক হাঁহিমুখে গ্ৰহণ কৰিব পৰা  ৫৪ বছৰীয়া  ৰেড্ডীয়ে  বিআৰএছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ দুৰ্গত সঠিক আঘাত কৰিবলৈ সক্ষম হৈছে।   ৰেড্ডীয়ে  আৰ এছ এছ-ৰ সৈতে জড়িত ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সদস্য হিচাপে ৰাজনৈতিক কৰ্মজীৱন আৰম্ভ কৰিছিল।

 পিছত তেওঁ কেচিআৰৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিত (টিআৰএছ) যোগদান কৰে। সেই দলটোৰেই  এতিয়া নাম হৈছে বিআৰএছ । অন্ধ্ৰ প্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট প্ৰত্যাখ্যান কৰাৰ পিছত তেওঁ ২০০৬ চনত টিআৰএছ ত্যাগ কৰিছিল।

 দুবছৰ পিছত, তেওঁ এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক নিৰ্বাচিত হয়। ডেড্ডীয়ে  ২০০৯ চনত কোদাংগলৰ পৰা টিডিপিৰ প্ৰাৰ্থী হিচাবে  বিধায়ক নিৰ্বাচিত হৈছিল।  ২০১৭ চনত  তেওঁ তেলেংগানা অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক হোৱাৰ পিছত টিডিপিৰ প্ৰভাৱ হ্ৰাস হোৱা দেখি  কংগ্ৰেছলৈ আহিছিল। ।তেওঁক ২০২১ চনৰ জুলাই মাহত তেলেংগানা কংগ্ৰেছৰ মুৰব্বী হিচাপে নিযুক্ত কৰা হৈছিল। টিডিপিৰ পৰা কংগ্ৰেছলৈ পৰিৱৰ্তন আৰু দলত তেওঁৰ পদোন্নতিয়ে ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ