--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে এছেজ শৃংখলাৰ তৃতীয়খন টেষ্ট। হেডিংলিত অনুষ্ঠিত তৃতীয় টেষ্টৰ প্ৰথম দিনটোত ষ্টাম্পৰ ৰঙে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰতিটো ষ্টাম্পৰ তলৰ ফালে ৰামধেনুৰ ৰং থকা দেখা যায়। কিন্তু টেষ্টৰ দ্বিতীয় দিন অৰ্থাৎ শুকুৰবাৰৰ পৰা পুনৰ ষ্টাম্পৰ ৰং সলনি হ’ব। আগৰ দুখন টেষ্টত ষ্টাম্পৰ যি ৰং আছিল, সেই নীলা ৰঙকে দেখা যাব। কিন্তু প্ৰথমদিনা কিয় ষ্টাম্পৰ ৰং কিয় এনেকুৱা হৈছে? দ্বিতীয় দিনৰ পৰা কিয় সলনি হ’ব?

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে প্ৰতি বছৰে জুলাই মাহত ‘ৰেইনবো লেচ কেম্পেইন’ অনুষ্ঠিত কৰে। এই অভিযান LGBTQ+ সম্প্ৰদায়ৰ সমৰ্থনত কৰি আহিছে। সেই সময়ত সমগ্ৰ ইংলেণ্ডতে খেলা সকলো মেচতে ষ্টাম্পৰ তলৰ ফালে ৰামধেনুৰ ৰং থাকে। ইংলেণ্ডৰ ক্ৰিকেটাৰসকলক ৰামধেনু ৰঙৰ সূতা হাতত বান্ধি দিয়া হয়। অৱশ্যে কোনো ক্ৰিকেটাৰে ইচ্ছা কৰিলে নাবান্ধিবও পাৰে।

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে এক বিবৃতিত কয় যে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৬ জুলাইলৈ এই অভিযান চলি আছে। ৬ জুলাইৰ পৰা হেডিংলিত তৃতীয়খন টেষ্ট আৰম্ভ হৈছে। গতিকে টেষ্টৰ প্ৰথম দিনাই ষ্টাম্পবোৰ ৰামধেনু ৰঙৰ হয়। দ্বিতীয় দিন অৰ্থাৎ ৭ জুলাইৰ পৰা সেই ৰং আৰু নাথাকিব। বুধবাৰে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মহিলাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচতো ষ্টাম্পৰ ৰং একেই আছিল।


এই প্ৰসংগত ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে কয় যে সকলো ক্ৰিকেটাৰ তেওঁলোকৰ বাবে সমান- সেয়া ল’ৰা হওক, বা ছোৱালী হওক, বা এলজিবিটিকিউ+ সম্প্ৰদায়ৰ কোনোবাই হওক। এই অভিযানত ইংলেণ্ডৰ ক্ৰিকেটাৰসকলৰ সম্পূৰ্ণ সমৰ্থন তেওঁলোকৰ আছে বুলি ব’ৰ্ডে জনাইছে।

ইংৰাজ ক্ৰিকেটাৰ জো ৰুটে ক্ৰিকেট ব’ৰ্ডৰ এই পৰিকল্পনাক প্ৰশংসা কৰে। তেওঁ কয়- ''আমি দলীয় খেলত বিশ্বাস কৰোঁ। ইংলেণ্ডৰ সকলো খেলুৱৈ আমাৰ বাবে সমান। LGBTQ+ সম্প্ৰদায়ৰ খেলুৱৈসকলকো ক্ৰিকেটলৈ অহা দেখি আমি আনন্দিত হৈছো। আমাৰ সম্পূৰ্ণ সমৰ্থন আছে।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে