--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্টত ৩২ সংখ্যক শতক অৰ্জন কৰে ষ্টিভ স্মিথে। লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে তেওঁ। ইয়াৰ দ্বাৰা  অষ্ট্ৰেলিয়াৰ বেটছমেনৰ টেষ্ট শতক তালিকাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ ৱ’ক স্পৰ্শ কৰে তেওঁ। বৰ্তমান খেলি থকা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰসকলৰ ভিতৰত স্মিথে সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰিছে।

জেমছ এণ্ডাৰছনৰ বলত কভাৰ ড্ৰাইভ মাৰি স্মিথে শতক অৰ্জন কৰে। অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীয়ে নিজৰ কেৰিয়াৰৰ ৯৯ সংখ্যক টেষ্টত এই শতক অৰ্জন কৰে। এছেজৰ দ্বিতীয়খন মেচৰ প্ৰথম ইনিংছত স্মিথে ১৮৪ টা বলত সংগ্ৰহ কৰে ১১০ ৰাণ।

এই মুহূৰ্তত খেলি থকা ক্ৰিকেটাৰসকলৰ ভিতৰত শতক অৰ্জনৰ ক্ষেত্ৰত স্মিথৰ পিছতে আছে জ’ ৰুট। তেওঁ ৩০ শতক অৰ্জন কৰিছে। কেন উইলিয়ামছন আৰু বিৰাট কোহলীৰ নামত আছে ২৮টা শতক। ডেভিদ ৱাৰ্নাৰৰ হাতত আছে ২৫টা শতক।

উল্লেখ্য যে ২০১০ চনত লৰ্ডছত অভিষেক ঘটায় স্মিথে। পাকিস্তানৰ বিৰুদ্ধে সেই মেচখনত তেওঁ শূণ্য ৰাণতে আউট হৈছিল। কিন্তু লৰ্ডছ গ্ৰাউণ্ডতে ২০১৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ২১৫ ৰান সংগ্ৰহ কৰিছিল। বৃহস্পতিবাৰে লৰ্ডছত দ্বিতীয় শতক অৰ্জন কৰে স্মিথে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক