--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজয়েৰে এছেছৰ আৰম্ভণি কৰিবলৈ  অষ্ট্ৰেলিয়াক  এতিয়া ২৮১ ৰানৰ প্ৰয়োজন। ইংলেণ্ডৰ দ্বিতীয় ইনিংছ ২৭৩ ৰানত সমাপ্ত হয়। এজবাষ্টনত প্ৰথমখন মেচত জয়ী হোৱাৰ সুযোগ আছে পেট কামিন্সৰ দলৰ। হাতত বহু সময় আছে। তেওঁলোকৰ লক্ষ্য হৈছে জয়ৰ বাবে ৰান সংগ্ৰহ কৰা। ইংলেণ্ডৰ লক্ষ্য হৈছে অষ্ট্ৰেলিয়াৰ আটাইকেওটা উইকেট সংগ্ৰহ কৰা।

চতুৰ্থ দিনৰ প্ৰথম চিজনত ইংলেণ্ডে পুনৰ বে’জবল খেলিবলৈ আৰম্ভ কৰে। ইংলেণ্ডৰ বেটছমেনসকলে প্ৰতি অভাৰত ৪.৭৯ ৰান সংগ্ৰহ কৰে। চতুৰ্থ দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত ইংলেণ্ডে ৫ উইকেটত ১৫৫ ৰান কৰে। পৰৱৰ্তী চেজনত ১১৮ ৰান সংগ্ৰহ কৰা হয়। ৫টা উইকেট হেৰাল।

ইংলেণ্ডৰ দুই বেটছমেন ৰুট আৰু অলি পোপে আৰম্ভণিৰে পৰাই আগ্ৰাসী বেটিং আৰম্ভ কৰিছিল। অৱশ্যে পোপ বেছি দিন টিকি নাথাকিল। উইকেট হেৰুৱাৰ পিছতো ইংলেণ্ডৰ খেলৰ শৈলীৰ কোনো পৰিৱৰ্তন হোৱা নাই। প্ৰথম ইনিংছৰ দৰেই দ্বিতীয় ইনিংছতো খেলিছে।

হেৰী ব্ৰুকে ৫২টা বলত কৰে ৪৬ ৰাণ। এই মিডল অৰ্ডাৰ বেটছমেনজনে প্ৰথম ইনিংছত দুৰ্ভাগ্যজনকভাৱে আউট হোৱাৰ পিছতো দ্বিতীয় ইনিংছত ভাল বেটিং কৰে। ব্ৰুকৰ পাছত জ’ ৰুটেও ৪৬ ৰান কৰি আউট হয়। অধিনায়ক বেন ষ্ট’কে কৰে ৪৩ ৰাণ। টেইল এণ্ডাৰ বেটাৰসকলেও দেখুৱায় ভাল প্ৰদৰ্শন।

অষ্ট্ৰেলিয়াৰ হৈ নাথান লায়ন আৰু পেট কামিন্সে ৪টাকৈ উইকেট দখল কৰে। জোছ হেজলউড আৰু স্কট ব’লেণ্ডে এটাকৈ উইকেট দখল কৰে।

এতিয়া ইংলেণ্ডৰ বলাৰসকলে অষ্ট্ৰেলিয়াক ২৮১ ৰাণত সীমাবদ্ধ ৰাখিব পাৰিবনে নাই সেইটো গুৰুত্বপূৰ্ণ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু