--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে এছেজ শৃংখলাৰ তৃতীয়খন টেষ্ট। হেডিংলিত অনুষ্ঠিত তৃতীয় টেষ্টৰ প্ৰথম দিনটোত ষ্টাম্পৰ ৰঙে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰতিটো ষ্টাম্পৰ তলৰ ফালে ৰামধেনুৰ ৰং থকা দেখা যায়। কিন্তু টেষ্টৰ দ্বিতীয় দিন অৰ্থাৎ শুকুৰবাৰৰ পৰা পুনৰ ষ্টাম্পৰ ৰং সলনি হ’ব। আগৰ দুখন টেষ্টত ষ্টাম্পৰ যি ৰং আছিল, সেই নীলা ৰঙকে দেখা যাব। কিন্তু প্ৰথমদিনা কিয় ষ্টাম্পৰ ৰং কিয় এনেকুৱা হৈছে? দ্বিতীয় দিনৰ পৰা কিয় সলনি হ’ব?

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে প্ৰতি বছৰে জুলাই মাহত ‘ৰেইনবো লেচ কেম্পেইন’ অনুষ্ঠিত কৰে। এই অভিযান LGBTQ+ সম্প্ৰদায়ৰ সমৰ্থনত কৰি আহিছে। সেই সময়ত সমগ্ৰ ইংলেণ্ডতে খেলা সকলো মেচতে ষ্টাম্পৰ তলৰ ফালে ৰামধেনুৰ ৰং থাকে। ইংলেণ্ডৰ ক্ৰিকেটাৰসকলক ৰামধেনু ৰঙৰ সূতা হাতত বান্ধি দিয়া হয়। অৱশ্যে কোনো ক্ৰিকেটাৰে ইচ্ছা কৰিলে নাবান্ধিবও পাৰে।

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে এক বিবৃতিত কয় যে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৬ জুলাইলৈ এই অভিযান চলি আছে। ৬ জুলাইৰ পৰা হেডিংলিত তৃতীয়খন টেষ্ট আৰম্ভ হৈছে। গতিকে টেষ্টৰ প্ৰথম দিনাই ষ্টাম্পবোৰ ৰামধেনু ৰঙৰ হয়। দ্বিতীয় দিন অৰ্থাৎ ৭ জুলাইৰ পৰা সেই ৰং আৰু নাথাকিব। বুধবাৰে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মহিলাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচতো ষ্টাম্পৰ ৰং একেই আছিল।


এই প্ৰসংগত ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে কয় যে সকলো ক্ৰিকেটাৰ তেওঁলোকৰ বাবে সমান- সেয়া ল’ৰা হওক, বা ছোৱালী হওক, বা এলজিবিটিকিউ+ সম্প্ৰদায়ৰ কোনোবাই হওক। এই অভিযানত ইংলেণ্ডৰ ক্ৰিকেটাৰসকলৰ সম্পূৰ্ণ সমৰ্থন তেওঁলোকৰ আছে বুলি ব’ৰ্ডে জনাইছে।

ইংৰাজ ক্ৰিকেটাৰ জো ৰুটে ক্ৰিকেট ব’ৰ্ডৰ এই পৰিকল্পনাক প্ৰশংসা কৰে। তেওঁ কয়- ''আমি দলীয় খেলত বিশ্বাস কৰোঁ। ইংলেণ্ডৰ সকলো খেলুৱৈ আমাৰ বাবে সমান। LGBTQ+ সম্প্ৰদায়ৰ খেলুৱৈসকলকো ক্ৰিকেটলৈ অহা দেখি আমি আনন্দিত হৈছো। আমাৰ সম্পূৰ্ণ সমৰ্থন আছে।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু