--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে ঐতিহাসিক ইতিমধ্যে বিজয় সাৱত্য কৰাৰ পিছতে এতিয়া উক্ত ৰাজ্য কেইখনত মুখ্যমন্ত্ৰী বাছনি কৰাৰ কাম আগবঢ়াইছে। এই বৃহৎ বিজয়ৰ পাছত এই ৰাজ্যসমূহত মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে।


বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ভাৰতীয় জনতা পাৰ্টীয়ে এই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম নিৰ্ধাৰণ কৰিছে। অৱশ্যে বিজেপিয়ে এই নামসমূহ এতিয়াও প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে জয়লাভ কৰিছে। মধ্যপ্ৰদেশৰ ১৬৩খন, ৰাজস্থানৰ ১১৫খন আৰু ছত্তীশগড়ৰ ৫৪খন আসন লাভ কৰি বিজেপিয়ে ইতিহাসৰ সৃষ্টি কৰিছে। আনহাতে তিনিওখন ৰাজ্যতে কংগ্ৰেছে এক গুৰুতৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷

নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে সকলোৰে মনত ক্ৰিয়া কৰা  প্ৰশ্নটো হৈছে: সংশ্লিষ্ট ৰাজ্যসমূহক কোনে নেতৃত্ব দিব? সূত্ৰসমূহে প্ৰকাশ কৰিছে যে তিনিওখন ৰাজ্যতে মুখ্যমন্ত্ৰী পদৰ নাম নিৰ্ধাৰণ কৰা হৈছে আৰু বিজেপিয়ে আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নামত  অনুমোদন জনাইছে। অৱশ্যে  আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই । ৰাজস্থানত, বসুন্ধৰা ৰাজে মুখ্যমন্ত্ৰীৰ পদৰ দৌৰত আগবাঢ়ি আছে, আৰু দলটোৱে তেওঁক আকৌ এবাৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। ইফালে মধ্য প্ৰদেশত, শিৱৰাজ সিং চৌহানক পছন্দ কৰা হৈছে বুলি জনা গৈছে । বিজেপিৰ শীৰ্ষ সূত্ৰৰ মতে তেওঁক আন এটা সুযোগ প্ৰদান কৰাৰ প্ৰস্তুতি চলি আছে।২০২৩ চনত শিৱৰাজ সিং চৌহানে ২০০৬ চনৰ পৰা তেওঁৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা বুধনী সমষ্টিৰ পৰা মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

 ছত্তীশগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা সিঙক মুখ্যমন্ত্ৰী পদৰ  সম্ভাৱ্য প্ৰাৰ্থী হিচাপে বাছনি কৰাৰ প্ৰক্ৰিয়া চলি আছে।  ।  সূত্ৰসমূহে কৈছে  যে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ভৱিষ্যতৰ নেতৃত্বৰ ওপৰত দৃষ্টি ৰাখি মুখ্যমন্ত্ৰী বাছনি  কৰাৰ লক্ষ্য স্থিৰ কৰিছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পাছত দেওবাৰে সন্ধিয়া বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ নাম আলোচনা কৰা হয়৷ কোৱা হৈছে যে এই বৈঠকতে মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰা হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক