--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আৰম্ভ হৈছে চলিত এছেজ শৃংখলাৰ দ্বিতীয়খন টেষ্ট। লৰ্ডছত অনুষ্ঠিত হোৱা মেচখনৰ প্ৰথমদিনাই সংঘটিত হয় এটা বিশেষ দৃশ্য। খেলপথাৰত প্ৰৱেশ কৰে দুই প্ৰতিবাদকাৰী। তেওঁলোকৰ হাতত কমলাৰ গুড়ি আৰু তেলৰ দৰে কিবা এক পদাৰ্থ।

অইল প্ৰটেষ্টৰসকলে এই কাম কৰা বুলি অনুমান কৰা হৈছে। নিৰাপত্তাৰক্ষীয়ে আটক কৰে এজন ব্যক্তিক। জনী বেয়াৰষ্টোৱে আন এজন প্ৰতিবাদকাৰীক কোলাত ডাঙি খেলপথাৰৰ পৰা বাহিৰ কৰি দিলে। বেয়াৰষ্ট’ৰ কাপোৰত তেল লাগে। সেই চাৰ্ট সলনি কৰি পুনৰ খেলিবলৈ নামি আহিল ইংৰাজ উইকেটকীপাৰগৰাকী।

প্ৰথম অভাৰৰ পিছত এই ঘটনা সংঘটিত হয়। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টছত জয়লাভ কৰি বল কৰাৰ সিদ্ধান্ত লয়। জেমছ এণ্ডাৰছনে প্ৰথম অভাৰত বলিং কৰে। দ্বিতীয় অভাৰত বলিং কৰিবলৈ সাজু হৈছিল ষ্টুয়াৰ্ট ব্ৰডে। সেই সময়ত দুজন প্ৰতিবাদকাৰীয়ে খেলপথাৰত প্ৰৱেশ কৰিছিল।

উল্লেখ্য যে ইংলেণ্ডত কেইবাদিনো ধৰি চলি আছে তেল আন্দোলন। দ্য অ’ভেলত অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বেও আন্দোলনকাৰীসকলে ভাবুকি দিছিল। ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলত সেয়েহে সতৰ্কতামূলক ব্যৱস্থা হিচাপে দ্বিতীয়খন পিটচ সাজু কৰি ৰখা হৈছিল। আন্দোলনকাৰীয়ে খেলৰ সময়ত খেলপথাৰ আৰু খেলপথাৰ ক্ষতিগ্ৰস্ত কৰাৰ হুংকাৰ দিয়ে।

সেই কথা মনত ৰাখিয়েই অভালৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। আইচিচিৰ লক্ষ্য আছিল ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট বিশ্বকাপৰ ফাইনেলখন ন্যায্যভাৱে সমাপ্ত কৰা। এনে পৰিস্থিতিৰ সৃষ্টি হ’লে বিকল্প খেলপথাৰত খেলখন অনুষ্ঠিত হ’ব বুলি জনোৱা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ