--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজয়েৰে এছেছৰ আৰম্ভণি কৰিবলৈ  অষ্ট্ৰেলিয়াক  এতিয়া ২৮১ ৰানৰ প্ৰয়োজন। ইংলেণ্ডৰ দ্বিতীয় ইনিংছ ২৭৩ ৰানত সমাপ্ত হয়। এজবাষ্টনত প্ৰথমখন মেচত জয়ী হোৱাৰ সুযোগ আছে পেট কামিন্সৰ দলৰ। হাতত বহু সময় আছে। তেওঁলোকৰ লক্ষ্য হৈছে জয়ৰ বাবে ৰান সংগ্ৰহ কৰা। ইংলেণ্ডৰ লক্ষ্য হৈছে অষ্ট্ৰেলিয়াৰ আটাইকেওটা উইকেট সংগ্ৰহ কৰা।

চতুৰ্থ দিনৰ প্ৰথম চিজনত ইংলেণ্ডে পুনৰ বে’জবল খেলিবলৈ আৰম্ভ কৰে। ইংলেণ্ডৰ বেটছমেনসকলে প্ৰতি অভাৰত ৪.৭৯ ৰান সংগ্ৰহ কৰে। চতুৰ্থ দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত ইংলেণ্ডে ৫ উইকেটত ১৫৫ ৰান কৰে। পৰৱৰ্তী চেজনত ১১৮ ৰান সংগ্ৰহ কৰা হয়। ৫টা উইকেট হেৰাল।

ইংলেণ্ডৰ দুই বেটছমেন ৰুট আৰু অলি পোপে আৰম্ভণিৰে পৰাই আগ্ৰাসী বেটিং আৰম্ভ কৰিছিল। অৱশ্যে পোপ বেছি দিন টিকি নাথাকিল। উইকেট হেৰুৱাৰ পিছতো ইংলেণ্ডৰ খেলৰ শৈলীৰ কোনো পৰিৱৰ্তন হোৱা নাই। প্ৰথম ইনিংছৰ দৰেই দ্বিতীয় ইনিংছতো খেলিছে।

হেৰী ব্ৰুকে ৫২টা বলত কৰে ৪৬ ৰাণ। এই মিডল অৰ্ডাৰ বেটছমেনজনে প্ৰথম ইনিংছত দুৰ্ভাগ্যজনকভাৱে আউট হোৱাৰ পিছতো দ্বিতীয় ইনিংছত ভাল বেটিং কৰে। ব্ৰুকৰ পাছত জ’ ৰুটেও ৪৬ ৰান কৰি আউট হয়। অধিনায়ক বেন ষ্ট’কে কৰে ৪৩ ৰাণ। টেইল এণ্ডাৰ বেটাৰসকলেও দেখুৱায় ভাল প্ৰদৰ্শন।

অষ্ট্ৰেলিয়াৰ হৈ নাথান লায়ন আৰু পেট কামিন্সে ৪টাকৈ উইকেট দখল কৰে। জোছ হেজলউড আৰু স্কট ব’লেণ্ডে এটাকৈ উইকেট দখল কৰে।

এতিয়া ইংলেণ্ডৰ বলাৰসকলে অষ্ট্ৰেলিয়াক ২৮১ ৰাণত সীমাবদ্ধ ৰাখিব পাৰিবনে নাই সেইটো গুৰুত্বপূৰ্ণ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ