--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আৰম্ভ হৈছে চলিত এছেজ শৃংখলাৰ দ্বিতীয়খন টেষ্ট। লৰ্ডছত অনুষ্ঠিত হোৱা মেচখনৰ প্ৰথমদিনাই সংঘটিত হয় এটা বিশেষ দৃশ্য। খেলপথাৰত প্ৰৱেশ কৰে দুই প্ৰতিবাদকাৰী। তেওঁলোকৰ হাতত কমলাৰ গুড়ি আৰু তেলৰ দৰে কিবা এক পদাৰ্থ।

অইল প্ৰটেষ্টৰসকলে এই কাম কৰা বুলি অনুমান কৰা হৈছে। নিৰাপত্তাৰক্ষীয়ে আটক কৰে এজন ব্যক্তিক। জনী বেয়াৰষ্টোৱে আন এজন প্ৰতিবাদকাৰীক কোলাত ডাঙি খেলপথাৰৰ পৰা বাহিৰ কৰি দিলে। বেয়াৰষ্ট’ৰ কাপোৰত তেল লাগে। সেই চাৰ্ট সলনি কৰি পুনৰ খেলিবলৈ নামি আহিল ইংৰাজ উইকেটকীপাৰগৰাকী।

প্ৰথম অভাৰৰ পিছত এই ঘটনা সংঘটিত হয়। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টছত জয়লাভ কৰি বল কৰাৰ সিদ্ধান্ত লয়। জেমছ এণ্ডাৰছনে প্ৰথম অভাৰত বলিং কৰে। দ্বিতীয় অভাৰত বলিং কৰিবলৈ সাজু হৈছিল ষ্টুয়াৰ্ট ব্ৰডে। সেই সময়ত দুজন প্ৰতিবাদকাৰীয়ে খেলপথাৰত প্ৰৱেশ কৰিছিল।

উল্লেখ্য যে ইংলেণ্ডত কেইবাদিনো ধৰি চলি আছে তেল আন্দোলন। দ্য অ’ভেলত অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বেও আন্দোলনকাৰীসকলে ভাবুকি দিছিল। ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলত সেয়েহে সতৰ্কতামূলক ব্যৱস্থা হিচাপে দ্বিতীয়খন পিটচ সাজু কৰি ৰখা হৈছিল। আন্দোলনকাৰীয়ে খেলৰ সময়ত খেলপথাৰ আৰু খেলপথাৰ ক্ষতিগ্ৰস্ত কৰাৰ হুংকাৰ দিয়ে।

সেই কথা মনত ৰাখিয়েই অভালৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। আইচিচিৰ লক্ষ্য আছিল ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট বিশ্বকাপৰ ফাইনেলখন ন্যায্যভাৱে সমাপ্ত কৰা। এনে পৰিস্থিতিৰ সৃষ্টি হ’লে বিকল্প খেলপথাৰত খেলখন অনুষ্ঠিত হ’ব বুলি জনোৱা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক